ছানি লিঅ’ন মূৰ্দাবাদ-(দিগন্ত কুমাৰ ভট্টাচাৰ্য)
ৰাতিপুৱাই বৰুৱাৰ মোবাইলটো বাজি উঠিল। সেইফালৰপৰা ছাত্ৰ পৰিষদৰ এজনে মাত লগালে।
‘হেল্লো ছাৰ, আজি আপুনি ফ্ৰি আছে নে?’
‘কিয় হে? আমি বুদ্ধিজীৱিসকল কেতিয়ানো ফ্ৰি থাকোঁ? দুপৰীয়া নলবাৰীলৈ যাব লাগে। মিটিং এখন আছে…’
‘নহয় ছাৰ, মানে মেটাৰটো অলপ ইম্প’ৰ্টেন্ট। দুটামান চিনেমা হললৈ যাব লাগিছিল। ধৰ্ণা আছে। আপুনি মানে ভালকৈ লেকচাৰ এটা দিব লাগিছিল। আমাৰ আকৌ এই ভাষণ-চাষণ দিয়া অভ্যাসটো নাই নহয়। মিডিয়া আহিব। লাইভো দেখুৱাব পাৰে ধৰ্ণাটো জোৰদাৰ হ’লে….’।
‘মিডিয়া আহিব? অ’কে.. .পিছে কিহৰ ওপৰত লেকচাৰ দিব লাগিব? তাতে আকৌ চিনেমা হললৈ গৈ!?’
‘ছানি লিঅ’ন যে ছাৰ… জানে নহয়?’
বৰুৱাৰ নাজানো বুলি ক’বলৈ ভাল নালাগিল।
‘কিয় নাজানিম হে? কৈ যোৱা…’।
‘ছাৰ, আমাৰ কথা হৈছে ছানি লিঅ’নক মুঠৰ ওপৰত আমাৰ চিনেমা হলৰ পৰা খেদিব লাগে। আমাৰ সংস্কৃতি ধ্বংস হ’ব। উঠি অহা ল’ৰা-ছোৱালী ৰসাতলে যাব তাইক চালে..।’
‘হয়, হয়..তোমালোকে খুব ভাল কথা এটাৰ ওপৰত মাতিছা… হ’ব দিয়া নলবাৰীলৈ নাযাওঁ, নলবাৰীৰ ৰাষ্টা-ঘাট একেবাৰে ঠিক নহয় হে… অহা-যোৱা কৰিলে কঁকালৰ বিষটোহে বাঢ়িব…। মই ৰেডি হৈ থাকিম… কোনোবা এজন আহিবা আকৌ নিবলৈ’।
‘থেংক ইউ ছাৰ, এঘাৰটাৰ শ্ব’টোৰ আগত ফাৰ্ষ্ট ধৰ্ণাটো দিম। ৰেডি হৈ থাকিব…’।
ফোনটো থৈ বৰুৱাই ভাবিলে কি কোৱা যায় বাৰু। অসমীয়া সংস্কৃতি আজি হে অন্ধকাৰাচ্ছন্ন সেই বিষয়ে দহ মিনিট নভবাকৈ ক’ব পাৰিব। প্ৰ’ব্লেমটো হ’ল ছানি লিঅ’নকলৈ।
‘হেৰা বাবু আছে নে ঘৰত?’ বৰুৱাই পত্নীক চিঞৰিলে। বাবু কম্পিউটাৰত ব্যস্ত। তেওঁৰ ওঠৰ বছৰীয়া পুত্ৰ।
‘ঐ তই ছানি লায়নৰ কথা জান নহয়?’
পুতেকৰ টেনশ্যন হ’ল। ‘লায়ন নহয়, লিঅ’ন… তোমাক কিয়? তুমি মোৰ পিচিটো ইউজ কৰিছা নেকি বাৰু?’
‘নহয় অ’। অলপ ডিটেইলছ লাগিছিল। কিবা মিটিং এখনত ক’ব লাগে। ঐ ইন্টাৰনেটত অকণমান বিচাৰি দে অ’। চিনেমা কৰে হেনো…অসমীয়া সংস্কৃতি ধ্বংস কৰিব আহিছে বোলে সেইজনাই… ইন্টাৰনেটত চাই তেওঁৰ পুৰণি চিনেমা বোৰৰ ডিটেইলছ দে..’।
‘নাই, নাই…নেট ডাউন….পিছত চাবা যোৱা…মই এতিয়া বিজি…..’।
ভোৰভোৰাই বৰুৱা আঁতৰিল।
সংগঠনটোৰ দুজনমানে আহি বৰুৱাক আই-মেক্সলৈ লৈ গ’ল। ইতিমধ্যে তাত ধৰ্ণা আৰম্ভ হৈছিলেই। চিনেমা চাব অহা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ দৌৰা-দৌৰি। পিছে পিছে চেনেলৰ কেমেৰামেনবোৰ। বৰুৱাক ষ্টাৰ্ট কৰিবলৈ এজনে মাইক্ৰ’ফোনটো আগবঢ়াই দিলে। চাৰিওফালে ‘ছানি লিঅ’ন মূৰ্দাবাদ’ ধ্বনি।
বৰুৱাই ‘জয়মতী’ৰপৰা আৰম্ভ কৰি ‘ফিৰিঙতি’লৈ দীঘলীয়া ভাষণ আগবঢ়ালে। অসমীয়া সংস্কৃতিৰ ওপৰতো ক’লে। ‘…আৰু এই অসমত আজি ছানি লায়নৰ দৰে মানুহৰ ছৱি কোনো বাধা নোপোৱাকৈ চলিব ধৰিছে। এই ছৱিৰপৰা শিকিব কি? আমাৰ উদীয়মান প্ৰজন্ম বিপথে পৰিচালিত হ’ব। এনে ছৱিক ইয়াত মুক্তি দিয়াৰ ক্ষেত্ৰত নিশ্চয় কাৰোবাৰ হাত আছে। নহ’লে জি.এছ কাণ্ডক নিস্তেজ কৰিবলৈ এয়া কাৰোবাৰ পৰিকল্পনা? ছানি লিঅ’নৰ পৰা কি শিকিব, ৰাইজ? আমি অভিজ্ঞতাৰ পৰা কথা কোৱা মানুহ…তেওঁৰ আগৰ চিনেমা এখনৰ নাম কওঁক, যিখনে নৱজাগৰণৰ সৃষ্টি কৰিব পাৰিছিল। মই তেওঁৰ কেইখনমান ছৱি চাইছিলোঁ বেচ কিছুবছৰ আগতে..হয় ৰাইজ অভিজ্ঞতাৰ পৰা কৈছো শিকিবলগীয়া একো নাই, বৰং ই আমাৰ অসমীয়া সংস্কৃতিক তললৈ নিবলৈ চেষ্টা কৰিব….।’
এজনে বৰুৱাৰ কাণে কাণে ক’লে..’হ’ব ছাৰ, ক’ন্ট্ৰ’ল আৰু..শেষ কৰক।’
চিনেমা হলৰ মেনেজাৰজন আহি সংগঠনৰ ল’ৰাবোৰৰ লগত কথা পাতিলে। শেষত সিদিনাৰ আটাইকেইটা শ্ব’ বন্ধ কৰিবলগীয়া হ’ল। হলৰ পিছফালে থকা সৰু হোটেলখনত লান্সৰ ব্যৱস্থা কৰা হ’ল। মেনেজাৰজনে সকলো পে’ কৰিলে। সংগঠনৰ মূল নেতা কেইজনে বৰুৱাৰ লগত ভাত খাবলৈ বহিল।
‘ছাৰ, ছাকছেছফুল হৈছে। আজিতো এটলিষ্ট বন্ধ কৰিব পাৰিলোঁ। মেনেজাৰজনে আমাৰ সন্থাৰ নামত অলপ বৰঙণি দিছে। কাইলৈৰপৰা প্ৰ’ব্লেম নকৰো বুলি কৈছো।…আৰু মেনেজাৰজনো খুছ। এই ধৰ্ণা দেখাৰ পিছতেই কিজানি অহা পাঁচদিনৰ এডভান্স বুকিং শেষ!!’
বাহিৰত তেতিয়াও কেইজনমানে চিঞৰি আছে, ‘ছানি লিঅ’ন মূৰ্দাবাদ….’। মাছৰ টুকুৰাটোৰ পৰা বাকলি খিনি গুচাই গুচাই বৰুৱাই লাহেকৈ সুধিলে, ‘পিছে এই ছানি লিঅ’ন নে কি, এইজন হয় কোন? ল’ৰা নে ছোৱালী??’