জাতি (অনামিকা বৰুৱা)
জাতি (অনামিকা বৰুৱা)
এদিন মোৰ ল’ৰাটোৱে স্কুলৰ পৰা আহি মোক সুধিলে মা আমি আহোম নে কলিতা ? উত্তৰ দিবলৈ গৈ মই অলপ ভাবিব লগা হ’ল | তাক উত্তৰটো দি লগতে অলপ বুৰঞ্জীও কব লগা হল | তাৰ পাছৰ পৰাই মই নিজে নিজে ভাবি আছো যে সঁচাই আমি কোন দিশে গতি কৰিছো ! আজি বিজ্ঞানৰ উন্নত প্ৰযুক্তিৰ সহায়ত আমি ঘৰতে বহিয়েই গোটেই পৃথিৱী ভ্ৰমণ কৰিব পাৰো | দেশ বিদেশৰ খবৰ পলকতে পাব পাৰো | তেনেই সৰু হৈ পৰিছে পৃথিবীখন | কিন্তু তাৰ তুলনাত আমাৰ মনবোৰ ক্ৰমে ঠেক হৈ যোৱা নাইনে ? ইংৰাজ গুচি গল যদিও divide and rule policy ৰ প্ৰতিক্ৰিয়া আজিও আমাৰ মাজত থাকি গল | কাৰণে অকাৰণে ব্যস্ত থাকি আমি ইমানে স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক হৈ পৰিছো যে সমুহীয়াকে আতাইৰে কথা ভাবিবলে পাহৰি গৈছো |
মোৰ ল’ৰাটোৰ বয়্স ১৩ বছৰ | তাৰ বয়সত আমি জাত পাতৰ কথা নেলাগে ধৰ্মৰ প্ৰভেদৰ কথাও ভালকে নেজানিছিলো | মোৰ আজিও মনত পৰে মোৰ লগত এজনী বেবিনা নামৰ মুছলমান ছোৱালী আছিল | তাই তৈয়াৰ কৰি দিয়া চাহ মোৰ মা দেওতাইও খাইছিল আৰু চাহ তাই আমাৰ ঘৰতে তৈয়াৰ কৰিছিল | বিহুত সিহঁতে আমাৰ ঘৰত ভাত খাইছিল আৰু ঈদত আমি সিহঁতৰ ঘৰত ভাত খাইছিলো | মোৰ মা দেউতাৰ আক্ষৰিক শিক্ষা নাছিল কিন্তু মনবোৰ বহল আছিল | সৰুৰে পৰাই আমাক উদাৰ হ’বলৈ শিকাইছিল | গোটেই পৃথিৱীৰ ধৰ্ম আৰু সমাজ ব্যৱ্স্থাৰ কথা নাজানো | কিন্তু আমাৰ হিন্দু ধৰ্মত আৰু অসমীয়া সমাজতেই কিজানি এই জাত পাতৰ বিভেদ সবাতোকৈ বেচি | সৰুতে পঢ়িছিলো অসমত বাস কৰা লোকসকলক অসমীয়া বোলে | পাহাৰ ভৈয়াম জাতি জনজাতি সকলো লগ লাগি বৃহত্তৰ অসমীয়া জাতি গঠিত হৈছিল | কিন্তু আজি আমি সঁচাকে অসমীয়া নে ? আমিচোন কোচ, কছাৰী, আহোম, মটক, মৰাণ, বামোণ, কলিতা, বড়ো, চুতীয়া আদি নানা ভাগত ভাগ হৈ নিজৰ মাজতে খোৱা কামোৰা কৰি মৰিছো | প্ৰত্যেকেই নিজৰ অস্তিত্ব ৰক্ষাৰ নামত ভাই ভাইৰ মাজত কাজিয়া কৰিছো | ইয়াৰ পৰা সাধাৰণ ৰাইজৰ কিবা লাভ হৈছেনে ?
অসমৰ বাহিৰত বাস কৰা অসমীয়াসকলে প্ৰ্কৃতাৰ্থত নিজকে অসমীয়া বুলি দাবী কৰিব পাৰে | কাৰণ অসমৰ বাহিৰত বাস কৰাসকলে মই আহোম মই কলিতা মই বামুণ বুলি নিজৰ পৰিচয় নিদিয়ে | তেওঁলোকে নিজৰ পৰিচয় দিয়ে মাত্ৰ অসমীয়া বুলি | অথচ আমি অসমত বাসকৰাসকলে জাত পাত লৈ মিছা গপত ওফন্দি নিজকে ক্ৰমাত সংকোচিত কৰি আনিছো | উপৰুৱাকে চালেই আমি গম পাওঁ যে চাকৰিৰ আবেদন কৰোতে হওক বা উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰতে হওক বা বিয়া বাৰুৰ ক্ষেত্ৰতে হওক এই জাত পাতৰ বিভেদে কিদৰে আজিও বেমেজালিৰ সৃষ্টি কৰে সেইয়া ভুক্ত্ভোগীসকলেহে বুজে | মোৰ নিজৰ ক্ষেত্ৰতে মই আহোম হোৱাৰ বাবে আৰু মোৰ মানুহজন কলিতা হোৱাৰ বাবে বিয়াৰ পাছত সমাজত আঠু লওঁতে জৰিমনা ভৰিব লগা হৈছিল | যদিও মোৰ বিয়া ঘৰৰ পৰাই ঠিক কৰিছিল তথাপি !
ভাৰত চৰকাৰে আগতেই অসমক সাত ভাগত ভগাই আমাক দুৰ্বল কৰিলে | এতিয়া আকৌ বড়োক বড়োলেণ্ড লাগে; চুতীয়া, মৰাণ, মটক, আহোম, চাহ জনজাতি আৰু আদিবাসীসকলক জনজাতিকৰণ লাগে, কোচ ৰাজবংশীসকলক কমতাপুৰ ৰাজ্য লাগে ইত্যাদি অনেকৰ অনেক দাবী| সকলোকে ৰাজনৈতিকভাবে দখল লাগে | কিন্তু এই যে ভাগে ভাগে আন্দোলনবোৰ এইবোৰে আমাক কি দিছে ? আমাক চহকী কৰিছে নে আৰু দুখীয়া কৰিছে ? বিশ্বদৰবাৰত আমাৰ অস্তিত্ব সংখ্যালঘুৰফালে গতি কৰা নাই নে ? এই আন্দোলনবোৰে মুষ্টিমেয় কেইজনমানক লাভাম্বিত কৰাৰ বাদে সৰ্বসাধাৰণ ৰাইজক কিবা দিব নে ?
অসমীয়া কথা বতৰা গোটত মই নতুন | এইখন সমাজৰ সৈতে মোক চিনাকি কৰাই দিলে চন্দ্ৰমাই | অসমীয়াত লিখিবলে শিকালে ৠষীৰাজ আৰু বনজিত পাঠকে | এই আপাহতে তেওঁলোকৰ শলাগ ললো | লগতে ইয়াৰ সৈতে জড়িত সকলোলৈকে মোৰ ওলগ জনালোঁ | বিশ্বত অসমীয়া ভাষা আৰু অসমীয়াক চিনাকি কৰি দিবলে আৰু নিজৰ মান তুলি ধৰিবলে যি এটা সুন্দৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু তাৰ সৈতে পলমকে হলেও জড়িত হবলে পাই নিজকে ধন্য মানিছো | এইখিনিতে এটা কথা কব খোজো এই মাধ্যমত যথেষ্ট শক্তিশালী লেখক আছে | তেওঁলোকে বাৰু মোৰ মনোভাবটো বুজি লিখনিৰ মাজেৰে এটা পথ প্ৰৰ্দশন কৰিবনে অসমীয়াক কেৱল অসমীয়া হৈ থাকিবলে ! এইখন এখন উমৈহতীয়া মঞ্চ | ইয়াত জাত পাতৰ ভেদা ভেদ নাই | ইয়াত সকলোৱে এক মহত্ কাৰ্য্যত ব্ৰতী | ইয়াত সকলো অসমীয়া | আমি বাৰু চৰকাৰখনকে বাধ্য কৰিব নোৱৰোনে চৰকাৰী নীতি নিয়মৰ মাজৰ পৰাই এই জাত পাতৰ ভেদা ভেদৰ ব্যৱ্স্থাটো নোহোৱা হোৱাৰ আৰম্ভনি হওক | জাতিগত বিচিত্ৰতা পাহৰি সকলো কেৱল অসমীয়া হওক | এটা সঁচা অৰ্থত জনজাগৰণ হওক | সমাজত মাত্ৰ দুটা জাতি থাকক অতীজৰ দৰে পুৰুষ আৰু নাৰী | আৰু মানুহ কেৱল মানুহ হওক |
ভাল লাগিল লেখনিটো…..