জঁই পৰা শেৱালিৰ সুগন্ধি — খনিন্দ্ৰ ভূষণ মহন্ত
“যন্ত্ৰণাহে জীৱনৰ প্ৰকৃত অলংকাৰ। যি সহিব পাৰে, সি শিকি যায়! যি হাঁহিব পাৰে, সি জিকি যায়।”
মনৰ আকাশত তৰাই বুটা বছাৰ সময় সেয়া, এজোলোকা জোনাকে আহি তাইক জোকাই থৈ যোৱাৰ সময় সেয়া। মূৰৰ ওপৰৰে ইজাকৰ পাছত সিজাক ধুমুহা পাৰ হৈ জীৱনটো কোঙা কৰি থৈ যোৱাৰ পাছত ক্ৰমাৎ ঠন ধৰি উঠিছিল তাই। অদমনীয় হেঁপাহ আৰু আকাংক্ষাৰ ডেউকা নিজাকৈ বান্ধি মুকলিকৈ উৰিবলৈ লৈছিল তাই। ঠিক তেতিয়াই আকৌ হাত-ভৰিত শিকলি লাগিছিল। দায়িত্বৰ নাম দি সন্ধ্যাৰ উদ্ভ্ৰান্ত মনটোক আকৌ ভেটা দি থোৱা হ’ল। কোনেও তাইৰ মনৰ খবৰ লোৱাৰ প্ৰয়োজনবোধ নকৰিলে। ৰ’দৰ অন্বেষণত ব্ৰতী অদেখা আকাশখনত তেতিয়া কজলা ডাৱৰে বিয়নি মেল আৰম্ভ কৰিলে। নাই। কোনো আক্ষেপ নাই তাইৰ। অভিযোগৰো কোনো ৰেশ নাই। মাথোঁ মনত খাঁজ কাটি ৰৈ গৈছিল অসমীয়া মেজৰৰ ক্লাছত শৰ্মা ছাৰে কোৱা যন্ত্ৰণা বিষয়ক কথাকেইটাহে।
এৰাল ছিগা গৰুৰ দৰে বাধাহীনভাৱে ভ্ৰমি ফুৰা মনটোক নি কেনেকৈ এখন অচিনাকি ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰিছিল, সেয়া সন্ধ্যাৰ বাদে আন কোনেও নাজানিলে। নহয়, কোনেও জনাৰ ইচ্ছাই নকৰিলে। তেনেই সৰু থাকোঁতেই দুৰ্ঘটনাগ্ৰস্থ হৈ ঘাট-মাউৰা হোৱা ছোৱালীজনীক আয়েকে বৰ আতোল-তোলকৈ তুলিছিল। কিমান বয়স হৈছিলনো তেতিয়া সন্ধ্যাৰ? তিনি নে চাৰি বছৰ। ভালকৈ একো বুজাৰ বয়সেই হোৱা নাছিল আৰু তেতিয়াই তাই সহিবলগীয়া হৈছিল একাকিত্বৰ ভৰ। মোমায়েক শিক্ষা বৃত্তিত আছিল যদিও শিক্ষক হ’ব পৰা নাছিল তেওঁ কাহিনীও। লাহে-লাহে ডাঙৰ হৈ অহা সন্ধ্যায়ো এই কথা ভালকৈয়ে উপলব্ধি কৰিবলৈ ল’লে। পিছে, টিঙিৰি-তুলা স্বভাৱৰ মোমায়েকৰ সন্মুখত না আয়েকৰ কিবা কথা ৰজিছিল, না মামীয়েকৰ। ফলত সন্ধ্যাৰ বুকুত জন্ম হৈছিল এজাক নীৰৱ ধুমুহাৰ!
: তোমাক ইমানকৈ মাতি আছোঁ। পোৰা-পোৰা গোন্ধটোৰ আঁত বিচাৰি এইখিনি পাইছোঁহি। আকৌ চাগে’ সেই একেই পুৰণা কথাবোৰকে পাগুলি আছা!
অদৃশ্য ৰামধেনু এখন সিৰিককৈ সৰি পৰিল আৰু সন্ধ্যাৰ চকুতে জাহ গ’ল। অচিন মায়াৰ তন্দ্ৰা এখিনিয়ে তেতিয়াও তাইক বেৰিয়েই আছিল। ঢুলঢুলীয়া আৱেশ এমুঠি চৌদিশে বিয়পাই অভিনৱৰ মাতষাৰতহে যেন সন্ধ্যা প্ৰকৃতিষ্ঠ হ’ল। ওফন্দি বাগৰি চচপেনটোত ৰৈ যোৱা অৱশিষ্ট গাখীৰখিনি তলিত লাগি ধৰা দেখি তাইৰ নিজক লৈ কিছু অস্বস্তি আৰু অপৰাধবোধ জন্মিল।
: ইমান দিনৰ পাছতো কিয় বাৰে-বাৰে একেবোৰ কথাই মন-মগজুত কুণ্ডলী পকাই থাকে! – প্ৰায় স্বগতোক্তি কৰাৰ দৰে কৈ উঠে তাই। ইস্- ইস্, আস্- আস্ বোৰ সামৰি গেছ চিলিণ্ডাৰটোৰ ওপৰতে থকা পুৰণা গেঞ্জীৰ টুকুৰাটো হাতত লৈ সন্ধ্যাই ষ্ট’ভটো চাফা কিবলৈ লয়।
: ঘটনা ঘটিবলৈ সময়েই নালাগে, উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈহে কষ্ট স্বীকাৰ কৰিব লাগে। আজি মই আছিলোঁ বুলিহে, নহ’লে আজি ঘটনা ঘটিছিলেই। এনেও মাৰ স্বভাৱটোৰ বিষয়ে জানাই। এইবোৰ গম পালে তিলটোকে তাল কৰিব। – চচপেনটো বেচিনত ভৰাই টেপটো খুলি দিয়ে গিৰিয়েকে।
ৰাতিৰ সাঁজৰ দায়িত্ব সামৰি সন্ধ্যা শোৱা কোঠাত সোমাল। অভিনৱ তেতিয়ালৈ ঘোৰ টোপনিত। শাহুৱেকৰ জঞ্জাল মাৰি ভাগৰুৱা দেহাটো বিছনাত এৰি দিলে সন্ধ্যাই। ‘ডিম লাইট’ৰ অনুচ্চ পোহৰত ধোঁৱা-ধোঁৱা কিছু স্থিৰচিত্ৰই তাইৰ মন-গহনত দোলা দিলেহি। অনাহূত শব্দৰ অনুৰণিত সুৰবোৰে তাইৰ অস্থিৰতাখিনিত অনুঘটক হিচাপে ক্ৰিয়া কৰিলে।
বিয়া হোৱাৰ পাছত সেইবাৰেই অভিনৱ দীঘলীয়া ছুটীত ঘৰলৈ আহিছিল। পুতেক আহি হাত-ভৰি ধুই আজৰি হ’ল কি নাই, মাকৰ মুখৰ পৰা অনৰ্গল অগ্নিবান বৰষিছিল।
: অ’ সোণ, মই আৰু ইয়াত নাথাকোঁ। মোক বৃদ্ধাশ্ৰমত থৈ আহগৈ। অন্ততঃ সময়ত খোৱা-লোৱাখিনিকে পাম। ভাল মাতষাৰ পাম। এই কেটেৰা-জেঙেৰাবোৰ সহি থকিব নোৱাৰোঁ মই।
মাকৰ কথা শুনি খঙত একো নাই হৈ অভিনৱ সন্ধ্যাৰ ওচৰ চাপিলহি আৰু উধাই-মুধাই গালি পাৰিলে। ইফালে কেতিয়াও উচ্চ-বাচ্য কৰি নোপোৱা, শাহুৱেকৰ কোনো কথাকেই না বুলি নোকোৱা সন্ধ্যাৰ ক’ত ভুল হৈছিল তাই বুজি নাপালে। ঘটনাৰ একো ভু নোপোৱাকৈ মাথোঁ শুনি থাকিল। প্ৰত্যুত্তৰৰ ভাষা যে তাই শিকা নাছিল কাহিনীও। আৰু কৈয়েই বা কি লাভ? কোনে শুনিব তাইৰ কথা! শুনিলেও বিশ্বাসেই বা কৰিব কিয়?
প্ৰত্যুত্তৰ তাই তেতিয়াও দিয়া নাছিল, যেতিয়া নিশা হ’লেই মোমায়েকে গললৈকে ৰঙা পানী গিলি আহি তাইক অত্যাচাৰ কৰিছিল। শিক্ষকো যে কেতিয়াবা এনেকুৱা হ’ব পাৰে সেই কথা তাই তেতিয়াহে জানিছিল। আপোন মানুহৰ মুখাবোৰ দেখি তাই বিতত হৈ গান পাহৰা গীটাৰখনৰ দৰে নিথৰ হৈ ৰৈছিল। বুকুত উজান উঠা ধুমুহাজাকৰ প্ৰমাণ মাথোঁ দুগালৰ উপত্যকাই দেখিছিল। বিশ্বাস কৰিবলৈ টান হ’লেও সত্য সদায় সহজ নহয় বুলি তাই লাহে-লাহে উপলব্ধি কৰিছিল।
সন্মুখত বেলেগ একো বাট নাছিল। মাক-দেউতাকহীন ছোৱালীজনীক যে মূৰৰ ওপৰত ছাদখন দিছে, পিন্ধিবলৈ এডুখৰি বস্ত্ৰ, খাবলৈ দুগঢ়া অন্ন- এইখিনি আন ক’ত পালেহেঁতেন! আয়েকে মনে-মনে বুজাইছিল। “সহিলে সম্পদ অ’ আই, নসহিলে…!”
সহিছিল। আচলতে, পৰিস্থিতিয়ে তাইক বশ কৰিছিল। যেতিয়া অভিনৱৰ ঘৰৰ পৰা তাইলৈ বিয়াৰ প্ৰস্তাৱ আহিছিল, সন্ধ্যা তেতিয়া স্নাতকৰ ছাত্ৰী। আইতাক-মামীয়েকে একপ্ৰকাৰ কথাটো ভালেই পাইছিল। অন্ততঃ অনুশাসনৰ নামত মোমায়েকৰ অশ্ৰাব্য গালি, মাৰ-পিট সহি থাকিব নালাগে। আটাইতকৈ ডাঙৰ কথা, নিৰাপত্তাৰ চাদৰখন তাইৰ গাতে লাগি থাকিব।
প্ৰায় শেষ নিশা সন্ধ্যা টোপনিত ঢলি পৰিল। পাছদিনা পুৱাই অভিনৱ চাকৰিৰ ঠাইলৈ গ’লগৈ। মাকক সি পাৰ্যমানে বুজালে আৰু সন্ধ্যাক? ওহোঁ, একো নক’লে সন্ধ্যাক। মানসিক বজ্ৰাঘাতত অভ্যস্ত হৈ পৰা সন্ধ্যাক একো কোৱাৰ প্ৰয়োজনবোধ নকৰিলে অভিনৱে।
একান্ত আৱেগখিনিক বান্ধ দি থ’ব জানে তাই। ইচ্ছা-অনিচ্ছাৰ ভঁড়ালত শূন্যতাই পাহাৰ গঢ়িছিল যদিও আয়েকে সৌ তাহানিতে শিকাই থোৱা নিয়ন্ত্ৰণৰ অমোঘ মন্ত্ৰই তাইক ভাবিব নোৱাৰাকৈ সহায় কৰিছিল।
: এনেকৈ আৰু কিমান দিন! আৰু কি কি সহিব লাগিব! আৰু কিমানলৈ সহিব পাৰিব তাই? – মনে-ঘৰে কথাবোৰ পিত-পিতাই ফুৰোঁতেই খবৰটো ওলাল আৰু বনজুইৰ দৰে বিয়পি পৰিল। গাঁৱৰ নামঘৰৰ পৰা ঘৰলৈ বুলি অহা মানুহজনী ক’লৈ যাব পাৰে! সন্ধ্যাই অভিনৱক ফোন কৰি মাকৰ কথা জনালে। ইফালে-সিফালে বিচাৰ-খোচাৰ কৰাৰ পাছতো কোনো শুংসূত্ৰ নোলাল। দুপৰীয়াৰ ভৰপক বেলি আবেলি হৈ এন্ধাৰ নামিছিল। মনলৈ সংসাৰৰ বেয়া চিন্তাবোৰে সন্ধ্যাক বেৰি ধৰিলে। ঠিক তেনেতে গাঁৱৰ সিমূৰৰ মানুহ এজনে হাতত ধৰি ধৰি থৈ গৈছিল শাহুৱেকক। শাহুৱেক ক’ত আছিল, কলৈ গৈছিল- হাজাৰ চেষ্টাৰ পাছতো একো উত্তৰ পোৱা নাছিল সন্ধ্যাই।
: আমাৰ জিৰণি চ’ৰাটোত বহি আছিল। মই সোধাত আপুনি বেয়া ব্যৱহাৰ কৰি ঘৰৰ পৰা খেদি দিছে বুলি ক’লে! কিবাকৈ বুজাই-বঢ়াই আনিছোঁ। মই জানো আপুনি তেনে মানুহ নহয়। তথাপি অলপ চাব…!
মানুহজন গুচি গ’ল। তেওঁ কৈ যোৱা প্ৰতিটো শব্দই সন্ধ্যাক শক্তিশেলৰ দৰে হানি টুকুৰা-টুকুৰ কৰি পেলালে। আৰু অভিনৱ! মাকৰ কথাকে সঁচা বুলি ভবা অভিনৱৰ ব্যৱহাৰে সেই ক্ষত-বিক্ষত স্থানত নিমখ ছটিয়ালে। এই ঘটনাবোৰৰ গইনা লৈ সিহঁতৰ সংসাৰৰ সূতাত আউল লাগিবলৈ আৰম্ভ কৰিলে। সোলোক-ধোলোক হৈ পৰা বিশ্বাসখিনিক থুপাই একগোট কৰাৰ নিৰন্তৰ প্ৰয়াস চলি থাকিল।
ক্ৰমাৎ উগ্ৰ হৈ পৰা শাহুৱেকে কেইবাবাৰো কাকো নজনোৱাকৈ ঘৰৰ পৰা গুচি যোৱাৰ কাণ্ডটো কৰি থাকিবলৈ ল’লে। দুই ওঁঠত বাজি থাকে সেই একেখন ৰেকৰ্ড। “বোৱাৰীয়ে মোক খেদি দিছে…!”
সেইদিনা শনিবাৰ। অভিনৱ ঘৰতে আছিল। মাকৰ হঠাতে মূৰৰ বিষ আৰম্ভ হ’ল। আগে-পিছেও হয় যদিও ঔষধ খালে ভালপায়। এইবাৰ নাই। ৰাতিলৈ অলপ মানুহ চিনাতো অসুবিধা পাবলৈ ধৰিলে। ইয়াৰ পাছৰ সময়খিনি তেনেই খৰটকীয়া।
হস্পিতাল, ডাক্তৰ, চাইকাট্ৰিষ্ট, বে’ড ৰেষ্ট!
এলঝাইমাৰৰ দ্বিতীয় স্তৰ ধৰা পৰিছিল শাহুৱেকৰ। “চিকিৎসা আৰম্ভ কৰাত ইমান পলম কিয় কৰিলে” বুলি ডাক্তৰে সোধা প্ৰশ্নৰ উত্তৰ কাৰো হাতত নাছিল। ঘৰলৈ উভতি আহিও অনুতপ্ত অভিনৱে সন্ধ্যাৰ চকুত চকু থ’ব পৰা নাছিল। বিছনাখনত কাষতে বহি থকা সন্ধ্যাই সেই অস্থিৰতাখিনিক কৰ্পূৰৰ দৰে উৰুৱাই দি সিহঁত যে নতুন এখন যুদ্ধলৈ সাজু হ’বৰ হ’ল অভিনৱক বুজালে। অভিনৱে কান্দিছিল, অতদিনে বান্ধ দি থোৱা ভেটা খুলি দিছিল সন্ধ্যায়ো।
এতিয়া সন্ধ্যাৰ একোলৈ ভয় নাই। সহিবলৈয়ো। অতদিনে বুকুত সাৰে থকা ধুমুহাজাকো নিতালে শুই আছে। সময়ক তাই দোষ কোনোদিনেই দিয়া নাই, মাথোঁ সময়ে দিয়া উত্তৰত তাই মনে-প্ৰাণে মানে। কাৰো প্ৰতি কোনো অভিযোগ নাই, কোনো খেদ নাই। অভিমানতো নাইয়েই, বয়স আৰু পৰিস্থিতিয়েও সেয়াৰ বাবে অনুমতি নিদিয়ে। নিৰলে দুখবোধ এটাই হেঁচা মাৰি ধৰে যদিও সেইখিনি নিজৰ মাজতে চম্ভালি ল’ব পৰাকৈ স্থিতপ্ৰজ্ঞ তাই। একপ্ৰকাৰৰ অভ্যাস।
ভেণ্টিলেচনেৰে ঢেমা পোহৰ এচেৰেঙা সোমাই আহিছে। আকাশত তেতিয়া ডাৱৰৰ কোনো চিন-মোকাম নাই। হয়তো কাইলৈৰ পৰা অহৰহ ৰ’দৰ গানেই বাজি থাকিব। চকুতো, বুকুতো…!
সুন্দৰ খনিন্দ্ৰ৷ ভাল পালোঁ গল্পটো পঢ়ি৷