জীৱন-তৃষ্ণা  ( দীপালী বৰা )

সুন্দৰ মুখখন যদি তোমাৰ 
তুমি কোনজন …….. 
ধৰ্মযুদ্ধত 
শ্ৰীকৃষ্ণই তুলি লোৱা চকাটো যদি ৰথৰ 
ৰথ কোনখন ……..

যিদৰে 
ওৰে ৰাতি জ্বলি নাথাকে 
দীপৰ একেটি শিখা 
ওৰেটি পথত বৈ নাথাকে 
নদীৰ একেটি ধাৰা
ওৰে জীৱন জুৰি থাকেনে 
একেটি জীৱন–তৃষা ?

পটাচাৰাৰ সৰিয়হমুঠি 
ছটিয়াই দিয়া ….. 
ছটিয়াই দিয়া ….. 
বৈ পৰক নিৰ্মল সুৰভি

আকৌ এবাৰ লক্ষ্যভ্ৰষ্ট হওক 
দেৱদত্তৰ তীৰ

হে তথাগত 
তোমাৰ জ্যোতিৰে জ্বলক 
জীৱন অৰণি ………

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *