জুই (মিতালী গোস্বামী)
জুই
কঁপিছে দুহাত,
জুইকুৰা ইমান নিৰুত্তাপ!
ছিটিকি পৰিছে তেজ তেজ ৰংবোৰ…
ফিৰিঙতিৰে দুহাত বোলাই,
ছিৰাল ফটা মাটিৰ বুকুৱেদি
উঠি আহিছিল সিহঁত!
হাফলুৰ পাহাৰ হৈ…
দেউতা সাৰে আছিল,
চকুৰ পানীৰে দুগাল তিয়াঁই
আইৰ বুকুৰ মাজত,
কুছিমুছি ৰৈছিল পোনাকন!
কুশলে আছেনে সিহঁত?
জুইকুৰা জ্বলিছে!
জিলিকি উঠিছে বহ্নিশিখা,
তথাপি ইমান নিৰুত্তাপ!