ছাত্ৰ-ছাত্ৰীৰ বাবে জীৱন কৌশলৰ শিক্ষাৰ প্ৰয়োজনীয়তা- সুকুমাৰ পায়েং
জীৱন এক সংগ্ৰাম আৰু এই সংগ্ৰামৰ সৈতে সহবাস কৰিবলৈ আমাক যিবোৰ কৌশলৰ প্ৰয়োজন হয়, ইয়াৰ সমষ্টিয়েই হৈছে জীৱন কৌশল৷ WHO য়ে জীৱন কৌশলৰ সংজ্ঞা এনেকৈ দিছে, “the abilities for adaptive and positive behaviour that enable individuals to deal effectively with the demands and challenges of everyday life” এই সংজ্ঞাৰ পৰা এই কথাটো বুজা টান নহয় যে জীৱন কৌশলে আমাক জীৱনৰ বিভিন্ন পৰিস্থিতিত সুস্থভাবে সহবাস কৰিব পৰাকৈ মজবুত কৰি তোলে৷ গতিকে, কৈশোৰ কালতে জীৱন কৌশলৰ বিভিন্ন উপাদানসমূহৰ বিকাশ কৰাৰ চেষ্টা কৰি উপযুক্ত পৰামৰ্শ আৰু নিৰ্দেশনাৰে এটা আকাংক্ষিত জীৱনৰ বাট প্ৰদান কৰাটো এটা শিক্ষা ব্যৱস্থাৰে অন্তৰ্ভুক্ত হোৱাটো অতি প্ৰয়োজনীয়৷ জীৱন কৌশলে যে অকল মনোবৈজ্ঞানিক দিশৰ প্ৰসাৰতাত সহায় কৰে এনে নহয়, ই সহযোগিতা, কৃতজ্ঞতা আদি আন্তঃব্যক্তিক সমন্ধৰ বিকাশৰ বাবে প্ৰয়োজনীয় সামাজিক কৌশলসমূহৰো বিকাশ সাধন কৰে৷ বিশেষকৈ, বয়ঃসন্ধি বা কৈশোৰ কালত ছাত্ৰ-ছাত্ৰীৰ মাজত যি দ্ৰুত শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন হৈ এই সময়ছোৱাক এক জটিল সন্ধিক্ষণ ৰূপে প্ৰতিষ্ঠা কৰে, এনে বিপদৰ পৰা জীৱন কৌশলৰ উপযুক্ত শিক্ষাইহে ৰক্ষা কৰিব পাৰে৷ গতিকে, ইয়াৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি শিক্ষা ব্যৱস্থাৰ এটা প্ৰয়োজনীয় অংশ হিচাপে ইয়াক ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা উচিত৷ WHO ই দহটা প্ৰধান জীৱন কৌশলৰ বিষয়ে উল্লেখ কৰিছে আৰু এই দহটা জীৱন কৌশলৰ বিষয়ে এক চমু অৱলোকন তলত দাঙি ধৰিবলৈ চেষ্টা কৰা হ’ল
—-
■ Self-Awareness( আত্ম-সচেতনা): নিজৰ সবলতা-দুৰ্বলতা, ভাল লগা-বেয়া লগা আদিৰ প্ৰতি থকা নিজৰ চেতনাভাব৷ অৰ্থাৎ “মই“ নামৰ সত্তাটোৰ সৈতে বাস্তৱিক সম্পৰ্ক স্থাপন৷ যি নিজক বুজি পায়, তেনে ছাত্ৰ-ছাত্ৰীৰ সফলতা নিশ্চিত৷
■ Empathy(সহানুভূতি)ঃ এটা সুস্থ সম্পৰ্ক গঢ়িবৰ বাবে সমাজৰ অন্য ব্যক্তিৰ ইচ্ছা-অনিচ্ছা, অনুভৱ আদিক বুজাটো অতি প্ৰয়োজনীয় আৰু এই কৌশলৰ বিকাশ অবিহনে এজন ব্যক্তি স্বাৰ্থপৰ, অহংকাৰী হৈ উঠিব পাৰে৷ এই কৌশলৰ বিকাশে সমাজৰ এজন ব্যক্তি হিচাপে নিজৰ দায়িত্ব বুজাত সহায় কৰাৰ লগতে বিভিন্ন মতবাদ তথা বিশেষভাবে সক্ষম ব্যক্তিৰ সৈতে সহবাস কৰিবলৈ অনুপ্ৰাণিত কৰে৷ পিছে মনত ৰাখিব বিশেষভাবে সক্ষম ব্যক্তিসকলক আপোনাৰ সহানুভূতি কাম্য, দয়া নহয়৷
■ Critical Thinking (জটিল চিন্তা): জীৱনৰ বিভিন্ন চাপৰ পৰা পৰিত্ৰাণ পোৱাত এই কৌশলে সহায় কৰে৷ জীৱনৰ জটিল সন্ধিক্ষণত এই কৌশলৰ উপযুক্ত বিকাশে চিন্তা কৰাৰ সক্ষমতা আমাক প্ৰদান কৰে৷
■ Creative Thinking (সৃজনীশীল চিন্তা): জীৱনৰ বিভিন্ন পৰিঘটনাৰ পৰা এই চিন্তাই এজন ব্যক্তিক উদ্ধাৰ কৰিব পাৰে৷ কৈশোৰ কালতে এই কৌশলৰ বিকাশৰ বাবে চেষ্টা কৰিলে তেওঁলোক মৌলিক চিন্তাৰ অধিকাৰী হৈ যিকোনো সমস্যাৰ লগত মিতিৰালি কৰি নতুন নতুন চিন্তাৰ উদ্ৰেক ঘটাব৷
■ Decision Making (সিদ্ধান্তকৰণ): আমাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নিজে যিকোনো সিদ্ধান্ত লোৱাৰ আত্মবিশ্বাসৰ অভাৱ দেখা যায়৷ আৰু বহুতে এটা ভুল সিদ্ধান্ত গ্ৰহণ কৰি জীৱনটোক তিক্ততাৰে পৰিপূৰ্ণ কৰি তোলে৷ কেনেকৈ আৰু কোনবোৰ কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এটা সুস্থ মূল্যায়ঙ্কণ কৰি এটা উচিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি ইয়াৰ শিক্ষা প্ৰদানে বহুতো সমস্যাক জীৱনৰ পৰা আঁতৰত ৰাখিব৷
■ Interpersonal Relationship(আন্তঃব্যক্তিক সমন্ধ): এই কৌশলে এজন ছাত্ৰ-ছাত্ৰীক কেনেকৈ যোগাত্মকভাবে সমাজৰ অন্য ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন ৰক্ষা কৰিব পাৰি তাৰ জ্ঞান প্ৰদান কৰাৰ লগতে এটা সুস্থ মানসিকতাৰ জন্ম দি সম্পৰ্কবোৰ সজীৱ কৰি ৰাখে৷ বৰ্তমানৰ ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাই যি গতিত প্ৰসাৰিত হৈছে তেন্তে প্ৰেক্ষাপটত ইয়াৰ গুৰুত্ত্বতা কিমান আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ৷
■ Effective Communication (দক্ষতাপূৰ্ণ যোগাযোগ)ঃ ছাত্ৰ বা ছাত্ৰী এজনে নিজৰ মনৰ কথাবোৰ দক্ষতাপূৰ্ণভাৱে প্ৰকাশ কৰিব পৰাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে তেওঁৰ প্ৰকাশভংগীয়ে আমাৰ কৃষ্টি-সংস্কৃতিৰ ওপৰত কু-প্ৰভাৱ পেলাব নোৱাৰে৷ অৰ্থাৎ ক’বলৈ গ’লে নিজৰ মত-আদৰ্শ, ইচ্ছা-অনিচ্ছা, ভয়-ভালপোৱা আদি যাতে এজন শিক্ষাৰ্থীয়ে সুস্থভাবে প্ৰকাশ কৰিব পাৰে তাৰ বাবে এই কৌশলৰ বিকাশ লাভ কৰাটো অতি প্ৰয়োজনীয়৷
■ Coping with Emotions (আৱেগ নিয়ন্ত্ৰণ)ঃ অসমীয়া মানুহৰ হেনো আবেগ বেছি৷ কথাটো নোহোৱাও নহয়৷ পিছে কৈশোৰ কালত নিজকে প্ৰাপ্তবয়স্ক হিচাপে প্ৰতিষ্ঠা কৰাৰ তীব্ৰ ইচ্ছাশক্তিৰ বাবে আবেগবোৰে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে৷ গতিকে, খং, ইৰ্ষা, লাজ, মৰম-ভালপোৱা আদি আবেগসমূহৰ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ ব্যৱস্থা এই বয়সতেই কৰিব লাগে৷ অকল নিজৰ আবেগৰ ওপৰত গুৰুত্ব প্ৰদান নকৰি আনৰ ভাল লগা বেয়া লগা আদি আবেগসমূহৰ মান্যতা প্ৰদান কৰা যে উচিত ইয়াৰ শিক্ষা প্ৰদানে সেইবোৰৰ ঋণাত্মক প্ৰভাৱৰ পৰা ছাত্ৰ-ছাত্ৰীক দূৰত ৰাখিব পৰা যাব৷
■ Coping with Stress ( দুশ্চিন্তা নিয়ন্ত্ৰণ)ঃ এজন ছাত্ৰই পৰীক্ষাত ভবামতে নাম্বাৰ নাপাই আত্মহত্যা কৰাৰ উদাহৰণেৰে আমাৰ সমাজ ভৰি আছে৷ গতিকে, এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে জীৱনত অহা বিভিন্ন দুৰ্যোগসমূহৰ সৈতে কেনেকৈ মোকাবিলা কৰিব পাৰি তাৰ জ্ঞান কৈশোৰ কালতে প্ৰদান কৰিব লাগে৷ এই কৌশলৰ বিকাশ সাধনে দুশ্চিন্তা উদয় হোৱাৰ উৎসবোৰ চিনাক্ত কৰি নিজৰ জীৱন শৈলীৰ প্ৰয়োজনীয় সংশোধনৰ ব্যৱস্থা কৰিব পাৰে৷
■ Problem Solving(সমস্যা সমাধান)ঃ সমস্যাবিহীন জীৱন এক কল্পনা মাথোন আৰু এনে জীৱনৰ অৰ্থও মূল্যহীন৷ কিন্তু সমস্যাৰ অত্যধিকতাৰ প্ৰভাৱৰ পৰা মুক্ত ৰাখিবলৈ হ’লে সমস্যাসমূহৰ সমাধানৰ প্ৰয়োজনীয়তা আছে৷ যিমানেই সমাধানবিহীন সমস্যাৰ প্ৰভাৱত এজন ছাত্ৰ বা ছাত্ৰী আক্ৰান্ত হ’ব, ইমানেই তেওঁলোকৰ ওপৰত মানসিক চাপ তীব্ৰতৰ হৈ পৰিব আৰু কোনো এটা কামতেই মনোযোগ প্ৰদান কৰা সম্ভৱ নহ’ব৷ গতিকে, সমস্যাৰ সমাধানৰ বাবে কেনেধৰণৰ গঠনাত্মক চিন্তাধাৰাৰ বিকাশ সাধন কৰিব পাৰি সেয়া ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰা উচিত৷
বৰ্তমানে দেখা গৈছে যে সকলো মানুহেই অকল জীৱিকাৰ কৌশলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এনেধৰণৰ মানসিক আৰু শাৰীৰিক সুস্থতা প্ৰদান কৰিব পৰা জীৱন কৌশলৰ বিকাশৰ ওপৰত বৰ এটা গুৰুত্ব প্ৰদান নকৰে আৰু ইয়াৰ ফলস্বৰূপে সমাজত মানসিক ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ উপৰিও নিজৰ বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰাৰ উদাহৰণেৰে আমাৰ সমাজ ভৰি পৰিছে৷ গতিকে, সকলো বিদ্যালয়ে মাজে মাজে ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি এই কৌশলসমূহৰ বিকাশ সাধনৰ চেষ্টা কৰাটো অতি প্ৰয়োজনীয় আৰু ইয়াৰ বাবে এই দিশত জ্ঞান থকা ব্যক্তিৰ সৈতে যোগাযোগ কৰি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে৷ লগতে এই কথা ইয়াতেই জনাই থোৱা ভাল হ’ব যে এনেধৰণৰ কৌশলসমূহৰ শিক্ষা প্ৰদান ব্যৱস্থা পৰম্পৰাগত শিক্ষণ-শিকন পদ্ধতিৰে অসম্ভৱ৷ ইয়াৰ বাবে আকৰ্ষণীয় খেল তথা নাট্যাভিনয়ৰ সহায় লোৱা অতি প্ৰয়োজনীয়৷ দুবছৰ মান আগতে জীৱন কৌশলৰ গুৰুত্বতা উপলব্ধি কৰি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে লখিমপুৰৰ লগতে আন জিলাসমূহৰো প্ৰতিখন বিদ্যালয়ৰ পৰা এজনকৈ শিক্ষকক প্ৰয়োজনীয় শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছিল৷ কিন্তু ব্যক্তিগত লাভা-লাভৰ অংক তথা এই কৌশলৰ গুৰুত্বতা উপলব্ধি কৰিব নোৱাৰাৰ বাবেই প্ৰায়বোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েই এনে জ্ঞানৰ অবিহনেই বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰিব লগা হৈছে৷ ই আমাৰ বাবে অতি দুৰ্ভাগ্যজনক৷ আশা ৰাখিছোঁ, অকল টকা-পইচাৰ হিচাপত শিক্ষক সমাজে নিজক আবদ্ধ নাৰাখি ছাত্ৰ-ছাত্ৰীৰ মানসিক-শাৰীৰিক তথা বৌদ্ধিক আদি সকলো দিশৰ সৰ্বাংগীণ উন্নতি সাধনৰ চেষ্টা অব্যাহত ৰাখি শিক্ষকৰ হেৰুৱা পদমৰ্য্যদা আকৌ উদ্ধাৰ কৰিব৷ ■ ■