ছাঁ (ৰক্তিম শৰ্মা)
হেলোজেনৰ ফ্লুৰোচেণ্ট পোহৰতো
ঋতুবোৰে ৰৈ থাকে অপেক্ষাত
দোভাগ ৰাতি
ছাঁটোৱে খেদি ফুৰে মানুহ।
গামোছাৰ ভৰত উকমুকাই
ভূপেনদা সমাধিৰ পৰা উঠি আহিল
দীঘলীপুখুৰীৰ নিৰ্জন পাৰত ওৰেটো নিশা
এজাক ভূতৰ সৈতে ছাঁটোৰ বিলাপ।
পথাৰলৈ যোৱা বাটটো
আন্ধাৰত হেৰাই থাকে
ছাঁটোৱে এমুঠি জোনাক লৈ আহে আশাৰ
হেলোজেনৰ পোহৰত মানুহবোৰ মাতাল।
বুকুত পিষ্টলটো থৈ
ছাঁটো মৰি থাকে আক্ষেপৰ ৰাতি
বুকুত সপোনৰ ছবি আঁকিবলৈ
মানুহবোৰ নাই।
***********************