জীৱন, ব্ৰহ্মাণ্ড আৰু সকলো (-উদ্দীপ তালুকদাৰ)

(তৃতীয় অংশ )

ঝাপ্‌ শব্দটোত অনন্তই মূৰ তুলি চাই আচৰিত হৈ গ’ল। সি এতিয়া সিহঁতৰ ঘৰৰ ভিতৰতত নাই। চাৰিওফালে একেবাৰে বেলেগ পৰিবেশ। এতিয়া সি পৰি হৈ আছে প্ৰায় চৈধ্য ফুটমান ব্যাসৰ এটা গোলাকাৰ ঘৰত। চাৰিওফালৰ বেৰত বিভন্ন ৰকমৰ যন্ত্ৰ-পাতি। সি য’ত পৰি আছে, তাৰপৰা প্ৰায় তিনিফুটমান আঁতৰত তিনিফুটমান ওখ টেবুল এখন, দীঘলে ছফুট, বহল প্ৰায় চাৰিফুট। সেইখনৰ ওপৰত বিভিন্ন ৰঙৰ বুটাম আৰু তিনিডাল আগুৱা-পিছুৱা কৰিবপৰা হাতল।

ওপৰলৈ চালে অনন্তই। বিভিন্ন যন্ত্ৰপাতিৰ মাজত ওলাই থকা পাইপ এডালত এটা প্ৰায় বান্দৰৰ নিচিনা প্ৰাণীয়ে নিজৰ নেজডাল পাই ততলৈ মূৰ কৰি শুই থকাৰ নিচিনাকৈ আছিল। সেইটোৰপৰা একেবাৰে বিপৰীত ফালে আছিল খ্ৰীংকো। ওলাই থকা দিঘলীয়া কিবা এডালত ফিচাখনেৰে বেলেন্স ৰাখি থিয় হৈ থকাৰ বাবে বেচেৰাই চেষ্টা কৰি আছিল। কিন্তু নোৱাৰিলে। থলৌপকৈ আহি মজিয়াত পৰিল। আৰু সাৰ-সুৰ নোহোৱাকৈ পৰি ৰ’ল।

“চেহ্‌, গ’লেই নেকি?”

-গ’লেই যেন পাওঁ।

-নাই, নাই, যোৱা নাই কিজানি!

-হুম, যোৱা নাই।

-গ’লেনো কি হ’ব?

-নগ’লেইনো কি নহ’ব?

কথাকেইষাৰ তেনেই নিস্পৃহ ভাৱে একেটা মাতেই এজেন আনজনক কোৱাৰ নিচিনাকৈ কৈ আছিল। মাতটোনো ক’ৰপৰা আহিছে অনন্তই পট্‌কৈ ধৰিব নোৱাৰিলে।

“মৃত্যুওটো এটা শিল্প..” গমগমীয়া মাত এটা ভাঁহি আহিল অনন্তৰ সম্মুখৰপৰা। “চুপ্‌!” আগৰ মাতটোৱে ভাল ধমক এটা দিলে। এইবাৰহে মাতটোৰ উৎস ধৰিব পৰা গ’ল। বান্দৰৰ নিচিনা বস্তুটোৱেই ইমান দেৰী কথাখিনি কৈ আছিল। “ইয়াত এজন মৰিব ওলোৱাৰ বেদনাত মোৰ মুখৰপৰা কবিতা ওলাইছে আৰু তুমি মোক চুপ কৰাইছা!” গমগমীয়া মাতটো আহিছিল অনন্তৰ সম্মুখৰ টেবুলখনৰপৰা।

হুমুনিয়াহ এটা কাঢ়ি বান্দৰটোৱে (বান্দৰ বুলিয়েই কলোঁ আৰু, কিন্তু সেইটো বান্দৰ মুঠেই নহয়। বান্দৰ অনন্ত চকচকীয়া ৰূপালী ধাতুৰে নিৰ্মিত নহয়!) ক’লে, “বাচি থকাটো মিনিংলেছ। জীৱন একেবাৰেই অৰ্থহীন, গভীৰ শূন্যতাৰে পূৰ্ণ। ইয়াতকৈ মৰি যোৱাও বহুত ভাল।” বান্দৰটোৱে অলপ লৰচৰ নকৰাকৈ উত্তৰ দিলে।

“ফাল্টু কথা বাদ দিয়া আৰু শ্ৰীমান খ্ৰীংকোৰ কি হৈছে চোৱাগৈ।” টেবুলখনে আদেশ দিয়াৰ নিচিনাকৈ ক’লে। বান্দৰটোৱে বহুত কষ্টেৰে, থেৰো-গেৰোকৈ, চূড়া্ত অনিচ্ছাৰে পাইপডাল বগাই নামি আহিল আৰু খ্ৰীংকোৰ ফালে আগবাঢ়িল।

বান্দৰটোৱে ইমান দুখমনে আনমনা হৈ গৈ আছিল যে বাটতে পৰি থকা অনন্তক সি দেখাই নাপালে, আৰু দেখা নাপালে সাধাৰণতে যিটো হয়.. সেয়ে হ’ল। অনন্তৰ গাতে উজুটি খাই চিতভোলোঙা খালে।  কোনোমতে আকৌ উঠিল, কেৰাহিকৈ এবাৰ অনন্তৰ ফালে চালে, আৰু একো এটা নমতাকৈ মুখখন আগতকৈ কৰুণ কৰি খ্ৰীংকোৰ ওচৰ পালেগৈ।

বান্দৰটোৱে চিতভোলোঙা খোৱা দেখি টেবুলখনে খিক্‌খিকাই হাঁহিবলৈ ধৰিলে আৰু চিঞৰি চিঞৰি নেওতা মতাৰ নিচিনাকৈ গাবলৈ ধৰিলে, “পাৰ্‌ পৰিল… পাৰ্‌ পৰিল.. পাৰে পা পিছলি পতন পালে..”

টেবুলখনে এই ঘটনাটোতে ইমান ফূৰ্তি পাবলগীয়া কি হ’ল অনন্তই বুজি নাপালে। বান্দৰটোৱে নেওতা শুনি দুখ পালে হ’বলা, তাৰ চকুদুটা চলচলীয়া হ’ল। কান্দো কান্দোকৈ সি খ্ৰীংকোক হাতেৰে দাঙি লৈ পিতিকি-মোহাৰি চাবলৈ ধৰিলে।

“আ: হা! এইজননো কোন? এই পৰি থকা দুঠেঙীয়া জন?” টেবুলখনৰ আকৌ খিকখিকাই হাঁহি। অনন্তই উঠিবলৈ চেষ্টা কৰিলে। “ৰ’বাহে! পৰি থকা প্ৰাণী, নুঠিবা।” আকৌ সুৰ লগাই টেবুলখনে ক’বলৈ ধৰিলে, “আগতে চিনাকিটো লৈ লওঁ।”

“কাৰ্বন, হাইড্ৰ’জেন, অক্সিজেন, কেলছিয়াম, মেগনেছিয়াম, নাইট্ৰোজেন, পটাছিয়াম, ছ’ডিয়াম, ক্ৰমিয়াম, মেংগানিজ…” টেবুলখনে প্ৰায় গোটেই পৰ্যাবৃত্ত তালিকাখনকে আওৰাবলৈ ধৰিলে।

“তুমিনো কি বস্তুহে? ইমানগলা মৌলৰে তোমাক চাট্‌ বনোৱাদি কোনে বনালেহে?” নিজৰ ৰসিকতাত টেবুলখনে আকৌ হাঁহিলে, “ডোণ্ট মাইণ্ড! মোৰ স্বভাৱটোৱেই অলপ ধেমেলীয়া। গতিকে বেয়া নাপাবা। অলপ জমাই মেলি নাথাকিলে বাচি থকাৰ কোনো অৰ্থ নাই।”

“জমাই মেলি থাকিলেও বাচি থকাৰ কোনো অৰ্থ নাই,” বান্দৰটোৱে উত্তৰ দিলে।

“হে: হে: আকৌ তৰ্ক কৰিবলৈ মোৰ মুঠেই ইচ্ছা নাই। আগতে আমাৰ নতুন আলহীক ভালকৈ এনলাইছিছ কৰি লওঁ।”

“তেওঁক এনালইছিছ কৰিবলৈ একো নাই। আৰু তোমাৰ প্ৰছেছৰত ইমান কেপাচিটিও নাই।”

“ঠিক কৈছা যেন পাইছোঁ। আচলতে মই এই এনালাইছিছ-টেনালাইছিছ কিৰ ভালো নাপাওঁ। তাতকৈ কবিতা লিখি আৰু নতুন কৌতুক লিখি মই বেছি ভাল পাওঁ। তুমিতো এনালাইছিছ কৰি কৰিয়েই চুলি পকালা, তুমিয়েই কৈ দিয়াচোন এওঁনো কোন?”

“হু: নাচিব নাজানে চোতালখন বেঁকা,” ভোৰভোৰালে বান্দৰটোৱে। তাৰপাছত ডাঙৰকৈ ক’বলৈ লাগিল, “এওঁ সৌৰজগতৰ পৃথিৱী নামৰ গ্ৰহটোৰ বসাইন্দা। এওঁৰ নাম…” এইবুলি হেন-তেনকৈ বান্দৰটোৱে অনন্তৰ মাক-বাপেকৰ নামৰপৰা জেনেটিক মেক-আপলৈকে এফালৰপৰা গাই যাবলৈ আৰম্ভ কৰিলে। অনন্তৰ মূৰটো ঘূৰাই গ’ল।

“ৱাও… বঢ়িয়া! তুমি বহুত কথা জানাহে। কেনেকৈ?” টেবুলখনে সুধিলে। কিন্তু উত্তৰলৈ বাট নাচাই নিজেই আকৌ যোগ দিলে, “মোৰো যদি তোমাৰ সমান পাৱাৰ থাকিলহেঁতেন!”

“অন্তত: এই মূৰ্খৰ দৰে হাঁহি থকা স্বভাৱটো গ’লহেঁতেন।” বান্দৰটোৱে ক’লে।

“মই ক’ত?” তেনেতে সেহাই সেহাই খ্ৰীংকোৱে মাত দিলে। কথাষাৰ শুনিয়েই বান্দৰটোৱে তাক আনি বেৰৰপৰা ওলাই থকা বহল মুখৰ পাইপ এডালত সুমুৱাই দিলে। খ্ৰীংকো পাইপডালেৰে চলৌপকৈ ভিতৰলৈ সোমাই গ’ল। ক’ৰবাত মেচিন চলাৰ নিচিনা ঘটং ঘটং শব্দ ওলাবলৈ ধৰিলে। লগতে পানীঋ আজত মাছে খলখলোৱা যেনো লাগিল। আৰু অলপ পৰ পাছতে আন এডাল পাইপৰ ফুটাৰে চল্‌টপকৈ খ্ৰীংকো ওলাই আহিল। এইবাৰ পিছে সি বিৰাট সুস্থ। বৰ স্মাৰ্টভাৱত আহি টেবুলৰ ওপৰত থকা বুটাম দুটামান টিপি দিলে। অনন্তৰ ফালে চাই ‘হাই’ বুলিলে। বান্দৰটোৰ পিঠিত চাব্বাছ দিবলৈ ফিছাৰে লাহেকৈ এথাপৰ দিলে। বান্দৰটোৱে তাতেই বৰ দুখ পোৱাৰ নিচিনাকৈ পিঠি মোহাৰিবলৈ আৰম্ভ কৰিলে।

টেবুলখন ইমান পৰে মনে মনে আছিল। অনন্তই সপোন দেখিছে নেকি খাটাং কৰিবলৈ নিজক চিকুটি দিলে। আৰু চেঙাত্‌কৈ লগা বিষটোত গম পালে সি সাৰ পায়েই আছে। উঠি বহিব খোজোঁতেই টেবুলখনৰ মাত ভাঁহি আহিল, “হেই খ্ৰীংকো! ইয়ো মেন্‌, ইয়ো…”

ক্ৰমশ:

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!