জঁটাধাৰী (ঈশানজ্যোতি বৰা)

৬৯টা অধ্যায়সহ (সংযোজনক বাদ দি) ৪৩২ পৃষ্ঠাৰ ‘জঁটাধাৰী’ৰ প্ৰকাশক হৈছে ‘আঁক-বাক’ ৷ গ্ৰন্থখনৰ মূল্য ২২০ টকা ৷

প্ৰাৰ্থনা শইকীয়াৰ ‘জঁটাধাৰী’ উপন্যাসখনৰ কাহিনীভাগ শিৱৰ জঁটাৰ দৰেই পাকলগা৷ এই পাকবোৰ ভাঙিবলৈ গৈ পাঠক নিজেও কেইবাটাও উত্তৰবিহীন প্ৰশ্নৰ মুখামুখি হ’ব৷

এখন দেশৰ শাসন যন্ত্ৰৰ ভিতৰচ’ৰাৰ ৰাজনীতি আৰু তাক কেন্দ্ৰ কৰি দেশৰ সমাজ-ব্যৱস্থাৰ নানান উত্থান-পতনৰ দৃশ্য জঁটাধাৰীত প্ৰতিফলিত হৈছে৷ নাৰায়ণ চতুৰ্বেদীৰ মন্ত্ৰীসভাত কিদৰে চল-চাতুৰীৰে মহেশক বলিৰ পঠা সজোৱা হয় আৰু কিদৰে নাৰায়ণৰ অবৈধ পুত্ৰ বেণুগোপালৰ ৰাজনীতিলৈ আগমন হয় আৰু মহেশক দেশীয় ৰাজনীতিৰপৰা আঁতৰাই পঠিয়াবলৈ বেণুগোপালে ৰচা কূট-কৌশল, ব্যক্তিগত আখেজৰ হোৰ তুলিবলৈ গৈ বেণুগোপালৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি পক্ষপাতিত্বমূলক আচৰণ আৰু এই গোটেই ঘটনাপ্ৰৱাহৰ সমান্তৰালকৈ ঝৰ্ণা নামৰ এটি চৰিত্ৰৰ জৰিয়তে শিৱ নামৰ সাঁথৰটোৰ সন্ধানকাৰ্যৰ পৰিণতিতেই গঢ় লৈ উঠিছে জঁটাধাৰী৷অতীত-বৰ্তমান-ভৱিষ্যত এই তিনিও কালৰ বিভিন্ন চৰিত্ৰৰ সমাবেশ হৈছে জঁটাধাৰীত ৷

“…………..আৰু হঠাতে সময়ৰ মাজেৰে মোৰ যাত্ৰা আৰম্ভ হ’ল ৷ পাৰ হলো অতীতৰ সেই দুদৰ্শাগ্ৰস্ত সময়-শিৱৰ অংগীকাৰ, আৰালী, বাথৌ, ৰংমন, থানু৷ বৰ্তমানত মুখামুখি হ’লো মহেশ, পাৰ্বতী, নন্দী, ভৃংগী, ঝৰ্ণা, ঋষী, গৌৰী, মহাৰাজ, ধ্যানু ওৰফে দীনেশ, সন্ধ্যা. মন্দিৰা, ইচ্ছা ৷ ………..আৰু হঠাতে আগবাঢ়িলো ভৱিষ্যতৰ অজানা, অদেখা অংশলৈ ……..”(পৃষ্ঠা ৪৩০)

কেইবাটাও কাহিনী সুষম গতিৰে তথা সমান্তৰালভাৱে আগুৱাই লৈ যোৱা আৰু সেই কাহিনীৰ বাবে বেলেগ বেলেগ পটভূমি নিৰ্মাণত কোনো খুঁট এৰা নাই লেখিকাই৷ কাহিনীৰ বিভিন্ন চৰিত্ৰসমূহৰ মাজত যোগসু্ত্ৰ আছে আৰু এই যোগসুত্ৰ লেখিকাই কাহিনীৰ অন্তিম অধ্যায়লৈকে বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে৷ ক’বলৈ গ’লে একেডাল ৰচীৰে বান্ধি ৰাখি লেখিকাই চৰিত্ৰসমূহক ভিন ভিন কাল, ভিন ভিন পটভূমিত স্থাপন কৰিছে আৰু এই চেষ্টাত লেখিকা সম্পূৰ্ণ সফল হিচাপে বিবেচিত হৈছে৷

কেইটামান বানান ভুল, প্ৰয়োজনাধিক ইংৰাজী শব্দৰ প্ৰয়োগে মাজে মাজে পাঠকক আমনি দিব পাৰে৷উপন্যাসখন পঢ়ি যাওঁতে বহুঠাইত বানানৰ ভুল চকুত পৰিছে৷ ছপাশালৰ ভূত বুলি সেই ক্ষোভ সামৰি থব পাৰি৷ কাহিনীৰ জটিলতাই মোৰ দৰে ধৈৰ্যহীন দুই-এক পাঠকক বিমোৰত পেলাব পাৰে৷ তাৰ বাবে নিশ্চয় লেখিকা জগৰীয়া নহয়৷

এক কথাত ক’বলৈ গ’লে জঁটাধাৰী এখন জটিল “পলিটিকেল ফেন্টাছি” য’ত পূৰামাত্ৰাই আছে অগতানুগতিকতা; চৰিত্ৰ নামাকৰণ, বৰ্ণনা, উপস্থাপন তিনিওটা বিভাগতে অগতানুগতিকতা প্ৰকাশ পাইছে। অসমীয়া সাহিত্যত আজিলৈকে ইমান উচ্চমানৰ ‘ৰাজনৈতিক কল্পকাহিনী’ পঢ়া মনত নপৰে৷ লেখিকাৰ এনে প্ৰচেষ্টা শলাগিবলগীয়া৷ পাঠকক এক নতুন সাহিত্যৰ সোৱাদ দিয়াৰ উদ্দেশ্য আগত ৰাখি লেখিকাই জঁটাধাৰী প্ৰস্তুত কৰি উলিয়াইছে৷ নি:সন্দেহে, জঁটাধাৰী অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী সংযোজন ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!