চোতাল (মুকুল পাঠক)
সেই একেখন চোতাল
ঢাৰি পাতি সাধু শুনা
মূৰীয়া পাতি মৰণা মৰা
কোৰোণাৰে ধান চপোৱা
খেৰৰ দম
ধৰা গুডু বৌ গুডু
আৰু কিমান কামৰ অলেখ আধাৰ
তাতে শুৱাই থৈছিল আইতাক
তাতে এদিন শুৱাই থৈছিল পিতাইক
মই নাজানোঁ
সেই চোতালত শুবলৈ পাম নে নাই
সেই একেখন চোতাল
নদীৰ দৰে সময়ৰ নিৰব সাক্ষী….