জুৰি বৰা বৰগোহাঞিৰ ‘নেত্ৰী’য়ে বাস্তৱ ছৱিখন উদঙালে?
লেখক- ধীৰেন শইকীয়া

বিশিষ্ট ঔপন্যাসিকা জুৰী বৰা বৰগোহাঞিৰ ‘নেত্ৰী’ উপন্যাসত অসমত দীৰ্ঘদিন ধৰি চলা সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসত মহিলা কেডাৰসকলে জীৱনত পাই অহা অসমতাৰ সুন্দৰ প্ৰকাশ কৰিছে। কাহিনীৰ পটভূমি হ’ল ভূটান ৰাষ্ট্ৰৰ ভূমিত ২০০৩ চনৰ ১৫ ডিচেম্বৰত সংঘটিত ‘অল ক্লীয়াৰ অপাৰেচন’ৰ কালান্তক তেজেধোৱা সময়। নিষিদ্ধ ঘোষিত সংগঠনৰ আগশাৰীৰ সদস্য হেমৰাজ গগৈ আৰু মিনতি হাজৰিকাৰ সন্তান ‘জোনা’ হিচাপে প্ৰথম পুৰুষত ৰচিত উপন্যাসখনে ‘অল ক্লীয়াৰ অপাৰেচন’ৰ পৰৱৰ্তী কালৰ নিৰুদ্দিষ্ট ভালেখিনি সংগঠনৰ কেডাৰৰ প্ৰকৃততে কি হ’ল তাৰ কথাও কৈছে। ভূটানৰ পাহাৰ, পৰ্বত, উপত্যকা ভূমিৰ সুন্দৰ প্ৰাকৃতিক বৰ্ণনাৰেও আওপকীয়াকৈ জুৰি বৰা বৰগোহাঞিয়ে উপন্যাসখনক পাঠকৰ উপভোগ্য কৰি তুলিছে। স্পষ্টভাৱে লেখিকাই উল্লেখ কৰিছে— “সংগঠনত যিসকলৰ বিবাহ হৈছে, যিসকল সন্তানৰ মাতৃ, সেইসকলক সংগঠনৰপৰা অব্যাহতি দিব। তেওঁলোক কেম্পৰ পৰা যাব লাগিব। সৰু ল’ৰা-ছোৱালীৰ বাবে কেম্প সুৰক্ষিত নহয়। কমাণ্ডেণ্ট মেনী হাজৰিকাই এই কথাত কলেঃ আমি এই প্ৰস্তাৱ গ্ৰহণ নকৰোঁ। (পৃষ্ঠা ৫৮)। পৰৱৰ্তী সময়ত আকৌ কৈছে “ইমানদিনে নাৰী হোৱাৰ বাবেই সংগঠনত বহুত দেখিলোঁ। আমাৰ লগত বহুত অন্যায় হ’ল। এই সিদ্ধান্ত লোৱাৰ আগতে কাৰ্যকৰী পৰিষদে এটা সিদ্ধান্ত ল’ব লাগিব। সকলো নেত্ৰীৰ মানুহকেইজনকো একেলগে সংগঠনৰ পৰা অব্যাহতি দিব লাগিব। তেওঁলোক সাংগঠনিকভাৱে যিমান গুৰুত্বপূৰ্ণ দায়িত্বত থাকক। এই সৰু সৰু ল’ৰা-ছোৱালীৰ সৈতে কেৱল মহিলাখিনিক অব্যাহতি দিলে তেওঁলোকে প্লেইনত গৈ কি খাবগৈ? কোনে খুৱাব? কোনে দায়িত্ব ল’ব ইমান জাক মানুহৰ? এই কথা কাৰ্যকৰী পৰিষদে স্বীকাৰ কৰিব লাগিব।
“আগতে আমাক সংগঠনে কুৰিয়াৰ হিচাপে ব্যৱহাৰ কৰিলে। নাৰীক সহজে সন্দেহ নকৰে। নাৰীসকল বাধ্য, বিশ্বাসী। কেম্পত আমি অফিছৰ কাগজ পত্ৰ চাওঁ, বেমাৰীৰ চিকিৎসা দিওঁ। আৰু কি কৰোঁ? নাৰী হোৱাৰ বাবেই আমাৰ প্ৰমোচন নহয়। নতুন অপৰিপক্ব পুৰুষ কেডাৰ ঢাপে ঢাপে আগুৱাই থাকিল। মহিলা সদস্যই এসময়ত কেডাৰ গোটোৱা কাম কৰিছিল, কমাণ্ডেণ্ট হৈছিল। মহিলাই শীৰ্ষ নেতাকো ট্ৰেইনিং দিছিল। ভুলৰ শাস্তিও পুৰুষৰ সমানেই। কেম্পত জাৰে-জহে, ভোকে-লঘোনেও সমানেই দিন পাৰ কৰিছোঁ। আমিও পৰ্বত-পাহাৰ বগাইছোঁ। ওখ ওখ দেৱাল জাপ মাৰি পাৰ হৈ গৈছোঁ। কান্ধত গধুৰ অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াইছোঁ। চাউলৰ বস্তা পৰ্যন্ত। আমিও সমানে ডেংগু, ক্ৰনিক মেলেৰিয়া, ডায়েৰীয়া, মখলঙত ভুগিছোঁ। সমানেই গোপন দায়িত্ব পালন কৰি আহিছোঁ। বিবাহিত নাৰীক সংগঠনৰ কোনো কামৰ স্বীকৃতি দিয়া নহয়। নাৰীসকল বিবাহ হ’লেই, সন্তান হ’লেই সংগঠনৰ পৰা অব্যাহতি দিব? সেই সিদ্ধান্তও ল’ব নেতাই? এইটো আকৌ কেনে কথা? এইসকল ভৈয়ামৰ সৰল সুখৰ জীৱন এৰি আহিছে। বছৰ ধৰি কেম্পৰ কষ্টৰ কষ্ট আৰু শংকাৰ জীৱন বাচি লৈছে। সংসাৰ ধৰ্ম পালন কৰি আছে।
সংগঠনৰ নামত প্ৰতিজনী মহিলাই এই পাহাৰৰ তম্বুত জীৱনৰ মূল্যবান সময়খিনি পাৰ কৰি আছে। অথচ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ পুৰুষ নেতাই লয়। ব্ৰিফিঙৰ আলোচনাত কোনো মহিলা সদস্যৰ মাত মতাৰ অধিকাৰ নাই। এবাৰতো মাত মতাৰ বাবে মোক নেতাসকলে পানিচমেণ্ট দিছিল। (পৃষ্ঠা ৫৯)। দীৰ্ঘদিন ধৰি সুকীয়াকৈ নাৰী বাহিনী এটি লাগে বুলি অনুৰোধ কৰা সত্ত্বেও নহ’ল সংগঠনটিত। মুঠতে উপন্যাসখনৰ যোগেদি সশস্ত্ৰ সংগঠনবোৰত মহিলা কেডাৰ এগৰাকীৰ দুখ বেদনা, প্ৰাকৃতিক দুৰ্যোগৰ সময়ৰ দুৰ্বিষহ জীৱন যন্ত্ৰণা, ল’ৰা-ছোৱালী লৈ কেম্পৰ মাজত খাদ্য, পানী আদিৰ সীমাহীন মহিলা সদস্যৰ সমস্যাৰ কথাবোৰৰ লগতে হাবিৰ মাজত প্ৰতি নিয়ত ঘটি থকা অস্থিৰতা তথা উদ্বিগ্নতাৰ সুন্দৰ বৰ্ণনা আগবঢ়াইছে। আনকি ‘অল ক্লীয়াৰ অপাৰেচন’ৰ পিছতো ক’ৰ্টৰ বহু কেচ মামলাৰ মাজেদি গতি কৰাৰ দুৰ্বিষহ সময়বোৰত আৰু তাৰ সমান্তৰালভাৱে নিজাকৈ বন্দৱস্তিৰে ভয়ে ভয়ে সমাজৰপৰা নিৰাপদ দূৰত্বত জীয়াই থাকিবলৈ যাওঁতে নিজৰ দৈনন্দিন উপাৰ্জনৰ ফালেও চকু দিব লগা হয় মহিলা কেডাৰে। ইও এক মাৰাত্মক সংগ্ৰাম। ডাঙৰ ডাঙৰ পুৰুষ কেডাৰে সংগঠনত থকাৰে পৰা পিছৰ জীৱনৰ বাবে আগতীয়াকৈ নানান লোভনীয় সুবিধা বিচাৰি ল’ব পাৰিলেও তৃনমূলৰে পৰা সংগঠনৰ লক্ষ্য আৰু আদৰ্শত বিশ্বাস কৰি চলা মহিলা কেডাৰসকলৰ বাস্তৱ জীৱনকেই ‘নেত্ৰী’ত সামৰিছে লেখিকাই। উপন্যাসখনে পূৰ্বৰ ‘কেমোফ্লেজ’, ‘সিহঁত’ আদিৰ পিছত কাহিনীচয়নত সফল হৈছে। ভূটানৰ দোচুলা পাহাৰত অৱস্থিত সংগঠনৰ সেই কেম্পটো থকা নৃশংস ঠাইখিনিত সংগঠনৰ মৃত সতীৰ্থসকলৰ ষ্মৃতিত ভূটানৰ তেতিয়াৰ ৰাণীয়ে দোচুলাৰ এই এশ আঠটা চেৰাতন(বৌদ্ধ স্তুপ) নিৰ্মাণ কৰাৰ কথাও কৈছে লেখিকাই। সম্প্ৰতি য’ত উৰি আছে শান্তিৰ বাণী লিখা অসংখ্য পতাকা। সৰ্বশেষত হেমৰাজ গগৈ আৰু মিনতি হাজৰিকাৰ জীয়াৰী জোনাই ছিলঙলৈ নাৰ্ছিং পাঠ্যক্ৰম এটি অধ্যয়নৰ বাবে উদ্যোগ লোৱা সময়তেই আশাবাদী দৃষ্টিৰে সমাপ্ত কৰা উপন্যাসখন পঢ়িলে প্ৰতি মুহূৰ্ততে কি হ’ব কি হ’ব এই উদ্বিগ্নতাৰ ভাব এটিৰো উদ্বেগ ঘটাবলৈ লেখিকা সক্ষম হৈছে বুলি ন দি ক’ব পাৰোঁ। শেষৰ ফালে ৪৯জন বিধ্বস্ত কেডাৰে পাহাৰে পাহাৰে আগবাঢ়ি ভাৰতীয় সেনাৰ কৱলত পৰোঁতে কিম্বা ভূটানত বন্দী কেইবাজনকো দেওঠাং কেম্পৰপৰা ছিলঙৰ এশ এক জি এছ ব্ৰাঞ্চলৈ লৈ গৈ গুলীয়াই হত্যা কৰোঁতেও ভূটান কেম্পৰ দায়িত্বত থকা হেমৰাজ গগৈ অনুপস্থিত থকা কথাটোৱে উপন্যাসখনত কাহিনীভাগ অধিক ৰহস্যময় কৰিবলৈ সক্ষম হৈছে। শেষৰ ফালে লেখিকাৰ মাতৃ মিনতি হাজৰিকাই অকপটে স্বীকাৰ কৰি সমাজত যুগে যুগে শ্ৰেণী সংগ্ৰাম (পদ্ধতি বেলেগ হলেও) যে চিৰ লগৰীয়া তাৰ ইংগিত দিছে—”জেলৰ পৰা ওলোৱাৰ পাছৰে পৰা সংগ্ৰাম কৰিছোঁ। এইখন সংগ্ৰাম হাবিৰ সংগ্ৰামতকৈ বেলেগ। অনবৰত যুঁজ দি আছোঁ। চাৰিওফালে সমাজ, চৰকাৰ, প্ৰাক্তন সতীৰ্থ। সকলোৰে লগত। যুঁজখন তোমালোকলৈ এৰিছোঁ। — বন্দুক লোৱা যুঁজেই যুঁজ নহয়। উত্তৰ-পূবত প্ৰাকৃতিক সম্পদসোপা থকালৈকে আমাৰ ওপৰত কাহিনী চলি থাকিব। আমাক জোৰ জুলুম কৰি থাকিব। তাৰ বিৰুদ্ধে যুঁজ এখন চলিবই লাগিব। যুঁজখন তোমালোকে লৈ যাবা। আমি ভাগৰি গৈছোঁ।” (পৃষ্ঠা ২৫/২৬) পৰিশেষত ক’বই লাগিব–লেখিকাৰ ভাষা প্ৰাঞ্জল, প্ৰকাশভংগী আকৰ্ষণীয়। উপন্যাসখন নিঃসন্দেহে অসমৰ সংকটকালৰ এছোৱা সময়ৰ অস্থিৰ বাতাবৰণ এটি বৰ্ণনা কৰাত সফল হৈছে।
