জীৱন (নিবেদিতা হাজৰিকা)

জীৱন

জীৱন জুইত পোৰা সোণ
অলপ বিষাদ
অলপ অশ্ৰু
কেইটিমান কবিতা
একোটি বৰষুণৰ সন্ধিয়া
আৰু এখন নীলা নৈ !

জীৱনক ভাল লাগে বাবেই
ক’ব নোৱাৰো ভালপাওঁ বুলি
কিমান বা ডাৱৰে পাতে বৰষুণৰ মেলা,
য’ত উজাই-ভটিয়াই বাউল হ’ব দুখন পালতৰা

কেতিয়াবা এখন নিৰুদ্বেগ নদী
কেতিয়াবা তাৰ ৰূপালী লহৰ
আৰু কেতিয়াবা
নিশা দুপৰত গুণগুণাই জগোৱা এটি গীত

সপোনৰ কিছু ভগা টুকুৰা
অলপ অশ্ৰু
অলপ বিষাদ
অলপ নীৰৱতা,
তথাপিও জীৱন
হেঁপাহৰ এজাক সুমথিৰা ৰ’দ,
যি ভৰাই তুলিব পাৰে হৃদয়ৰ বিস্তীৰ্ণতা
স্পৰ্শ কৰি আত্মাৰ গভীৰতা !!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!