জীৱনৰ ৰং (জোৎস্না গগৈ)

জীৱনৰ ৰং

জোৎস্না গগৈ

জীৱনত আমি বহু ধৰণৰ অভিজ্ঞতা লাভ কৰো, বিভিন্ন ধৰণৰ মূহুৰ্ত্ত আহে আৰু পাৰ হৈ যায়। তাৰেই দুটামান মূহুৰ্ত্তৰ অভিজ্ঞতা আপোনালোকৰ বাবে আগবঢ়ালো।

টিপ্

ৰাতি’ৰ ডিউটি’লৈ আহি সকলো ৰোগীকে মাত লগাই আহিলো। অলপ সময়ৰ পিচত ৯ নম্বৰ কেবিনৰ ৰোগী গৰাকীক দিবলগীয়া বেজী কেইটা ট্ৰেখনত লৈ গলো, তেখেতৰ আজি ছিজাৰিয়ান হৈ গৈছে। বেজী কেইটা দি হোৱাৰ পাচত ৰুমৰ পৰা ওলাই আহিব লওঁতে ৰোগী গৰাকীৰ স্বামীয়ে মোৰ হাতত অলপ টকা গুজি দিব বিচাৰে

: আপুনি মোক কিয় টকা দিব লৈছে ? মোক নালাগে!
: নহয় চিষ্টাৰ আমি সুখী হৈহে দিব লৈছো।
: মই মোৰ ডিউটি কৰিছো, আৰু তাৰবাবে মই দৰমহা পাওঁ।
: মই জানো আপুনি ডিউটি কৰিছে, এখেতকো ভালদৰে চাব আৰু তাৰবাবে….
: আপুনি পইচা যাচি মোৰ লগতে মোৰ বৃত্তিটোকো অপমান কৰিছে
বুলি কৈ খঙত ওলাই আহিলো।

আদৰণি

O.T.ৰ পৰা ওলাই ৰঙা গুলপীয়া কনমানি কেঁচুৱাটোৰ ঘৰৰ মানুহ কোন আছে মাতিলো।
: ছোৱালী হৈছে চাই লওঁক!
কনমানি কেঁচুৱাটোৰ পিতৃৰ প্ৰথম আদৰণি শব্দ “উফ ছোৱালীহে হ’ল!”

আশীৰ্বাদ

ৰোগীৰ বয়সস্থ মাতৃগৰাকীয়ে যোৱাৰ সময়ত মোক ক’লে,
: মাজনী বৰ ভাল লাগিল তোমাক, আপোন মানুহৰ দৰে শুশ্ৰুষা কৰিলা। আগৰ বাৰ ডাঙৰ ছোৱালীজনীৰো ইয়াতে নৰ্মেল ডেলিভাৰী হৈছিল, কেৱল এদিনৰ বাবেহে ইয়াত থকা হৈছিল। সেইবাবে তোমাৰলোকক কাষৰ পৰা পোৱা নাছিলো। এইবাৰহে তোমালোকক কাষৰ পৰা পালো। ইমান ধুনীয়াকৈ তোমালোকে ৰোগীৰ শুশ্ৰুষা কৰিছা, ইমান ধুনীয়া কথা-বাৰ্ত্তা, ব্যৱহাৰ, সুখী হোৱা তোমালোক। ঈশ্বৰে তোমালোকক সকলো দিয়ক।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!