জীৱনৰ দুটি স্তৱক (প্ৰসন্ন কুমাৰ দাস)

জীৱ্নৰ দুটি স্তৱক

প্ৰসন্ন কুমাৰ দাস

১)
শাওণৰ পথাৰত হেঙুলীয়া ৰ’দে উমলে
লহিওৱা বেলিৰ স’তে বাঢ়ি আহে
ৰোৱনীৰ হাতৰ পাক,
নৈপৰীয়া গঞাৰ বুকুত সপোনৰ কলৰৱ
ঠিকে-ঠাকে চলিলে
এইবাৰ ভৰিবই ভৰিব উদং ভঁৰাল
আঁতৰিব গাঁৱৰ কঙাল ….
২)
যান্ত্ৰিকতাৰ দৌৰাত্ম্যৰ ফাঁকেৰে
বিগলিত হয় বুকু
এজাক শাওণীয়া আতুৰ বৰষুণত
অজান মুলকত নিখোজ হোৱা
তাহানিৰ সেই নিভাঁজ মাদকতা
যাক পিন্ধাব নোৱাৰোঁ একো আভৰণ, কোনো শব্দৰেই …. ।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!