জীৱন (প্ৰদ্যুতজ্যোতি শইকীয়া)
নদীয়েদি আগুৱাই নাওঁ পালেতৰা
নাই আজি পদূলিত বকুল তলেসৰা,
নীলিম আকাশ আজি ডাৱৰে আৱৰা
বলিছে জীৱনত চিন্তাৰ ধুমুহা |
সৰিছে পাপৰি এটি দুটি কৰি
তোমাৰ স্মৄতি আছে মনাকাশ আৱৰি,
খহিছে দিচাং, খহিছে জীয়া ভৰলী
নিয়ৰে ধুৱাইছিল তোমাৰে দুভৰি |
বাঢ়িছে দিচাংখন একলা দুকলা
পুৰ্ণিমা মুখখনি আজি দেখো সেমেকা,
জীৱনে তৰিছে সংগ্ৰামী আখৰা
নুবুজে কোনেও এনেহেন বেদনা |
সৰাপাত আহঁতৰ এখিলা দুখিলা
ফাগুন নহয় আজি যৌৱন উতলা |
হৄদয়ৰ অবুজ নেদেখা বেদনা ,
স্মৃতিকাতৰ আজি জীৱনৰ সন্ধিয়া |
(এটি সুৰৰ আঁতধৰি )