জয়মতী হ'ব নোৱাৰা তুমি..(-কৌশিক বৰা)

কুৰুকি কুৰুকি সোমোৱা তুমি
অটল গহ্বৰত তোমাৰ
অত্যাধুনিক মৰমৰ জুমাজুমি..
কিন্তু
জয়মতী হ’ব নোৱাৰা তুমি…
ফাগুণৰ চেকা লাগিব
হৃদয়ত ভয় তোলপাৰ
কিদৰে গাত পাতিবা চোৰাতৰ হুংকাৰ?
মাথো প্ৰতিবাদ..
মনৰ বিবাদ..
কন্টকৰ খোঁচত নালাগে কঢ়িয়াব
গৰম পানীৰ পোৰা দাগ..
মৰমৰ জেৰেঙাপথাৰখনৰ বোকা খচিবলৈ
সদা সাজু মই গদাপানি
মৰিচিকা হৈ সপোন নেদেখিবা
জয়মতী হ’ব নোৱাৰা তুমি..
 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!