জাম্মা মছজিদৰ দুৱাৰ (সমুদ্ৰ কাজল শইকীয়া)

সিদিনা আছিল দেওবাৰ বন্ধ দোকান পোহাৰ
হাত বাউলি দি মাতিছিল জাম্মা মছজিদৰ দুৱাৰ
গোটেই আকাশখন হাতৰ কাষতে পাই মই বহু কথা পাতিছিলোঁ
খোদাক কৈছিলোঁ বহুত দিলা, তুমি উজাৰি দিলা,
এইবাৰ আমাৰ হে পাল হবলা
 
অন্য এখন দুৱাৰেদি ওলাই আহিবৰ পৰত
তললৈ চাই দেখিলোঁ মানুহৰ জাক অযুত নিযুত
আহিছে আৰু গৈছে উঠিছে আৰু নামিছে
হাঁহিছে মাতিছে কথা পাতিছে
এইখন দেওবাৰে খোলা ফুটপাথৰ মুকলি বজাৰ
কোনোবা লাহে লাহে, কোনোবা বেগাই আগবাঢ়ে
কাৰোবাৰ পেটে কলমলায় কোনোবাই খাই মাৰে উগাৰ
তাৰ মাজতো তোমাকে বিচাৰি ফুৰিলোঁ মই বাৰে বাৰে
 
নাজানোঁ জাম্মা মছজিদৰ বা কেইখনি দুৱাৰ
 
খোদাৰ ঘৰত দুৱাৰ থাকে নেথাকে ছিলিং
এই কথাতেই কাণখোৱাৰ মন ঘিটিং টিং
 
 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!