জালিয়াতি মাষ্টৰ : ৰণজিৎ কুমাৰ বৰা

শেহতীয়াকৈ ক্ৰীড়া মহলৰ এজন বিষয়ববীয়াক লৈ সংবাদ মহলত ব্যাপক চৰ্চা হৈ আছে। প্ৰতিক্ৰিয়া ৰাজ্যজুৰি হৈছে। ফটো জালিয়াতিৰে ৰাজ্যবাসীক বুৰ্বক সজাবলৈ অপচেষ্টা কৰা ক্ৰীড়া সংগঠকজনক লৈ গুৱাহাটীৰ ক্ৰীড়া সাংবাদিক মহলত চৰ্চা হৈ থকা কাণ্ড এটা আগবঢ়াইছোঁ। কেইবছৰমান আগৰ কথা। ক্ৰীড়া সংস্থাটোৰ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা কৰা এজনক তোষামোদ কৰি প্ৰভূৱে ক’লে মই আপোনাকে ভোট দিম। আপুনি নিশ্চিন্ত থাকক। কিন্তু সম্পাদক পদৰ প্ৰাৰ্থীজনে ভালদৰেই জানে কাক বিশ্বাসত ল’ব পাৰি। তেওঁ স্পষ্টকৈ ক’লে, আপুনি যিমানেই নকওঁক কিয়, মই মুঠেও বিশ্বাস নকৰোঁ। কথা শুনি ক্ৰীড়া সংগঠক বিপাঙত পৰিল। তেওঁ ক’লে, ব’লক, কামাখ্যালৈ। তাতে শপত খাই আপোনাক আশ্বস্ত কৰিম। সম্পাদক পদৰ প্ৰাৰ্থীও কম নাছিল। লগে লগে কামাখ্যালৈ গ’ল। জালিয়াতি মাষ্টৰে দেৱীৰ ওচৰত সাস্তাংগে প্ৰণাম কৰি ভোট দিম বুলি শপত ল’লে। তাৰ পিছত দুয়ো আনন্দ মনে উভতি আহিল। পিছদিনা জালিয়াতি পণ্ডিতে ছাগলী এটা লৈ পুনৰ কামাখ্যা ধামলৈ গৈ দেৱীক প্ৰণাম কৰি ক’লে, দেৱীমা, মোক ক্ষমা কৰিব। কালি শ’লঠেকত পৰি আপোনাৰ ওচৰত মিছা শপত ল’বলগা হ’ল। আপোনালৈ এই ছাগলীটো আগবঢ়াইছোঁ। দায়-দোষ নধৰে যেন।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!