জীৱনৰ লক্ষ্য–ডেইজী কাশ্যপ
জীৱনৰ লক্ষ্য বুলি ক’লে বহু কথাই বৰ্তমান চকুৰ সন্মুখত অগা-দেৱা কৰে৷ তাহানিতে কিতাপৰ পাতত যে পাইছিলো, “লক্ষ্য হীন জীৱন কাণ্ডাৰীবিহীন নাৱৰ দৰে”, তেতিয়াই ভাৱিছিলো জীৱনৰ লক্ষ্য এটা মোৰো থাকিব লাগিব৷ কিন্তু লক্ষ্যটো কি হ’ব সেইটোকে ভাৱি বহুকেইটা দিন পাৰ হৈ গৈছিল৷ তেতিয়া আছিল সপোনৰ দিন৷ সপোনত উটি-ভাঁহি ফুৰাৰ দিন৷ সপোন পুৰীত ঘূৰি থাকোঁতে কেতিয়াবা যদি ডাক্তৰ হৈছিলো, কেতিয়াবা আকৌ নিজৰেই ভাল লগা শিক্ষক গৰাকী৷ যিয়েই মনৰ পটত বহিব পাৰিছিল, লগে লগে লক্ষ্যটিও তেওঁৰ ফালেই ঢাল খাইছিল৷
পঢ়াত ৰোল নং ১ হ’ব পৰাকৈ চোকা নাছিলো৷ তথাপিও সৰুতে ২/৩ হৈছিলো৷ হাইস্কুল পোৱাৰ পিছত ৰোল নম্বৰটিৰ পৰিমাণটো আৰু বাঢ়িল৷ ইফালে “জীৱনৰ লক্ষ্য” ই ইতিমধ্যে ৰচনাৰ কিতাপ আহি পাইছিল৷ পৰীক্ষাত যাতে নম্বৰ নকমে তাৰ কাৰণে “জীৱনৰ লক্ষ্য”ক উৰাই-ঘূৰাই লিখিলো৷ এককথাত practice কৰিলোঁ৷ বাস্তৱ জীৱনৰ লক্ষ্যই ইফালে পচন্দৰ ঠাই টুকুৰা পোৱাই নাছিল৷ এনেকৈতো নহ’ব, গতিকে চেদেলি-ভেদেলি হৈ থকা বাস্তৱৰ লক্ষ্য বোৰক এদিন এটা ৰাস্তা দিলোঁ৷
কিন্তু কথাতে আছে নহয় “দাতাই দিলেও, বিধাতাই নিদিয়ে৷” মোৰ লগতো এনেকুৱাই হ’ল৷ বাৰে বাৰে উজুটি খালো৷ ৰাস্তাটো ভুল হ’ল মোৰ৷ লগতে লক্ষ্যৰ লগত আনুসঙ্গিক ভাৱে থকা দিশবোৰেও হতাশ কৰিলে৷ কিছুমান বস্তু ইচ্ছা থাকিলেও এৰি দিব লগীয়া হ’ল৷ কিন্তু এতিয়া উপলব্ধি কৰিছো যে, জীৱনৰ লক্ষ্য বৃত্তি কেন্দ্ৰিক হোৱা উচিত নহয়৷
নিৰ্দিষ্ট এটা বৃত্তি আমাৰ জীৱনৰ লক্ষ্য হ’ব নালাগে৷ তাৰ বিপৰীতে সেই বিশেষ বৃত্তিটোৰ মাজত নিহিত থকা উদ্দেশ্যটি হে আমাৰ লক্ষ্য হোৱা উচিত৷ সেই উদ্দেশ্যটিক কেনেকৈ ফলপ্ৰসূ কৰিব পাৰি সেইটো হে আমাৰ চিন্তাৰ বিষয় হোৱা দৰকাৰ৷ সমাজ সেৱা, সমাজৰ বাবে আদৰ্শবান ব্যক্তি হোৱা আদিয়ে নিৰ্দিষ্ট এটা বৃত্তিক কেন্দ্ৰ নকৰে৷ আমি আন বিভিন্ন বৃত্তিৰ মাধ্যমেৰে সেই সেৱা প্ৰদান কৰিব নিশ্চয় পাৰো৷ নিজৰ ভৰিত থিয় হোৱাতো আমাৰ জীৱনৰ প্ৰথমটো লক্ষ্য হ’ব লাগে৷ যাতে বৃত্তিগত ভাৱে আমি ক’ৰবাত উজুটি খালেও মানসিক উদ্যম হেৰুৱাই নেপেলাওঁ৷ আমাৰ মানসিক শান্তি, সুখ অটুট ৰাখি, পৰিয়ালৰ ওপৰত হেঁচা প্ৰয়োগ নকৰাকৈ, যি বৃত্তিৰ যোগেদিয়েই আমি নিজৰ ভৰিৰ ওপৰত থিয় নিদিও কিয় সেয়া আন দহজনৰ বাবে সদায়েই আদৰ্শ হৈ ৰ’ব৷ লক্ষ্য আৰু বৃত্তিৰ মাজৰ পাৰ্থক্য বুজি আগুৱাই গ’লে হয়তো কেতিয়াও হতাশাত ভুগিবলগীয়া নহ’ব৷