কবিতা চৰাইঘাট -(বিতোপন দাস) March 15, 2012 0 Comments বিতোপন দাস চৰাইঘাট গল্প-গুজৱ কৰি আৰু একো লাভ নাই তাতকৈ আহা শৰাইঘাটতে ৰৈ থাকো চৰাই দুটি হৈ থপিয়াই নাখাওঁ আমি ৰূপোৱালী মাছ চেলেকি চাম বাৰু পানীৰ সোৱাদ মানুহে ক’ব শৰাই নহয় এয়া চৰাইৰহে ঘাট শৰাইঘাট। ওহোঁ! চৰাইঘাট।