ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

জন্মদিন: মিতালী বর্মন

তোমাক এবাৰ লগ পোৱাটো
নিতান্তই জৰুৰী
তোমাৰ দুচকু চোৰাং চিকাৰী
দুহাত তোমাৰ সৰীসৃপ
বগুৱা বাই আহে—
এটা বিশেষ দিনলৈ!
তোমাক এবাৰ লগ পোৱাটো
নিতান্তই জৰুৰী
নহ’লে বাঢ়ি যাব পাৰে
ভুল বুজা-বুজি
ভৰা লুইতৰ বুকুৰ দৰে
তোমাক নোপোৱাৰ দুঃখত
কুন্তী হৈ পৰে মন
উপস্থিতি তোমাৰ পাণ্ডুৰ দৰে
তুমি বন্ধা শিলৰ সাঁকো
পাৰ হ’বলৈ বৰ দুঃখ পাওঁ
নদী হ’ব বিচাৰোঁ মই
অথচ, মোৰ বুকুত
তোমাৰ শিলৰ সাঁকো
তুমি ভাল পোৱা বাবেই
মই এটি ঘূণীয়া সপোন
তুমিতো নেদেখা বুকুজুৰি ফুটি উঠা
দুঃখৰ পানীজোলা
তোমাৰ ওঁঠত মদৰুৱা হাঁহিৰ সেলেঙী
নাহোঁ বুলি কৈয়ো তুমি যে
অবাধে আহা— স্মৃতিৰ টুকুৰা হৈ
এটা বিশেষ দিনত!
তোমাৰ অবাধ প্রৱেশ
ৰোধিব নোৱাৰোঁ মই!!
এবাৰ তোমাক লগ পালে
সাহসী হ’ম মই
খোলা-খুলিকৈয়ে সুধিম—
কিমান দিনৰ এই অহা-যোৱাৰ খেলা!
এটা বিশেষ দিনত
বাৰে বাৰে জন্ম হ’ব বিচাৰোঁ মই
যোগমায়াৰ দৰে!
তুমিতো মোক বাচি থাকিবও নিদিয়া!
জীৱনটোকে দেখোন কাঢ়ি নিয়া
তিলতিলকৈ…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!