‘চেনেহ’লৈ একাঁজলি চেনেহেৰে…(- কৌশিক বৰা)
সূৰুযটোৱে ইতিমধ্যে ধৰাৰ পৰা বিদায় মাগিছেহে মাথোঁ, গুৱাহাটীৰ কাহিলীপাৰাৰ নৰকাসুৰ পাহাৰৰ এটি ঘৰ মুখৰিত হৈছে কেৱল সুমধুৰ হৰিনামেৰে। জীৱনৰ বিয়লিপৰত ভৰি দিয়া আঠগৰাকী মহিলাই একেলগে বহি তালে তালে হাতচাপৰি বজাই এটি সান্ধ্যপ্ৰাৰ্থনাৰে ভগৱানক মিনতি জনাইছে। সাধাৰণতে এনে দৃশ্যৰ প্ৰসংগত মনলৈ আহে নামঘৰৰ গোপিনী সবাহৰ নান্দনিক ছবিখন। কিন্তু হৰিনামেৰে গিজগিজাই থকা এইখনি ঘৰ কোনো নামঘৰ নহয় বা ঈশ্বৰ উপাসনাৰ কোনো নিৰ্দিষ্ট উপাসনাস্থলীও নহয়। এক সুকীয়া আনন্দত সকলো ডুব গৈ থকা এইখন এখন বৃদ্ধাবাসৰ ছবি, নাম যাৰ- “চেনেহ”। সচাঁই একমাত্ৰ স্ব-চক্ষুৰে নেদেখালৈকে যেন কেতিয়াও উপলব্ধি কৰিব নোৱাৰি ‘চেনেহ’ৰ অন্তৰ্ভাগৰ এনে সুখৰ টুকুৰা-টুকুৰ ছবিবোৰ।
‘চেনেহ’ৰ আৰঁৰ সেই মহান পুৰুষজন
মানুহজনৰ নাম অতুল চন্দ্ৰ বৰুৱা- পেছাত ইণ্ডিয়ান এয়াৰফৰ্চৰ এজন গ্ৰুপ কেপ্তেইন, কৰ্মস্থান- দিল্লী। অন্তৰখনি সদায় চেনেহেৰে উপচাই ৰখা এইজন মহান ব্যক্তিয়ে ২০১০ চনৰ ডিচেম্বৰত যথেষ্ট সংখ্যক টকা ব্যয় কৰি আৰম্ভ কৰিছিল এখনি ‘চেনেহ’শীৰ্ষক বৃদ্ধাবাস। মনত অদম্য আশা- পাৰে মানে চেনেহ হ’ব জীৱনৰ বিয়লিবেলাত বাট হেৰুওৱা প্ৰতিগৰাকী বৃদ্ধাৰ সাৰথি। বৰুৱাদেৱৰে চিনাকি প্ৰায় ১২জন বন্ধুবৰ্গৰ এটি ন্যাস গঠন কৰি তেওঁলোকৰ ওপৰতে নস্ত্য কৰিলে ‘চেনেহ’-ৰ দ্বায়িত্ব। এনেদৰেই ২০১১ চনৰ ১৮ জুনত প্ৰথমবাৰৰ বাবে ‘চেনেহ’-এ চকু মেলিলে। সময়ৰ সোঁতত এগৰাকীৰ পৰা দুগৰাকী, দুগৰাকীৰ পৰা চাৰিগৰাকীলৈ সদস্য সংখ্যা বৃদ্ধি হৈ এতিয়া ‘চেনেহ’ জিলিকে দহগৰাকী বৃদ্ধাৰ জীৱন পৰিক্ৰমাৰ দস্তাবেজেৰে। কৰ্মস্থানৰ পৰা সময়ে সময়ে তেওঁৰ সপোন ‘চেনেহ’-ক চাবলৈ আহে আৰু পৰিচালনা সমিতিৰ হাতত তুলি দি যায় পৰ্যাপ্ত পৰিমাণৰ ধনৰাশি। এনেদৰেই জিলিকি আছে এখন মহান অন্তৰৰ অধিকাৰী এজন মহান পুৰুষৰ সপোনৰ ভেটিত গঢ় লৈ উঠা ‘চেনেহ’।
‘চেনেহ’ৰ সেই সন্ধিয়াটো
কিছুদিনৰ আগেয়েই এটি শুভসন্ধিয়া প্ৰবেশ কৰাৰ সৌভাগ্য হৈছিল ‘চেনেহ’ৰ সেই ঘৰটিত। সান্ধ্য প্ৰাৰ্থনাটি কাণত পৰাৰ লগে লগেই মন ভৰি পৰিছিল। বৃদ্ধাবাসটোৰ পৰিচালক শিৱসাগৰৰ যুৱক দীপক হাজৰিকাৰ লগত কথা পাতি জ্ঞাত হৈছিলোঁ ‘চেনেহ’ৰ প্ৰতিষ্ঠাকালৰ আঁৰৰ নানান কথা। আমি কথা পাতি থাকোতেই প্ৰাৰ্থনাৰ পৰা আজৰি হৈ লাহে লাহে এগৰাকী-দুগৰাকীকৈ সকলো আইতা আহি আমাৰ ওচৰত থিয় হৈছিলহি। কোনোবাই আহি পকা মজিয়াখনতে লেপেট খাই বহিছিল, কোনোবাই দুৱাৰদলিতে থিয় হৈ আমাৰ বাৰ্তালাপলৈ কাণ দিছিল। মুঠ ১০গৰাকী বৃদ্ধা বৃদ্ধাবাসটোত থাকে যদিও দুগৰাকী বৰ্তমান মানসিক চিকিৎসাৰ বাবে চিকিৎসালয়ত আছে। চিকিৎসাৰ সম্পূৰ্ণ খৰছ বহন কৰিছে বৃদ্ধাবাসটোৱে। এনেদৰে জীৱনৰ বিয়লিপৰত ভৰি দিয়া প্ৰতিগৰাকী বৃদ্ধাৰ খাদ্য আৰু বিশেষ চিকিত্সাৰ নামত ‘চেনেহ’-এ প্ৰতিমাহে খৰছ কৰি আহিছে প্ৰায় ৩০-৩৫ হাজাৰ টকা। কেৱল তাত থকা বৃদ্ধাসকলকে নহয়, প্ৰতি দেওবাৰে ওচৰৰ দুখীয়া লোকক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰো ব্যৱস্থা কৰি আহিছে বৃদ্ধাবাসটোৱে। এই সকলোবোৰ কথা আমাক মুকলিকৈ খুলি কৈছিল পৰিচালক হাজৰিকাই। ‘চেনেহ’ৰ তৰফৰ পৰা হোৱা সকলো চিকিৎসাত সদায়ে তৎপৰ হৈ থকা দম্পতীযুগল৷ ড০ বিকাশ শইকীয়া আৰু ড০ কল্পনা শইকীয়াই তেওঁলোকৰ চিকিৎসাৰ বাবদ চেনেহ কৰ্তৃপক্ষৰ পৰা এটকাও গ্ৰহণ নকৰে বুলি জানি নেদেখাকৈয়ে তেওঁলোকলৈ অন্তৰৰ পৰা বৈ আহিছিল একাঁজলি শ্ৰদ্ধা।
চেনেহ-ত বাস কৰা কোনো বৃদ্ধাসকলৰ বিভিন্ন শাৰীৰিক চিকিৎসাৰ লগতে সময়সাপেক্ষে প্ৰয়োজন হয় যথেষ্ট পৰিমাণৰ মানসিক চিকিৎসাৰাজিৰ। তেনে পৰিপ্ৰেক্ষিতত ‘আশাদ্বীপ’, ‘নৱচেতনা’ আদি কেতবোৰ সংস্থাসমূহৰ হাতত তেওঁলোকৰ দ্বায়িত্ব অৰ্পণ কৰা হয়। বেচৰকাৰী এই সংস্থাসমূহেও সাধ্যানুযায়ী যথেষ্ট কম খৰছত দীৰ্ঘকালৰ পৰা তেনে চিকিৎসাৰ প্ৰদান কৰি আহিছে। ‘চেনেহ’ত বাস কৰা প্ৰতিগৰাকী বৃদ্ধাৰ যাতে জীৱনযাত্ৰাত সহায় হওক, তাৰ বাবে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান, যেনে- লায়ন্স ক্লাৱ, এছ.বি,আই লেডিজ ক্লাৱ আদিয়ে ‘চেনেহ’লৈ ফ্ৰীজ, ইনভাৰটাৰ আদি সামগ্ৰী দানেৰে সহায় আগবঢ়াইছে।
একাজঁলি চেনেহেৰে…
চেনেহ-ৰ দুই-চাৰিগৰাকীমান আইতাৰ লগত আমাৰ কথা পতাৰ সৌভাগ্য হৈছিল। আইতাহঁতে কৈ গৈছিল পাৰ কৰি অহা দুখৰ জীৱনটোৰ নানান তিতা কথা। মনে মনে চকুলোৰে লোটক নিগৰাই মাথো নিৰৱ দৰ্শক হৈ শুনি গৈছিলোঁ। দুখৰ সেই জীৱনটোৰ পৰা আঁতৰি আহি সাম্প্ৰতিক ‘চেনেহ’-ৰ ধুনীয়া দিনবোৰৰ দোহাই দি মাথো অলপ সান্ত্বনা দিয়াৰ বাহিৰে আমাৰ হাতত কৰিবলগীয়া বিশেষ একো নাছিল। দুটোপাল মান চকুলো টুকি আইতাহঁতেও আমাক হয়ভৰ দিছিল।
পৰিচালক হাজৰিকা-ক সুধিছিলো ভৱিষ্যৎ পৰিকল্পনাবোৰৰ কথা। এতিয়া থকা চাৰিটা কোঠাৰ সলনি অলপ আহল-বহলকৈ ঘৰখনিৰ একাংশ পুনৰ নিৰ্মাণৰ কথা ক’লে। ইতিমধ্যে আইতাসকলে সময়ত কাপোৰ ব’ব পৰাকৈ তেওলোকে প্ৰায় নিৰ্মাণ কৰি উলিয়াইছে তাঁতৰ শাল। তাৰ উপৰি আগফালৰ খালী থকা অংশত ওচৰৰ শিশুবোৰে খেলিব পৰাকৈ এখনি সৰু শিশু উদ্যান নিৰ্মাণৰ আঁচনিৰ কথাও অৱগত কৰিলে। দিনটোত বিশেষ কোনো কাম নথকা আইতাহঁতৰ লগতে উমলিব উদ্যানখনত খেলিবলৈ অহা এচাম শিশুৱে। আধুনিকতাৰ চাকনৈয়াত হেৰাই যোৱা আজিৰ শিশুৰ পৰিৱৰ্তে গুৱাহাটী মহানগৰীতে বাৰু গঢ় লৈ উঠিব নেকি এচাম দেৱশিশু যি সাক্ষী হ’ব অতীতৰ নাতি-আইতাৰ সু-সম্পৰ্কৰ ছবিখনৰ- কথাবোৰ ভাবি চেনেহ-ৰ এটি সুন্দৰ ভৱিষ্যতৰ আশাত মন-প্ৰাণ ভৰিছিল।
নিঃসন্দেহে আজিৰ তাৰিখত ‘চেনেহ’ ধন্যবাদৰ পাত্ৰ। আনক সহায় কৰাৰ দৰে আত্মতৃপ্তিৰে ভৰা জীৱনৰ হেঙুলীয়া ৰংবোৰ ভাল পোৱা এজন মহান পুৰুষৰ আৰ্থিক আৰু মানসিক অৱদানৰ ভেটিত জীৱনক ভাল পোৱা আন এদল মানুহৰ একান্ত সহযোগত আজি এজাক জিলমিল হাঁহিৰে ভৰি উঠিছে ‘চেনেহ’। আহক, চেনেহলৈ আমাৰো বুকুৰ সঁচা চেনেহ যাচো। আজিৰ তাৰিখত চেনেহ কোনোপ্ৰকাৰেই আৰ্থিকভাৱে দুৰ্বল নহয়। এনে পৰিপ্ৰেক্ষিতত ‘চেনেহ’-এ আজিলৈকে কোনো চৰকাৰী সাহায্যৰ কথা ভবা নাই। কিন্তু আপোনাৰ অঞ্চলত যদি শাৰীৰিক বা মানসিকভাৱে অসহায় কোনো বৃদ্ধা আপোনাৰ চকুত পৰে, ততালিকে আপুনি খবৰ জনাওক ‘চেনেহ’-ত। এই ক্ষেত্ৰত আপোনাক সহাঁৰি জনাবলৈ ‘চেনেহ’ সদা সাজু। সেয়াই হৈ পৰিব চেনেহলৈ আপোনাৰ অন্তৰৰ চেনেহ। মহান পদক্ষেপবোৰৰ আৰঁত লুকাই থকা মহানুভৱ বোৰ কেতিয়াও ক্লান্ত নহওক, চিৰসেউজ হৈ ৰওক ‘চেনেহ’- আমাৰ তৰফৰ পৰা ‘চেনেহ’লৈ মাথো একাঁজলি চেনেহভৰা শুভেচ্ছা..।
oti hundor.