জীৱনৰ ভগ্নাংশ— ১০ (মৃণাল জ্যোতি গোস্বামী)
লাচিতৰ হাতৰ পৰা ভালে ভালে বাচি আহিলোঁ৷ ভাল দৰেই লম্ভিছিল মোক৷ তেখেতে কি যে প্ৰশ্নবোৰ আৰম্ভ কৰিছিল!মই ইমানদিনে তেনে ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰৰ সন্ধানতেই দৌৰি আছোঁ৷মোকে আকৌ প্ৰশ্ন সোধে, মাজে মাজে প্ৰশ্নবোৰে এনেদৰে জুমুৰি দিয়ে যে মই মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰোঁ৷ ৰৈ দিবলৈও ভয় ৷কোনে বা মোৰ পিচ পেলাই আগবাঢ়ি যায়৷ ইফালে ইংলণ্ডত ভাৰতে জয়ৰ মুখ নেদেখিলে এখন খেলতো৷প্ৰদ্যুতৰ টিকিৰ শৰীৰ বা কেনে, তাৰ একো ঠিকনা নাই, কি বা ঘমঘণ্টখন কৰি থাকে (পংকজে কৈছে তাৰ গাত ভুতে লম্ভে বোলে, ক’ব নোৱাৰি!পাৰিলে মায়ঙৰ ফালৰ বেজ এজনৰ খবৰ কৰিব লাগিব)কিতাপ এখন প্ৰকাশ কৰাৰ কথা, প্ৰকাশকে গাত লৈছে, মইহে দিব পৰা নাই৷ কি বা কৰোঁ!অইনাও জেংৰাইজনী ডাঙৰ হৈ অহাৰ লগে লগে বৰ দুষ্ট হৈছে৷খোজেই ভালদৰে দিব নোৱাৰে, দৌৰিব লাগে, বাপেকে দৌৰি থকাতোঁ দেখিছে চাগৈ!সৰু জীৱটো ,গাত ভগৱান থাকে বোলে৷তাইৰ মুখখন দেখিলেই সকলো দুখ-ভাগৰ নাইকিয়া হৈ যায়৷ মাকৰ বৰ চিন্তা ৷ ক্ৰেচত থৈ যাব লাগে৷তায়ো ব্যস্ত দৌৰত ।
এনেদৰে বিভিন্ন চিন্তাৰে মূৰটো ফাটি-চিটি যাওঁ যেন কৰিছে ৷ উফঃ অলপ সময় জিৰণি নল’লে নহ’ব ৷ ফুকনদেওৰ পৰা বাচিবৰ বাবেই তৰনৰা কৈ দৌৰিছিলোঁ ৷ উফঃ ফোপাই-জোপাই এঠাইত হাউলি লৈ দীঘল দীঘল কৈ উশাহ কেইটামান টানিছিলোঁ হে মাত্ৰ, সিফালৰ পৰা আহি থকা দেখিলোঁ শ্ৰীনিবাৰণ ভট্টাচাৰ্যক (অৰুণ শৰ্মা বোলা অসমীয়া নাট্যকাৰজনে সৃষ্টি কৰা এটা আধুনিক মনৰ চৰিত্ৰ)৷ মই কাষ চাপি গ’লো, নাহিল কোনো মানুহ নাহিল৷মোৰ ত্ৰয়োদশ নাটকখন চাবলৈ এজনো মানুহ নাহিল, পাঁচশ, পুৰা পাঁচশ মানুহক মই গড়ে দুবাৰ কৈ নিমন্ত্ৰণ জনাইছিলোঁ, মোৰ নাটকখন চাবলৈ৷ এজনো নাহিল৷ মই ক’লো— নাহিবতো, আজিকালি ডিস্ক চাবলৈ যায়, কেচিনঅ’ লৈ যায় অসমীয়া ৰাইজ, নাটক চাবলৈ কিয় যাব৷ তেখেতে ব্যংগাত্মক হাঁহি এটা মাৰি ক’লে— মই এতিয়াৰ কথা কোৱা নাই ষাঠিৰ দশকৰ শেষৰ কথা কৈছোঁ ৷ ময়ো তেখেতলৈ বেকা হাঁহি এটা ঠেলি দি ক’লোঁ— বছৰ হে বাঢ়িলে, একো সলনি হোৱা নাই৷একেই আছে, সলনি হৈছে মাথোন মানুহৰ প্ৰয়োজনীয়তা ৷ তেখেতে গেঙেৰি মাৰি উঠিল— দেখা নাই উদ্দীপ্ত, পংকজ, অঞ্জলহঁতে ইণ্টাৰনেটত বেজবৰুৱা দাৰ নাটক এখন সংৰক্ষণ কৰিবলৈ ওলাইছে ৷ তই কি কৰি আছ ? মই ভেবাচেবা খাই গ’লো, বুঢ়াই তাৰমানে খবৰ ৰাখিছে ৷ এৰা তেতিয়াই কৈছিল তেখেতৰ বোলে জন্ম পঞ্চাশ বছৰৰ পিছত হ’ব লাগিছিল৷ তাৰেই প্ৰমাণ৷ মই কথা সলাবলৈ ক’লো— আপুনিটো ঘোঁৰা দেখিলেই ৰ’ব নোৱাৰিছিল, এতিয়া একা৷উত্তৰ আহিল— একেই আছে, মনত ৰাখিবি গতিৰ বিনে গতি নাই৷দৌৰ ৰৈ গৈছ কিয়?পিঠিখন চা মোৰ, ঘাঁবোৰ বাঢ়িছে, তেখেতে চোলাটো দাঙি দিলে ঠেলা মাৰি মোক দৌৰিবলৈ আগুৱাই দিলে৷হঠাৎ এটা গুমগুমনি৷আৰে কি হৈছে, মই দেখোন ঢলং পলং কৰিছোঁ৷অ’, মই কৰা নাই, পৃখিৱীখন হে কঁপিছে ৷ ভ্ৰাম্যমাণ কাণ ফুচফুচটোত খবৰ আহিল,৷ ভুঁইকঁপ, ছিকিম ইয়াৰ উৎপত্তি স্থলি৷ ৰিখটাৰ স্কেলত ৬.৯৷ বৰ ভুঁইকঁপ৷ বহু মানুহ মৰিব চাগৈ৷ মনলৈ আহিল সৰুতে পিতায়ে কৈছিল— মানুহৰ পাপৰ বোজা বেছি হ’লে পৃথিৱীখন পিঠিত লৈ থকা ভেকুলীটোৱে গাটো লৰাই দিয়ে, তেতিয়াই ভূঁইকঁপ হয়, পৃথিৱীত বাৰু পাপ বাঢ়িছে নেকি?সেইবাবেই, অসমত হে বাঢ়িছে , ভাবি একো লাভ নাই৷দৌৰিব লাগে মই৷পুনৰ নতুন উদ্যমেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ মই৷