জীৱনৰ বাটে-ঘাটে (-ময়ূৰ চেতীয়া)

কলিতাই সদায় ৰাতি মদ খাই আহি পত্নীৰ সৈতে মাৰ পিট কৰে। মানুহজনীৰ যন্ত্রণাকাতৰ মাত প্রায়েই শুনা পাওঁ। পিছে ৰাতিপুৱালৈ সকলো ঠিক। আমি সুধিলে কয় “ইচ ৰাম, মই সঁচাকৈয়ে দুঃখিত। ৰাতি মদ টুপি পেটত সোমালেই মোৰ কি জানো হয়। পট কৰে খঙটো উঠে। খং উঠিলেই মই ক’ব নোৱৰা হৈ যাওঁ। কাইলৈৰ পৰা এইবোৰ সব বন্ধ।’’

ৰাতি পুণৰ একে ঘটনাৰে পুণৰাবৃত্তি। মায়ে আমাক হুমুনিয়াহ কাঢ়ি কয়, “কি কৰিবি। মানুহটো আগতে ভালেই আছিল। মদেই মানুহটো খালে।’’


ওচৰ চুবুৰীয়াৰো একে কথা “এই মদাহীটোক বুজাই লাভ নাই।’’
এদিন অসহ্য হ’ল। ৰাতি মাৰ পিট আৰম্ভ হওঁতেই মই দিগন্ত, অনুজ আদি আমি কেইবাটাও কলিতাৰ ঘৰ পালোঁগৈ।

-“কোন (অবাইচ)বাহিৰত? মোক ধমকি দিবলৈ আহিছ নেকি? মই (অবাইচ) কোন চিনি পোৱা নাই? মোক কোনেও ৰখাব নোৱাৰে” – ভিতৰৰ পৰা কলিতাৰ তর্জন গর্জন।

-“হেৰি কলিতা। আমিহে। দুৱাৰ খোলক।’’
কলিতাৰ পত্নীয়ে উচুপি উচুপি দুৱাৰ খুলিলে।

-‘হেৰি কলিতা। আমি (অবাইচ) আপোনাক ৰখাবলৈ অহা নাই। মাতিবলৈহে আহিছো। সৌ সিপাৰে থকা মন্ত্রীৰ ভাগিনীয়েকটোৱে আজি আকৌ (অবাইচ) আমাৰ কলনীৰ সমুখতে ট্রাককেইখন ৰখাই ৰাস্তাটো বন্ধ কৰি পেলালে। বলক, আজি তাক (অবাইচ) এসেকা দি আহোঁ’ – দিগন্তই কলে।

– “হয় বলক বলক, (অবাইচ) আপুনিটো কালৈকো ভয় নকৰে। বলক। কলিতা, আপুনিয়েই আমাৰ লিড লওঁক”- অনুজেও হাত উজান দিলে।

-“পিছে, ভাগিনীয়েকৰ ওচৰত শুনিছো বহুত গুণ্ডা আৰু হাথিয়াৰ পাতি আছে” – কলিতাই ইতস্ততঃ কৰিলে।

– “আজি (অবাইচ) সেইবোৰ ভাবি থাকিবলৈ সময় নাই। মাথা গৰম হৈ গৈছে। এতিয়াই একো নকৰিলে পিছত ভাবি চিন্তি কি ডাল কৰিব?” ময়ো মাত লগালো।

– “ৰবাহে, এনেকৈ নভবা নিচিন্তাকৈ সেইডালৰ লগত কাজিয়া কৰিব পাৰি নেকি? অলপ আগ-পিছ ভাবি ল’ব লাগিব।’’ কলিতাই ভেকাহি মাৰিলে।

-“অ, তাৰ মানে মদ খোৱাৰ পাছতো আগ পিছ ভাবিবলৈ আপোনাৰ শক্তি থিকেই থাকে?’’ আমি আটাইকেওটাই একেলগে গৰগৰাই উঠিলো।

-“তাৰ মানে ঘৰৰ তিৰোতা মানুহজনীয়ে আপোনাৰ একো কৰিব নোৱাৰে বুলি ভাবেতো, সেইকাৰণেই সদায় মদৰ বাহানাতে তেওঁকে মাৰ পিট কৰে?’’

কলিতাৰ মাত কথা হেৰাল।

-“কালিলৈৰ পৰা (অবাইচ) এবাৰো যদি বৌক মাৰিছে বুলি গম পাওঁ, আপোনাৰ হাড় ভাঙি টুকুৰা টুকুৰা কৰি দিম।’’

বৌৱে আমালৈ কৃতজ্ঞতাৰে চালে।

কলিতা সৰগ পৰা মানুহৰ দৰে থৰ লাগিল।

আমিও পলম নকৰি গুচি আহিলোঁ।

সেইদিনাৰ পৰা কলিতাৰ মাৰ পিট সম্পূর্ণ বন্ধ। মদ খাবলৈ অৱশ্যে এতিয়াও এৰা নাই।

মায়েও সকলো দোষ মদৰ ওপৰতে জাপি দিয়াটো বন্ধ কৰিলে।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!