জাতীয়তাবাদ (ঘনশ্যাম ডেকা)

চিন্তাবোৰ অতিষ্ঠ আজি,
নিঃশব্দে পলাতক হয় ক্ষোভৰ জুইকুৰা।
ধূলি এদমৰ মাজত…
আবদ্ধ হয় বিপ্লৱী জনতাৰ চিঞৰবোৰ। 
হেৰাই যায় আচলামৰ বিবি ৰহিমা মোৰ চোতালৰ পৰা।
নিচিনো তাইক…
নাজানো মগনীয়া নে ভগনীয়া !
কেতিয়াবা বিনায় তাই মোৰ পদূলিত
বাবু, আমিও অসমীয়া…..
বগা চাহাবৰ দিনতেই আহিলোঁ যদিও পৰিচয়বিহীন মই।
সান্ত্বনা নিদিওঁ তাইক…..
ভাষাহীন হৈ সৰি পৰে হাতৰ কলম।
ৰহিমা…………
নুবুজিবি তই কিহৰ তাগিদাত আমাৰ বিপ্লৱ।
চকুত যিদৰে লৈ ফুৰ তই নেলীৰ সন্ত্ৰাস 
মোৰো হৃদয়ত আছে সহস্ৰ ছহিদৰ চিতাৰ উপহাস।
বন্ধ কোঠাত ৰূদ্ধ আজি জাতিৰ ইতিহাস!
সংজ্ঞাহীন আমিবোৰ সৃষ্টিৰ অভিশাপ।
কেটেৰা মাৰিলেও ভুল নুবুজিবি ৰহিমা,
তইয়ে আমাৰ জুহালৰ আচবাবৰ ৰখীয়া 
তোৰ মানুহজন নহ’লে গঢ়ি নুঠে ৰঙা ইটাৰ দেৱাল
লিখিবলৈ বিপ্লৱৰ উদাত্ত শ্লোগান।
এন্ধাৰ ৰাতি বক্ষ–বান্ধনি খোলাৰ সময়ত পাহৰি যায় 
তই কোন জাতিৰ, অসমীয়া নে ভগনীয়া।
জাতীয় উৎসৱত চান্দা লোৱা আমি অসমীয়া,
নিষ্কৰ্ম্মা আমিবোৰ কোনোকালেই নহ’ম দুখীয়া।
ৰহিমা….
তই শোষণৰ প্রতীক, বঞ্চনাৰ উদাহৰণ…
জাতিৰ ঠিকাদাৰবোৰে তলা মাৰে তহঁতৰ পদূলিত। 
কিলবিলাই ফুৰে তোৰ সত্তাত নিলাজ হাতৰ দালালবোৰ।
সোপা–ধৰাহৈ ঘূৰি ফুৰে মুক্তিৰ সপোন দেখুওৱা মিছলীয়াৰ জাক।
ভুল নকৰিবি তই আজি আকৌ এবাৰ…
জৰা–ফুকা পানীৰে গা ধুলেই শেষ নহয় তোৰ কঁকালৰ বিষ।
আচলামক ক’বি… 
ভোকাতুৰৰ জাক নালাগে আজি।
অধিক সন্তানৰ ভিৰত খহিব ধৰা জৰায়ুত পাৰে যদি
সিঁচিবলৈ দিবি উন্নয়নৰ বীজ।
ৰহিমা…
আহিবি এইবাৰ বিহুত মোৰ গাঁৱলৈ
গামোচা এখন দিম।
ৰমলা–কমলাহঁতৰ লগত বিহু মাৰিবি 
ভাষা ক’ব নাজানিলেও কঁকাল ভাঙি নাচিবি।
সংখ্যালঘুৰ পোছাকযোৰ ভণ্ড নেতাৰ পদূলিত দলিয়াই আহিবি।
উন্নয়নৰ মেলা পাতিম,
পথাৰতো একেলগে বহিম।
অচিনাকি মানুহবোৰ খেদি সুস্থ জাতিৰ বীজ সিঁচিম।
উৰ্বৰা মাটি চহাই সেউজীয়া কৰিম দুখীয়াৰ ভঁৰাল
নালাগে কৰিব মিছাতে কোৰ্হাল……।
মোৰ দেশৰ প্রজাৰ হাতত মামৰে খোৱা হেংদাং
তোৰ চুবুৰিৰ বলিয়াজাকৰ নাই বুদ্ধিপুষ্ট ফৰমান।।
ৰহিমা… 
কৈ দিওঁ আজি গুপুতে তোক, পিছত নুদূষিবি মোক।
মোৰ বাবে শব্দহীন আজি অপমৃত্যুৰ ভাষা 
তোৰো চাগে একেই দশা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *