জন্মদিন (মিতালী বৰ্মন)

জন্মদিন

মিতালী বৰ্মন
আইৰ সঘন উশাহ,
দুচকু তিয়াই বয়
বেদনা আৰু যন্ত্ৰণাৰ নীড়
বুকুত বাঢ়ে ধৰফৰণি,
হৃদয়ত গুণগুণাই
হৃদয়ৰ গানে


জীৱনৰ পাতনি বেলাত
মোৰ কান্দোন,
আইৰ হাঁহি
মোৰ দুগাল তিয়াই বয়
আইৰ চকুৰ
সুখৰ চকুপানী

 

 

(ছবিত মাক ডিম্পী আৰু তেওঁৰ কন্যা বেদাংশী)

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!