ছাঁ এটাৰ অবিহনে (- মালবিকা বৰা)

ছাঁ এটাৰ অবিহনে
– মালবিকা বৰা৷
shadow
দীঘল বাটটিত সৰু সৰু খোজবোৰ
তেতিয়া আজিৰ দৰে সহজ নাছিল
অকলশৰে আগুৱাই গৈছিলোঁ ঠিকেই
বুকুখন পিছে দুৰু দুৰু কঁপিছিল
যেন কোনো অন্তহীন যাত্ৰাৰ
সেয়া আছিল মোৰ প্ৰথম পৰিচয়
কল্পনাৰ ৰঙীন পথছোৱা
ক’ত বিচাৰি ফুৰিছিলোঁ নীৰৱে
শিলৰ টুকুৰাৰে তেজ বিৰিঙোতে
নিজকে বুজনি দিছিলোঁ
এয়াইতো কঠিন পৰীক্ষা জীৱনৰ
সাজু হোৱা আৰু আগবাঢ়ি যোৱা
শুনিছিলা নেকি মোৰ গোপন আৱাহন
আঙুলিত ধৰিবলে তাত কোনো নাছিল
দূপৰৰ বেলিটো মূৰতে লৈ
সৰু সৰু খোজবোৰ এতিয়া অলপ সৰল
কিছু অভ্যাস কিছু অসহায় ব্যৰথতা
বুকুখন কঁপিলে লগত ছাঁ এটা লাগে
মোৰ ছাঁটো নাই এই ভৰ দুপৰীয়া
হয়তো আবেলি লগ পাম
নে অন্য দিশেৰে যাম
ৰ’দে দহি নিয়া মাটিৰ দেহাত
আৰুনো সংগ্ৰামৰ কিমান শকতি বাকী
ৰৈ দিলে আজি বাটেই হেৰুৱাম

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!