জীৱন – গতি–পাপু শইকীয়া
সময়ে কৈ যায়,
সময়ে শিকাই যায়,
হেৰুৱা অতীত ঘুৰাই নাপায়।
স্মৃতিয়ে জোকাৰি যায়,
বয়সে বৰণ সলাই,
শৈশৱৰ হাহিঁটো পলকতে হেৰাই।
দুখে অশ্ৰু নিগৰায়,
সুখে মন নুযুৰায়,
আজি যান্ত্ৰিকতাত সপোন নাই।
আশাই সুহুৰি বজাই,
উদং বুকুত খুন্দিয়াই,
ছবিবোৰ ধুলি ধুসৰ ছাঁই।
আছোঁনে জীৱন জীয়াই,
চিন্তাৰ পাৰাপাৰ নাই,
আশাৰ জোলোঙাত বান্ধ খাই।
চৌপাশ খহি যায়,
সকলো এদিন হেৰাই,
তথাপিও জীৱনে যায় বগুৱা বাই…।