চোভিয়েট দেশ’ৰ বকলা লগোৱা ছোৱালীজনী (দীপুল হালৈ)

চোভিয়েট দেশ’ৰ বকলা লগোৱা ছোৱালীজনী

ক্লাছৰ বহুতো ছোৱালীৰ মাজত তাই
তাই বামুণৰ ছোৱালী
মই শূদিৰৰ ল’ৰা
তথাপিও ভাল লাগে তাইক মোৰ
ভাল লগাইতো নাজানে তাই বামুণ নে শূদিৰ।

বেণী গুঁঠা তাইৰ ফিৰফিৰিয়া চুলি
নীলা পাৰিৰ ইউনিফৰ্মৰ চাদৰ
সাতজনী ছোৱালীৰ মাজৰ তাই
তাই নাজানে মোৰ যে তাইলৈ ঘনে ঘনে চকু।

চেভেনৰ শ্ৰুতলিপিৰ মোৰ বহীখন এদিন তাই চাইছিল ,
এটা বানান ভুল : মোৰ লাজ লাগিছিল
তাইৰ বহী কিতাপত চোভিয়েট দেশ’ৰ বকলা
তাইৰ আছে চিনাকী সুৱাস : তেলৰ নে পাউদাৰৰ বা!

তাই নাহিলেও মনলৈ আহে
কিয়বা অহা নাই
লাই পাই পাই
নেদেখা ঘৰখনলৈ
মনটোৱে বগুৱা বাই

মোৰ লাজ লাগিছিল তাই মোক
যিদিনা ক্লাছৰ কেপ্তেইন পাতিছিল
কিয় বাৰু ইমান ল’ৰাৰ মাজত মই
মাতোঁ বুলিও নামাতিলোঁ কেতিয়াও
এতিয়াও হেনো কয় : বৰ ভাল ল’ৰা আছিলো হেনো মই।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!