জীৱনটোৰ সমান বিশাল – অনুপমা বসুমতাৰী
অকলশৰে জন্মিছিলোঁ এদিন
জীৱনজুৰি পাৰ কৰিলোঁ
অকলশৰীয়া জীৱন
তুমিয়েই কৈছিলা
জন্মতো আছিলোঁ মই অকলশৰীয়া
জীৱনতো মই অকলশৰীয়া
তুমিতো নাজানা
মই তোমাক ভালপোৱা কথাষাৰ
মোৰ একাকীত্বৰ দৰেই সত্য
তুমি মোৰ কাষলৈ আহাই বা নাহা
মই তোমাক ভাল পাই থাকিম
জীৱনটো থাকে মানে
মই জানো
ব’হাগৰ বৰষুণজাকৰ দৰে
তুমি নামি আহিবা মোৰ পৃথিৱীলৈ
বসন্তৰ ফুলবোৰৰ দৰে
ফুলি থাকিবা
মোৰ ভাৱনাৰ ফুলনিত
পৃথিৱীয়ে তোমাক
দেখকেই বা নেদেখক
তোমাৰ মৰমৰ উপস্থিতি
মোৰ উশাহে নিশাহে
আছে বিয়পি
আবেগ অনুভৱে
আবৰি আছে মোক
বতাহৰ মৃদু পৰশ হৈ
মই অকলশৰেই থাকিম দিয়া
কাৰণ হৃদয়ৰ বাহিৰে-ভিতৰে
উছাহ হৈ আছে তোমাৰ ভালপোৱা
তুমি আহিলেও
তুমি নাহিলেও
তোমাক দেখিলেও
তোমাক নেদেখিলেও
ধাননি কঁপাই ঢৌ খেলি যোৱা
বতাহজাকৰ দৰে
জীৱনৰ সেউজীয়াত
অনুভৱ কৰি থাকিম
তোমাৰ ভালপোৱা
তোমাৰ ভালপোৱাৰ বিস্তৃতি
জীৱনটোৰ সমান বিশাল
■■■
ভাল লাগিল..
সাৱলীল