ছামান্থা ফক্স আৰু মাণিক-ৰজনীৰ কন্দল :: ছাত্ৰাবাসৰ এডোখৰ (১২) (দিগন্ত যাদৱ শৰ্মা)


(টোকাঃ “ছাত্ৰাবাসৰ এডোখৰ”ৰ আৰম্ভণিতে ভবাই নাছিলোঁ যে ধাৰাবাহিকভাবে প্ৰতিটো মাহতে একোটাকৈ খণ্ড লিখি আজি এবছৰ সম্পূৰ্ণ কৰিম। আপানোলোকৰ পৰা উৎসাহ আৰু সঁহাৰি নোপোৱা হ’লে মোৰ বাবে লিখাটো সম্ভৱপৰ নহ’লেহেতেঁন। ইয়াৰ বাবে মই নিশ্চয়কৈ অ.ক.ব.ৰ সদস্যবৃন্দৰ ওচৰত কৃতজ্ঞ। এই আপাহতে “ছাত্ৰাবাসৰ এডোখৰ”ৰ প্ৰতিটো খণ্ড সাহিত্যত প্ৰকাশৰ বাবে বিবেচিত কৰাত বিগত এঘাৰটা সংখ্যাৰ সাহিত্য ডট অৰ্গৰ সম্পাদকসকলকো কৃতজ্ঞতা জনালোঁ। ভিন-ভিন মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ছাত্ৰাবাসত থাকি অহা আৰু বৰ্তমানো থকা সদস্যসকলে জানো/জানে ছাত্ৰাবাসত পঢ়া-শুনাৰ লগতে বিভিন্ন ঘটনা-প্ৰতিঘটনা চলি থাকে। এইবোৰৰ মাজত থাকে হাঁহি-কান্দোন, আনন্দ-বিষাদ, খেল-ধেমালি, মৰম-স্নেহ, প্ৰেম-ভালপোৱা, কাজিয়া-পেঁচাল, মাৰ-পিট ইত্যাদি-ইত্যাদি…
“ছাত্ৰাবাসৰ এডোখৰ”ত অৱশ্যে ছাত্ৰাবাসৰ স্মৃতিৰ ভঁড়ালৰ পৰা হাঁহি আৰু নিৰ্মল আনন্দৰ খোৰাক যোগোৱা ঘটনাবোৰহে আপোনালোকৰ সৈতে ভগাই লৈছোঁ। অৱশ্যে পৰিবেশন কৰোঁতে ঘঁহি-পিহি লোৱা হৈছে অথবা মূল কাহিনীৰ পৰা আঁতৰিও যাব লগা হৈছে। পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ। —দিগন্ত যাদৱ শৰ্মা)
*********
: কিনো বাক-বিতণ্ডা কৰি আছ! তহঁত দুটাৰো যে আৰু কাম নাই! ক’ত ছামান্থা ফক্স আৰু ক’ত ফাপৰে খোৱা মাণিক।
: ধেৎ বিপুলদা! তেনেকৈ নক’বদেই! মইহে জানিছোঁ।
: দে দে হ’বদে। কটন কলেজৰ ৰসায়ন বিজ্ঞান ‘বিন্ডিং’ৰ সন্মুখৰ পৰা আৰু এজনী ছামান্থাক উঠাই লৈ আহিবি। অই ৰজনী তই মাণিকক চিটিবাছত অহা-যোৱা এটকা-এটকাকৈ মুঠ দুটকা আৰু ছামান্থাৰ বাবে পাঁচটকা সৰ্বমুঠ সাত টকা দি দে।
: বিপুলদাই মোক পেংলায়েই কৰি থাকে! সেইজনী ছামান্থাক মই পাম নেকি আৰু? তিনিবছৰ আগতে লৈ আহিছিলোঁ। প্ৰথম বছৰটো কটনৰ ছাত্ৰাবাসতে থাকিল। একো নহ’ল। কিমানৰ যে ছামান্থাজনীৰ ওপৰত চকু পৰিছিল। কিন্তু ঠিকেই থাকিল। ইয়ালৈ আহিও দুবছৰ একো নহ’ল। কিন্তু আজি এনে অৱস্থা এটাৰ সৃষ্টি হ’ল। এই লেতেৰা-পেটেৰা, কোনোদিনে বিছনাৰ কাপোৰ ধুই নোপোৱা ৰজনীয়ে যত কূটৰ ঘাই। মই তাৰ মাক আৰু ভনীয়েকক দোষ নিদিওঁ।
: সেইজনীক নাপালে অন্য এজনীকতো পাবি।
: নাই বিপুলদা। এই ছামান্থা ফক্সৰ লগত মোৰ এটা কাহিনী জড়িত হৈ আছে।
বন্ধৰ দিনৰ আবেলি। বাহিৰত চিপ্-চিপ্ বৰষুণ। মাণিকৰ মুখত কাহিনী শুনাৰ আশাত চাৰি-পাঁচজনমান আহি আগুৰি ধৰিলেহি।
: অই মাণিক, কাহিনীটো আমাক ক’ আকৌ! – তাত থকা আটাইবোৰে অনুৰোধ কৰিলে।
: ধেৎ! এইবোৰ তিনি-চাৰিবছৰ পুৰণা কথা। নতুনকৈ উচ্চতৰ-মাধ্যমিকত নামভৰ্তি কৰিছোঁ। নামী-দামী মহাবিদ্যালয়। গা-মন ৰাই-যাই কৰে। ধুনীয়া ধুনীয়া ছোৱালীবোৰ। কথাবোৰো শুনি ইমান ভাল লাগে। ‘ক্লাচ’ত বহিয়েই ভাল লাগে। তাতে আকৌ দুই এটা ‘ক্লাচ’ৰ বাবে মাজে মাজে ‘মাৰাথান’ দিব লগা হয়। অঙ্কশাস্ত্ৰৰ ক্লাচৰ পৰা জীৱবিজ্ঞান বিভাগলৈ। আমি ‘চৰ্টকাট’ নামাৰি ছোৱালী মহাবিদ্যালয় এখনৰ সন্মুখেৰে ‘লংকাট’ মাৰিছিলোঁ। কাৰণ সেই একেটাই। ধুনীয়া ধুনীয়া ছোৱালীবোৰ। গা-মন ৰাই-যাই কৰে।
– মাণিক অকনমান সময় ৰ’ল। কথাখিনি ক’বলৈ পাই তাৰ বোধকৰো আমনি লগা নাছিল। আকৌ ক’বলৈ ধৰিলে।
: ডিচেম্বৰৰ শেষ ভাগত আমাৰ ‘প্ৰেক্টিকেল গ্ৰুপ’ত আলোচনা হ’ল যে ‘পিকনিক’লৈ ওলাব লাগে। যেনে কথা তেনে কাম। লগৰ এজনীয়ে ক’লে যে তাইৰ বান্ধবী এগৰাকী আছে, কিন্তু কাষৰ ছোৱালী মহাবিদ্যালয়খনৰহে। ছাত্ৰীনিবাসতে থাকে। আমি বোলো ঠিক আছে- লৈ আহিবা। যথাসময়ত ‘পিকনিক’তো গ’লোঁ। ‘পিকনিক’ৰ পৰা আহি আটাইবোৰে প্ৰশাসনীয় ভবনটোৰ ওচৰতে বাছখনৰ পৰা নামিছিলোঁ। নামিয়েই গাত গৰম কাপোৰ আছিল যদিও মোৰ বৰকৈ ঠাণ্ডা লাগিবলৈ ধৰিছিল। ‘পুলিচ পইন্ট’টোতে বহি পৰিলোঁ। ‘তাই’ কাষতে আছিল। ‘তাই’ মানে ছোৱালী মহাবিদ্যালয়খনৰ ছোৱালীজনী। ‘তাই’ কান্ধত লৈ থকা ‘শ্বল্’খন মোক গাত মেৰিয়াই ল’বলৈ আগবঢ়াই দিলে। ইয়াত দুটা কথা সংঘটিত হ’ল। প্ৰথমটো হৈছে ‘শ্বল্’খনৰ উমে মোক কঁপনিৰ পৰা ৰক্ষা কৰিলে। দ্বিতীয়টোহে কিন্তু সুদূৰপ্ৰসাৰী। তাইৰ মুখখন অনবৰতে মনত পৰি থাকিবলৈ ল’লে। এনে হ’ল যে কিতাপখন খুলি 4NH3+5O2=4NO+6H2O, NH4NO2=N2O+2H2O ইত্যাদি মুখস্থ কৰিব ল’লেই তাইৰ মুখখনহে আগত আহি পৰে। ইফালে দেখাও নোপোৱা হ’লোঁ। খাপ পিটি ৰৈ থাকিও মাহত কেতিয়াবা মাত্ৰ এবাৰহে দেখিবলৈ পাওঁ! ‘ফটো’ এখন ল’বলৈ ‘কেমেৰা’ও লগত নিয়া নাছিল কোনোৱে।
এদিন ৰসায়ন বিজ্ঞানৰ ‘ক্লাচ’ এটা কৰি আহি ‘ফুটপাথ’ত ভৰি থওঁতে শুনিলোঁ “নতুন কেলেন্দাৰ, ডায়েৰী আহিছে। ল’ব নেকি?” চকু গ’ল ‘ফুটপাথ’ত বহি বিভিন্ন ‘প’ষ্টাৰ’ আদি বিক্ৰি কৰি থকা মানুহজনলৈ। একোৰে দৰকাৰ নাছিল যদিও ‘প’ষ্টাৰ’বোৰত এনেয়ে চকু ফুৰালোঁ। হঠাৎ বিশেষ এখন ‘প’ষ্টাৰ’ত দৃষ্টি নিবদ্ধ হৈ ৰ’ল। ছামান্থা ফক্সৰ ‘চাইড ভিউ’ থকা এখন ‘প’ষ্টাৰ’। ক’ব নোৱাৰোঁ, ‘তাই’ যেন লাগি গ’ল। কাষৰ পৰা চালে মুখখনত ‘তাই’ৰ বেছ মিল পাইছিলোঁ। পাঁচ টকা দি লগে লগে কিনি আনিলোঁ।
উচ্চতৰ মাধ্যমিকৰ পিছত ঘৰত আহি থাকিলোঁ কেইদিনমান। ছামান্থা ফক্স টিনৰ বাকচটোৰ ভিতৰতে সোমাই থাকিল। উলিয়ালে মা আৰু বাইদেউৰ নিৰ্ঘাত কাণমলা খাব লাগিব। ছামান্থা ফক্সেতো নাজানে আমাৰ দৰে ঘৰৰ বেৰত শোভা বৰ্ধন কৰিবলৈ হ’লে কি ধৰণৰ সাঁজ-পোচাক পিন্ধি কেমেৰাৰ আগত ওলাব লাগিব।
তাৰ পিচত ইয়ালৈকে আহিলোঁ। প্ৰথম কোঠাটোত থাকোঁতে সুবিধা নাছিল বাবে বেৰত লগোৱা নাছিলোঁ। কিন্তু এই কোঠাটোলৈ আহি বেৰত ভালকৈ লগাই দিলোঁ। কিন্তু ৰজনীয়ে তাৰ মাক আৰু ভনীয়েকক মোৰ তালৈ পঠাই ছামান্থা ফক্সৰ এই গতি কৰিলে। মইনো বাৰু জানোনে কেতিয়াবা কাৰোবাৰ মাক আৰু ভনীয়েক মোৰ কোঠাত সোমাব !
: অই ৰজনী! তইনো বাৰু তোৰ ‘ৰূম’ থাকোঁতে মা আৰু ভনীয়েৰক মাণিকৰ ‘ৰূম’লৈ কিয় পঠিয়াইছিলি? – অলপ দেৰিকৈ আহি ভাগ লোৱা এজনে সুধিলে।
: মোৰ ‘ৰূম’টো লেতেৰা হৈ আছিল। বিছনাৰ কাপোৰ, গাৰুৰ গিলিপ, মজিয়া গোটেইবোৰ লেতেৰা। ইফালে ‘ৰূমমেট’ নাই। মা যিহে! দেখিলে হ’ল আৰু! মোক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিব। ভেবেলা, ফক্কৰ, ফেদেলা, লেতেৰা-পেতেৰা কিমান যে কি বিশেষণ লগালেহেঁতেন! কি কৰোঁ, কি কৰোঁ ভাবি বুদ্ধি এটা পাঙি আগতেই তলাটো মাৰি থৈ মাক ক’লোঁ ‘ৰূমমেটে’ ভুলতে চাবিটো লৈ গ’ল। সন্মুখতে মাণিকক দেখি মাহঁতক ক’লোঁ তহঁতে ইয়াৰ তাতেই বহিব পাৰিবি।
: মোৰো উপাই নাই! হঠাতে ৰজনীয়ে মাক আৰু ভনীয়েকক মোৰ তালৈ পঠিয়াই দিয়া দেখি মোৰ ছামান্থা ফক্স আৰু মোৰ মা-বাইদেউলৈ মনত পৰিল। তাৰেই হ’ল বা মোৰ, একেইতো মাক। গতিকে মাক-ভনীয়েক সোমোৱাৰ ঠিক আগতে লৰালৰিকৈ ‘প’ষ্টাৰ’খন ফালি পেলালো। ‘প’ষ্টাৰ’খন ভালকৈ উঠাবলৈ চেষ্টা নকৰা নহয়। কিন্তু আঠা লাগি ধৰিছিল, খৰখেদাত ফালি থাকিল। ছামান্থা ফক্সে কাপোৰসাজ ভালকৈ ঢাকি-ঢুকি পিন্ধিলেও এটা কথা! নহয় জানো!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!