জাৰজ – মাইনু ফুকন
পগলাৰ দৰে সি ষ্টেচনৰ ইমূৰৰ পৰা সিমূৰলৈকে দৌৰিছে৷ কিবাকৈ আজি যে অলপ খুৱাবস্তুৰ যোগাৰ সি কৰিবই লাগিব৷ মাকৰ আজি তিনি-চাৰিদিন ধৰি জ্বৰ৷ কণমানি দুবছৰীয়া ভনীয়েকজনী এইকেইদিন ভালকৈ খাবলৈকে পোৱা নাই৷ ভোকত তাই কান্দিছে আৰু কান্দিছে৷ লেতেৰা, আনে খাই পেলাই থৈ যোৱা কোকা-কোলাৰ পুৰণি বটল এটাত পানীকে ভৰাই আনি সি মাক-ভনীয়েকক খুৱাইছে৷ কিন্তু পানীৰে জানো ক্ষুধা নিবাৰণ কৰিব পাৰি? আৰু সি নিজে! ভোকত তাৰো পেট কলমলাইছে, কিন্তু সি ধৈৰ্য্য ধৰিছে৷ সাতবছৰীয়া তাৰ কণমানি শৰীৰটোৰ ওপৰতে সিহঁতৰ ৰেল ষ্টেচনত থকা অঘৰী সংসাৰখনৰ সমস্ত দায়িত্ব৷ অলপ ইফাল সিফাল কৰি ক’ৰবাত কাম-চাম পাই নেকি চাইছিল৷ কিন্তু কোনেও তাক কাম নিদিয়ে, সবেই খেদায়৷ কিয়নো তাহাঁতৰ নিচিনা প্ৰাণীবোৰৰ সমাজত একো মূল্য নাই৷ সিহঁতৰ মাথোঁ এটাই পৰিচয় ——- জাৰজ৷
ষ্টেচনৰপৰা অলপ আঁতৰি আহি ৰেলৰ পৰিত্যক্ত দবাত সি খাদ্যৰ সন্ধান কৰিলে৷ অদূৰত এটা আধাখোৱা ব্ৰেডৰ পেকেট পৰি আছে, ওচৰত আৰু কিবাকিবি প্লাষ্টিকৰ পেকেট আছে যদিও সেয়া খোৱা বস্তু নহয়৷ ব্ৰেডৰ পেকেটটো বুটলি লোৱাৰ সময়ত তাৰ মুখখন আনন্দত পোহৰ হৈ উঠিল৷ খুলি চাই দেখে —- ভেঁকুৰ উঠা কেইটুকুৰামান ব্ৰেড৷ হতাশ হৈ দূৰলৈ দলিয়াই দিলে৷ পুনৰ ষ্টেচনলৈ ঘূৰি আহি ৱেইটিং ৰুমত থকা মানুহবোৰৰ ওচৰতো হাত পাতি চালে সি৷ কিন্তু লাভ নহ’ল৷ তাৰ কৰুণ দুচকুত বাৰে বাৰে ভাঁহি উঠিল ভোকাতুৰ ভনীয়েক আৰু বেমাৰী মাকৰ ছবি৷ গোটেই দিনটো লঘোণীয়া পেটেৰে ঘূৰাৰ পাছত অৱশেষত সি ষ্টেচন চাফাইৰ কাম এটা পালে৷
চুইপাৰ কম হোৱাৰ বাবে ঝাৰুৱালী ৰমলা বাইৰ লগলাগি সি গোটেই ষ্টেচনৰ আৱৰ্জনাবোৰ চাফা কৰিলে৷ আৱৰ্জনা পেলাবলৈ যাওঁতে তাৰ নিজকো আৱৰ্জনা যেনেই লাগিল৷ কেনে মূল্যহীন সিহঁতৰ নিচিনা প্ৰাণীবোৰৰ জীৱন! চাফাই কামৰ টকাটো লৈ সি চিধা খুৱাবস্তু কিনিলে৷ মূৰটো তাৰ ঘূৰোৱা যেন লাগিছে৷ কিন্তু সি পলম কৰিব নোৱাৰে৷ তাৰ কণমানি হাত দুখনেৰে খুৱাবস্তুৰ টোপোলাটো অমূল্য ৰত্নৰ দৰে বুকুত সাৱটি লৈ প্ৰাণপণে দৌৰিছে সিহঁতৰ অস্থায়ী ঠিকনালৈ৷ এই দৌৰ জীৱন যুঁজত হাৰি নোযোৱাৰ দৌৰ, জীয়াই থাকিবলৈ কৰা সংগ্ৰামৰ দৌৰ৷
দৌৰি দৌৰি আহি পাই সি দেখিলে —– মাকৰ মৰাশৰ ওপৰত ভেনামাখিয়ে ভুনভুনাই আছে৷ আৰু …………! আৰু মাকৰ উদং বুকুৰ শুকান পিয়াহ চুপি আছে তাৰ কণমানি ভনীয়েকজনীয়ে৷ তাৰ হাতৰ পৰা খুৱাবস্তুৰ টোপোলাটো সৰি পৰিল৷
আজিৰপৰা জাৰজৰ লগতে সিহঁতৰ আৰু এটা নতুন পৰিচয় হ’ল৷ সিহঁত ঘাটমাউৰা হ’ল৷ ■■