ছাকিৰা আহিব বকুল তললৈ – বিনয় কৃষ্ণ তামুলী
ছাকিৰা,
তই বকুল তললৈ আহিবি
বিয়পি পৰিছিল খবৰ
বনজুইৰ দৰে
ইখন-সিখন সাতোখন গাঁও৷
তই আহিবি বুলি
আয়ে ভাজিছিল
বৰাধানৰ হুৰুম
জেতুকা বুলাইছিল
গাঁৱৰ গাভৰুজাকে
তোৰ স’তে এপাক কঁকাল ভাঙি নচাৰ হেঁপাহত৷
ধোঁৱা চাঙত তুলি থোৱা ঢোলৰ খোলাটো
দি আহিছিল মুচিয়াৰক
ৰংমন ককাইদেৱে ন-চাওনি চোৱাবলৈ
ওজা ঢোলৰ৷
বতাহে বতাহে বিয়পিছিল খবৰ
ছাকিৰা আহিব
ছাকিৰা আহিব
বকুল তলৰ বিহুলৈ৷
গাঁৱৰ ডেকাজুমে
চিকুনাই বকুলৰ তল
পাৰিছিল দলিচা
তোৰ বাবে৷
ছাকিৰা
বকুল তলতচোন কোনোবা
বহিৰাগতই তৰিছে তম্বু
দেখুৱাবলৈ –
অৰ্থ গৰ্বৰ যাদু খেলা৷
ক’লৈ আহিবি ছাকিৰা?
ক’ত নাচিবি বিহু কঁকাল ঘূৰাই??
সেই বুলিয়ে তই ককাইদেউক
কিয় লগাই দিলি সিহঁতৰ কথা
তেওঁ যে বৰ খঙাল
স্বাধীনতাৰ সূৰ্য বিচাৰি যোৱা
ককাইদেউজনৰ যদি খং উঠে
আৰু জ্বলাই দিয়ে বকুল তলৰ
বহিৰাগতৰ তামিঘৰা
লেৰেলি নাযাবনে তাৰ তাপত
আমাৰ হেঁপাহৰ বকুল৷
ছাকিৰা
তইতো দেখা নাই লক্ষীপথাৰৰ আৰ্তনাদ
পোৱা নাই চৰাইপুঙৰ বাতৰি
তোৰ ককাইদেউক বিচাৰি যদি আকৌ আহে সিহঁত
সাৰ পাই চিঞৰিব এবাৰ
ভনীমাইৰ আত্মাই আকৌ
ছাকিৰা অ’
নেলাগে মাতিব তোৰ সূৰ্য সন্ধানী
ককাইদেউক
তই আমাৰ বুকুত আছ
আৰু তোৰ লগত আছে
জেতুকাবুলীয়া বুকুৰ উচাহ৷
ছাকিৰা
নাশিৱ লাগিব দুষ্কৃতি
সুন্দৰৰ মন্ত্ৰ আওৰাই
নেলাগে দে থক
খঙাল ককাইদেউক মাতিব
তই আছচোন আমাৰ হিয়াই হিয়াই।
————————————