জলোচ্ছাস – অনিতা গগৈ
পানীৰ খটখটিৰে
নামি আহে স্বপ্নাচাৰিণী নাৰীবোৰ
ৰিহাৰ ভাঁজ ভাঁজে খচমচাই
তাম্রপত্রৰ অৰ্দ্ধ উন্মিলিত
আখৰবোৰ
যি ঘাটত
কাহানিও থমকি নৰয় দিঠকৰ পানচৈ
পাৰ হৈ যায় সহস্র অশ্বাৰোহীৰ
দুৰ্বিনিত সমদল
কোনেও কাহানিও নমনা বেজীৰ জ্বলা
আউল লগা কথাৰ জোঁট ভাঙি ভাঙি
উজাই আহে
পানীজোনাকৰ চকু
বুকুত শিল বান্ধি বৈ যায় নৈ
সেপ ঢুকি গিলি থয় দুপাৰৰ দুখ
ডঁৰিয়লিৰ জাক লৰিয়লি
তাতেই
শতজনমৰ শাওপাত সহি
বাঢ়ি অহা হাঁফলু মোৰ
হাড়ৰ গুড়িৰে সজা
তোমাৰ মুখ
পানীৰ দুহাতে পলে পলে
পলকতে সাজে ভাঙে