চয়তানৰ স্বীকাৰোক্তি -জোনমণি দাস

 

ৰাতিৰ অন্ধ প্ৰেমিক এন্ধাৰক
আজি মই কৰঙাৰ কৰঙীয়া কটাৰীৰে
ৰেপিমেই ৰেপিম

মায়া-মঞ্চৰ পটকাপোৰ মোকলাই
আজি মই মাতিমেই মাতিম
জ্বলি জিলিকি থকা
নীলাচলৰ নিৰ্যাতিত নক্ষত্ৰক

নিচা খাই বাউল হোৱা বতাহে যদি
শিলত মূৰ আফালিয়াই মৰে
যদি পাতৰ আঁৰত লুকাই
নিবিনাই কৰুণ কেতেকীয়ে
আজি মই এন্ধাৰৰএঙেৰুৱা তেজেৰে
পখালিমেই পখালিম
ৰাতিৰ ছায়াহীন কায়া

এন্ধাৰক ৰেপি ৰেপি
আজি মই নগৰত জগৰ লগাম
চুক্তিপত্ৰ চিৰাচিৰ কৰি
ৰাতিক দিম মুক্তি

নীলাচলৰ নক্ষত্ৰক সাক্ষী থৈ
ৰাতিৰ ওচৰত ৰাখিম মোৰ
অব্যৰ্থ অংগীকাৰ
যে মই বধিমেই বধিম
বুদ্ধৰূপী বাঘ…

(টোকাঃ কৰঙা–উজনি অসমৰ যোৰহাটৰ এখন ভিতৰুৱা ঠাই। কটাৰীৰ বাবে এই ঠাই বিখ্যাত। কৰঙাৰ কটাৰীক কৰঙীয়া কটাৰী বুলি কোৱা হয়।)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!