জীয়াভৰলী (দেবব্ৰত বৰা)

তোৰ বুকুত কি জীয়াই ৰাখিছ

অ’ জীয়াভৰলী

কি পালি তোৰ অসম পৰিক্ৰমাত

ভালুকপুঙৰ পৰা জামুগুৰি

তোৰ পাৰতেই এৰি থৈ আহিলোঁ মোৰ শৈশৱ

মোৰ প্ৰথম যৌৱনো তোৰ বুকুৰ শেলুৱৈ শিলৰ ফাঁকে ফাঁকে

শিলঘৰীয়া হ’ল

 

কত ৰংমন তোৰ বুকুত হেৰাল

কত সপোন তই কলিতে চিঙিলি

ককাদেউতাৰ সাধুবোৰ এতিয়াও মনত আছে

মোৰ জীয়াভৰলী

 

তোক দেখি দেখিয়ো নেদেখোঁ

বুজি বুজিও নুবুজোঁ

কেনেকৈ বুজাওঁ তোক মোৰ আজলী

পাৰ যদি তোৰ বুকুতে থৈ দে

কৰি মোক মাজুলী

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!