জেওৰা ( তুলিকা নিৰ্মলিয়া )

Jeora_Tulika Nirmoliya

দাঁত-মুখ কৰচি সি পিছফালে বাৰাণ্ডাতে বহি আছে৷ এই যেন ফাটি পৰিব ইমান দিনে শুই থকা আগ্নেয়গিৰি এটা৷ খঙৰ লাভাই যেন পুৰি চাৰখাৰ কৰি নিব এফালৰপৰা সকলোবোৰ! ইমান উপদ্ৰৱ, ইমান জুলুম কেনেকৈ সহ্য কৰি থাকিব পাৰি? সিও তেজ মঙহেৰে গঢ়া এটা মানুহ হে৷ বলিয়া হাতীক বলোৱাৰ দৰে সি ইমানদিন খংটোক বান্ধি থৈ বলাব পাৰিছে৷ কিন্তু এনেকৈ আৰু কিমান দিন? সহনশীলা পৃথিৱী আইৰো কেতিয়াবা কঁপনি উঠে৷ তেনেস্থলত সি সাধাৰণ নৰ-মনিচটো কোন কুটা?

সি, মানে দম্বৰু৷ ঘৰৰ পিছফালে থকা মাটিখিনিত যি পাৰে শাক-পাতৰ খেতি কৰে৷ কবি পুলিবোৰ লহপহকৈ বাঢ়ি আহিছিল এইকেইদিন৷ আলুৰ ভেটিকেইটাতো নতুনকৈ মাটি চপাই দিছিল৷ কালি তাৰ কি জানো মন গৈছিল বৰশী বাবলৈ! সেই বুলিয়ে গোহালিৰ ওচৰৰপৰা কেঁচু কেইটামান খান্দি লৈ ওলাই গৈছিল বৰশীটো লৈ৷ সি নথকা সময়খিনিতে বান্দৰে আহি গোটেই কবি-আলু সোপাকে নেফা-নেফ কৰি থৈ গ’ল৷ ঘৰৰ পিৰালিৰ কাষত থকা অমিতা কেইজোপাও শেষ৷ খাবলৈ নোৱাৰাৰ ভিতৰত থাকে জলকীয়া কেইজোপা৷ সেই কেইজোপাটো হত-শ্ৰী যোৱা বান্দৰকেইটাই টিকা চোঁচৰাই যাবলৈ নাপাহৰিলে!

আজিও ৰাতিপুৱাতে ধান এক বস্তা লৈ গৈছিল মিলত খুন্দুৱাই আনিবলৈ৷ আহি দেখিলে কাষৰ নৰেনৰ ঘৰৰ দমৰা গৰুটো আহি তিতা কেৰেলা খিনিত পাৰি দিয়া খেৰখিনি মহা তৃপ্তিৰে খাই আছে৷ দেখিয়েই খঙে তাৰ মূৰৰ চুলিৰ আগ পালেগৈ৷ চাউলৰ বস্তাৰ সৈতে চাইকেলখন চোতালতে এৰি গৰুটোক খেদি গ’ল৷ তাৰ উগ্ৰ মূৰ্তি দেখি দমৰাই দিলে ভিৰাই ল’ৰ; লগতে লাউ বগাবলৈ দিয়া হেন্দালিখনো ভাঙি থৈ যাবলৈ নাপাহৰিলে৷ দমৰাক ধৰিব নোৱাৰি জেওৰাখনৰ ওচৰলৈ গৈ নৰেনৰ ঘৰৰ মানুহে শুনাকৈ দম্বৰুৱে চিঞৰিবলৈ লাগিল৷

: ঘৰৰ মানুহ যেনে সেই গৰুও একেই৷ আনৰ অনিষ্ট কৰাৰ বাদে আৰু একো চিন্তিব নাজানে৷ এইবাৰেই শেষবাৰলৈ কৈ থলো, গৰুৱে দ্বিতীয়বাৰ সীমা পাৰ হ’লে গৰু, মানুহ কোনো সাৰি নাযাব৷

এই দমৰাই দম্বৰুৰ কমখন লটি-ঘটি নকৰা নহয়! কিন্তু কোনো বাৰেই সি দমৰাক এচাটো দিব পৰা নাই৷ ওলোটাই এবাৰ দমৰাৰ ডিঙিত লাগি থকা ৰছীত ধৰি দুচাটমান দিওঁ বুলি ভবা দম্বৰুক হে এক ফাৰ্লং মান চোঁচৰাই লৈ গৈছিল৷ সেইটো মনত ৰাখিয়েই দমৰাৰ বৰ বেছি কাষ চাপিবলৈ সি সাহ নকৰে৷

দম্বৰুৱে ভাবিছিল, আশাও কৰিছিল যে তাৰ কথাবোৰ শুনি কোনোবা ওলাই আহিব আৰু আন নহ’লেও মুখৰ খজুৱটিটোকে মাৰি সি খংটো কমাব পাৰিব৷ কিন্তু সি আশা কৰাৰ দৰে একো নহ’ল৷ তাৰ পৰিৱৰ্তে নিজৰ ঘৰৰ সীমাৰ ভিতৰত ৰৈ থকা দমৰাইহে তালৈ চাই চাই এবাৰ মূৰটো লৰাইছে আনবাৰ নেজদাল জোকাৰি আছে৷ দম্বৰুলৈ চাই নেজদাল সি এনেকৈ জোকাৰি আছে যেন সি “ধৰ ধৰ বেং” বুলি তাক বাৰেপতি বুঢ়া আঙুলিটোহে দেখুৱাইছে! দম্বৰুৰ ভাব হ’ল দমৰাই যেন তাক কৈছে__ যা যা কিদাল নো কৰিব পাৰিবি, মোৰ নেজদালো চুব নোৱাৰ তই; মোৰ গৃহস্থক কিবা কৰাটো তো বহুত দূৰৰ কথা৷

বকি বকি মুখ বিষাই যোৱাৰ পিছতো নৰেনৰ ঘৰৰপৰা কোনো এখন মুখেই ভুমুকি নমৰা দেখি দম্বৰুৱে তাৰ শেষ অস্ত্ৰপাত এৰিলে__

: গৰুৰ দৰে ঘৰৰ ল’ৰা-তিৰীও এৰাল নোহোৱা উদঙীয়া, লোকৰ ঘৰ-বাৰী টহিলং কৰে! চম্ভালিব নোৱাৰিলে এইবোৰ পুহিবই নালাগে!

শত্ৰুপক্ষক যেতিয়া ককৰ্থনা, সমালোচনা কৰা হয় যুদ্ধখনৰ ৰমক তেতিয়া হে উঠে যেতিয়া প্ৰতিপক্ষয়ো সমানে বাক-বিতণ্ডাত ভাগ লয়৷ অন্যথা যুদ্ধস্থলী হৈ পৰে ছোৱালী উলিয়াই দিয়াৰ পিছত নিতাল মাৰি পৰি থকা ৰভাঘৰৰ একোণত বাজি থকা মিউজিক চিষ্টেমৰ বে-তাল ৰাগ! দম্বৰুৱে খঙত চিঞৰি আছে যদিও তাৰ প্ৰতিপক্ষ নৰেনৰ ঘৰৰফালে এতিয়াও কোনো সাৰি-সুৰ নাই৷ শত্ৰুৰ নীৰৱ স্থিতিয়ে তাৰ খঙটো দুগুণে বঢ়াইছে৷ অগত্যা সি উঁইয়ে খোৱা জেওৰাখনতে হাতৰ এচাৰিদালে দুকোব মান দি ঘৰৰ পিছফালৰ বাৰাণ্ডাত বহিছেহি৷

###

দম্বৰু আৰু নৰেন—আগতে দুয়ো বেচ্ ভাল বন্ধু আছিল৷ সঘনে হৈ থকা এই হাই-কাজিয়া বোৰো নাছিল দুয়োখন ঘৰৰ মাজত৷ দন-খৰিয়ালৰ আৰম্ভণি হ’ল সেইদিনাৰপৰা যেতিয়া দম্বৰুৰ খুলশালীটো আহি দিন চেৰেক বায়েক-ভিনিহিয়েকৰ ঘৰত থাকি গ’ল৷

কথাটো হ’ল এনেকুৱা—নৰেনৰ মানুহজনী আছিল কোমল বয়সীয়া, দেখনিয়াৰ চেহেৰাৰ৷ এটা ল’ৰাৰ মাক যদিও মনটো চঞ্চল৷ গাঁৱৰ চেঙেলীয়া ডেকাকেইটাই আহি খুড়ীদেউ বুলি চুপতি মাৰি বহি থাকিবলৈ ভাল পাইছিল৷ তাকে লৈ নৰেনৰ মনত অসন্তোষ নোহোৱা নহয়৷ সেই কথা দম্বৰুকো সি কৈছিল৷ দম্বৰুৱেও কথাবোৰ বেঁকাকৈ নাভাবিবলৈ নৰেনক কৈছিল৷ পিছে নভবা কথাবোৰেই হৈছিল, নঘটিবলগীয়া ঘটনাবোৰেই ঘটিছিল৷ এদিন ৰাতিপুৱা নৰেনৰ মানুহজনীয়ে গা ধুই আছিল দমকলৰ পাৰত৷ দমকলৰ চাৰিওফালে তামোলৰ ঢকোৱাৰে আঁৰ বেৰ দিয়া আছিল৷ শুকাই যোৱা শীৰ্ণকায় তামোলৰ ঢকোৱা কেইখনৰ সাধ্য নাছিল নৰেনৰ ঘৈণীয়েকৰ যৌৱনক লুকুৱাই ৰখাৰ! সেই সময়তে যাওক দম্বৰুৰ খুলশালী ভিনিয়েকৰ শাকনি বাৰীৰ ফালে৷ চাৰি চকুৰ মিলন! চকুৱে চকুৰ সৈতে কথা পাতি থাকোতে দেখিলেহি নৰেনে৷ তাৰ পিছত যি হ’বলৈ আছিল সেইয়াই হ’ল৷

সেই যে এবাৰ আৰম্ভ হ’ল, এতিয়ালৈকে শেষ হোৱা নাই৷ যদিও দম্বৰুৰ খুলশালীয়েক বায়েকৰ ঘৰলৈ নহা হ’ল, যদিও নৰেনৰ ঘৈণীয়েক ঘৰত কাঠ ফালিবলৈ বুলি বহুদিন থকা ডেকা মিস্ত্ৰীটোৰ লগত পলাই গ’ল, যদিও নৰেনে দ্বিতীয় বিবাহ কৰালে আৰু বহুত ‘যদিও’ৰ পিছতো কিন্তু ইটোৱে সিটোক মুখ চোকা শাহু আইয়ে বোৱাৰীয়েকক ওলাওঁতে এটা সোমাওঁতে এটা দোষ উলিয়াই খোচ মৰাৰ দৰে খোচ মাৰিবলৈ নেৰিলে–

দম্বৰুৱে নতুনকৈ চাহপাতৰ খেতি কৰিছে, নৰেনৰ বাৰীৰ বাঁহকেইজোপা নকটাৰ বাবে চাহ পুলিবোৰৰ ফালে বাঁহবোৰ হাউলি আহি ঠাইখন চেঁচুকীয়া কৰি পেলাইছে৷ নৰেনক বহুবাৰ কোৱা স্বত্তেও বাঁহকেইদাল কটা নাই৷ ইঘৰো নহয় সিঘৰো নহয় বুলি ভাবি লোৱা দুয়ো ঘৰৰ সীমাত থকা কঠাল জোপাৰ ডালকেইটামান কাটি পাতবোৰ ছাগলীকেইটাক খাবলৈ দিয়াৰ বাবে নৰেনে অভিযোগ দিছে দম্বৰুৱে মনে মনে গছ কটা বুলি৷ দম্বৰুৱে কঠালজোপা নৰেনৰ সীমালৈ থেলি নতুনকৈ জেওৰা ভেটি সাৱধান কৰি দিছে পকা কঠাল সৰি যাতে তাৰ বাৰী লেতেৰা নকৰে৷ দম্বৰুৰ ওখ ভঁৰালটোৰ গাধৈৰ পৰা পৰি নৰেনৰ অঘাইটং পুতেকৰ ওঁঠ ফাটিছে, ডাক্তৰে তিনিটা চিলাই কৰিব লগা হৈছে আৰু দোষটো গৈ পৰিছে দম্বৰুৰ গাত! পদূলিৰে আহিলে এপাক ঘূৰি আহিব লগা হয় বাবে দম্বৰুৱেই এদিন দুয়োঘৰৰ মাজত থকা জেওৰাখনৰ বহলে দুহাত মান জোখত আধালৈকে কাটি দুয়োপাৰে দুটা কাঠৰ মূঢ়া পুতি দিছিল পটকে নৰেনৰ ঘৰলৈ যাব পৰাকৈ৷ ডাক্তৰে নৰেনৰ পুতেকৰ ওঁঠত চিলাই মৰাৰ পিছতে দম্বৰুৱেও জেওৰাখনত গোটা বাঁহ দুদালমান পুতি চিলাই মাৰি দিলে মানুহ পাৰ হ’ব নোৱাৰাকৈ৷ এসময়ত ভাওনাত ভীম অৰ্জুনৰ ভাও লোৱা দুয়ো বন্ধুৱে এতিয়া সুবিধা পালেই কৌৰৱ-পাণ্ডৱৰ ৰণ লাগে৷ ভাওনাৰ নাম __ দ্ৰৌপদীৰ বস্ত্ৰ হৰণ আৰু দুঃশাসনৰ দৰ্প চূৰ্ণ অথবা বকাসূৰ বধ, যিয়েই নহওক কিয়, সূত্ৰধাৰ যেই কোনো এটাই হৈ “অ’ হে সামাজিক লোক, তোহাৰ দেখহ শুনহ” বুলি আৰম্ভ কৰি দিয়ে! … ধেই ধিনা খিট্ ধিনা খিটি খিটি তাও … দুয়ো বীৰে যুদ্ধ কৰে সমানে সমানে…!

পিছে এই ভাওনাবোৰৰ মাজতো, দুয়ো গৃহস্থই মিলা-মিচা পচন্দ নকৰিলেও কেতিয়াবা লুকাই-চুৰকৈ, কেতিয়াবা দেখা-শুনাকৈয়ে দুয়োটাৰে মানুহ কেইজনী লগ হয়৷ কেতিয়াবা তাঁত বাতি কৰোঁতে, কেতিয়াবা যঁতৰত মহুৰা ফুৰাবলৈ, কেতিয়াবা পথাৰত মাছ ধৰিবলৈ ভেঁটা দিওঁতে, বিহুৰ সময়ত পিঠা খুন্দোতে, কেতিয়াবা চুলি ফালি ফালি বিৰিয়া ওকনি চাবলৈ, কেতিয়াবা পিঠিৰ ঘামচি ভাঙিবলৈ…৷ কঠালৰ দিনতো মনে মনে নৰেনৰ মানুহজনীয়ে দুটামান কঠাল জেওৰা পাৰ কৰাই দিয়ে৷ কঠাললৈ অৱশ্যে দম্বৰুৰ ঘৰৰ কাৰোৰে লোভ নাই৷ কঠালৰ গুটি পুৰি মিঠাতেলেৰে সৈতে পিটিকা কণ হে দম্বৰুৱে তৃপ্তিৰে খায়৷ হাঁহৰ গড়ালৰপৰা কণী উলিয়াবলৈ অকণমানি দুৱাৰখনেৰে চুচৰি সোমাই যাওঁতে ল’ৰাটোক প্ৰায়েই চাঁহিয়ে খায়৷ চাঁহি কাঢ়িবলৈকে দম্বৰুৰ মানুহজনীয়ে কঠালৰ আঠাবোৰ সৰু মাৰি এডালত ঘুৰাই ঘুৰাই লগাই মৌ-সিতাৰ দৰে ৰ’দত শুকুৱাই থয়৷ সৌ সিদিনাও নৰেনৰ মানুহজনীয়ে তিনিমাহ মূৰ নোধোৱা কথাটো দম্বৰুৰ মানুহজনীকেই প্ৰথম ক’লেহি৷

###

যিমান পাৰে দমৰাকে গালি-শপনি পাৰি বাৰাণ্ডাত বহা দম্বৰুৰ সেইখিনি সময়তে শৌচ কৰিব লাগিল৷ পায়খানাটো ঘৰৰপৰা অলপ আতৰত বাঁহজোপাৰ তলত৷ মুখত চাদা এপালি ভৰাই লৈ দম্বৰুৱে প্ৰাতঃ কৰ্ম ফেৰা কৰিবলৈ বুলি টিঙত পানী ভৰাই ল’লে৷ ৰাতিপুৱা মিললৈ যোৱাৰ আগতে এই পালি নধৰাৰ বাবেই তাৰ কাম ফেৰা নহ’ল৷ এই ফেৰা কাম ভালকৈ নহ’লে সি দিনটোৰ কোনো কামতে মনোযোগ দিব নোৱাৰে৷ ঠেহ পাতি পেটটোৱে গেঠেলা মাৰি থাকে!

পানী টিং নি পায়খানাৰ মূখত থকা গেলনটোত বাকী আৰামেৰে বহিল! এই কামটোত সি অলপ সময় লয়৷ আজিও সি বহিছে কাম ফেৰা ভালকৈ কৰাৰ মনেৰে৷ একে সময়তে বাঁহকেইজোপালৈ চাই চাই কাটিব পৰা বাঁহকেইদাল বেচিলে পাব পৰা ধনৰ হিচাপ এটা মুখৰ ভিতৰতে কৰি আছে৷ হঠাতে তাৰ হিচাপৰ খেলি মেলি লগাই বাঁহ কেইদালৰ মাজেৰে গহীন গম্ভীৰ খোজেৰে অহা মলুৱা এটাৰ মুখ দেখা গ’ল৷ ভাওনাত ‘প্ৰৱেশ’ৰ সময়ত বাজি উঠা খোল-তালৰ গুমগুমনি এটাহে যেন তাৰ কাণত গুমগুমাই বাজিল! অথচ সি ধৰি থকা আঁৰ কাপোৰখন এৰি দিবও নোৱাৰে সময়তকৈ আগতে! কোনো বচন গাব নোৱাৰে! নোৱাৰে বিলাপ কৰিবও! মলুৱাই যেন তাৰ অৱস্থাটো বেচ্ উপভোগ কৰিলে৷ তালৈ চাই মলুৱাই এবাৰ দাঁতকেইটা দেখুৱালে আৰু “বহিছা সখা? বহা বহা, আৰামত তোমাৰ কাম শেষ কৰা, মোৰ কোনো খৰখেদা নাই! ” ভাৱত ধীৰ গতিৰে দম্বৰুৰ শাকনি বাৰীত প্ৰৱেশ কৰিলে৷

দুগ্ দুগ্ দুগ্ দুগ্ দম্বৰু… বেচেৰা দম্বৰু! মলুৱাই বজাই দিলে আজি দম্বৰুক বাৰুকৈ এচাট! দম্বৰুৱে নিজৰ কাম ফেৰা সমাপন কৰি আহি পায় মানে মলুৱাই যিমান পাৰে খালে আৰু ঠিক দুই তিনিদিনৰ পিছত খাব পৰা হ’বলগীয়া ওলকবি আৰু ফুলকবি কেইটা লৈ শাকনি বাৰীৰপৰা বীৰদৰ্পে প্ৰস্থান কৰিলে৷ এটা নৰেনৰ দমৰা আৰু এটা মলুৱা, লগতে মলুৱাৰ বংশধৰে দম্বৰুৰ নগুৰ-নাকটি কৰিবলৈ এৰা নাই৷

মলুৱাক একো কৰিব নোৱাৰি দম্বৰুৱে চোতালত শুকাবলৈ মেলি থোৱা ফলা খৰি এচটা লৈ তাঁতৰ শালখন মেলিবলৈ লোৱা মানুহজনীৰ পিঠিতে বৰতাল বজালে৷ অন্য দিনা মানুহজনীয়ে মাক-বাপেকে যৌতুকত দি পঠিওৱা বস্তু কেইপদৰে এপদ বুলি ভাবি তাইৰ পিঠিখনো পাতি দিয়ে গিৰিয়েকক৷ পিছে আজি শান্ত মেদিনী কঁপি উঠিল!

: নকৈছিলোনে বাৰীৰ ফালে হালি পৰা বাঁহ কেইদাল কাটিবলৈ? সেইফালে বান্দৰকেইটা আহিবলৈ সুবিধা পায়৷ পিছে আমাৰ কথাত কাণ দিয়ে কোনে৷ মলুৱাৰ বংশধৰে মাইকী মানুহলৈ কেৰেপকে নকৰে৷ ধনুখন দেখুৱাই দিলেহে যি অলপ ভয় খায়৷ কৈ থকা নাছিলোনে মাটি অলপ আনি বাটলু গুটি কেইটামান বটিবলৈ? মই একেজনী মানুহে হাঁহ-কুকুৰা চাম নে গৰু-ছাগলী চম্ভালিম? ঘৰৰ কাম কৰিম নে বান্দৰ ৰখীয়া হ’ম? মাইকীৰ গাত হাত তুলি কি বৰ মতা টো দেখুৱাইছে? ওচৰৰে মানুহ এটা যে মেডিকেলত গৈ পৰি আছে খবৰ নাই! গা-ভাৰী মানুহজনীয়ে অকলে কেনেকৈ চম্ভালিছে তাৰ খবৰ কিবা ৰাখিছে? টানে-আপদে ওচৰ চুবুৰীয়াই সহায় নকৰিলে কোনে কৰিব? হয়ো হয়, নিজৰ পেটৰ পোৱালিয়ে কি খাইছে, কি পঢ়িছে তাৰ খবৰ নৰখা মানুহে আনৰ খবৰ কি ডাল ৰাখিব! কেৱল হাই-কাজিয়া কৰি থাকি নিজকে বৰ মতা চেলাব আহিছে! থুই কটা…

ফুটছাইৰ তলতো জুই জ্বলিব পৰাকৈ অঙঠা লুকাই থাকে৷ দম্বৰুৰ মানুহজনীৰ ক্ষেত্ৰতো সেই কথা ৰজিতা খাই পৰিল৷ ইমান দিন পিঠিত পৰা ঔ-কিল কেইটা আৰু মানুহটোৰ দন-খৰিয়ালত অতিষ্ঠ হৈ খং টোক গাপ দিওঁতে দিওঁতে আজি জুই হৈ জ্বলিছে! থুৱাই দিয়া মুখৰ থুই খঙৰ জোৰতে বহু দূৰলৈ ছিটিকি পৰিছে৷ সোঁ হাতৰ বুঢ়া আঙুলিটোৱে মধ্যমাটোক হেঁচা মাৰি এনেকৈ টিলিকি বজাইছে যেন দুয়ো আঙুলিৰ মাজত দম্বৰু হে সোমাই আছে!

মানুহজনীয়ে উভতি ধৰাত দম্বৰুৰ গা চেবালে! কথাবোৰে চুৰাট পাতে দকা দি দাকিলে! ভাবিলে — আজি হ’ল কি? শেনৰ এজাত! একেবাৰে কালি গোসাঁনী দেখোন! ওচৰ-চুবুৰীয়া মানে? নৰেনৰ কিবা…

###

মেডিকেলৰ বিছনাত নৰেন শুই আছে৷ এতিয়া যথেষ্ট সুস্থ৷ মানুহজনী কালি ঘৰলৈ গ’ল৷ ডাক্তৰে কৈছে দুই এদিনতে ছুটী দিব৷ জণ্ডিছে ভালকৈয়ে পাইছিল৷

কাষতে বহি টোপনিয়াই থকা দম্বৰুৱে সাৰ পাই নৰেনলৈ চালে৷ চকুৱে চকুৱে পৰাত দুয়োটাই হাঁহিলে৷

: মিছাকৈ কষ্ট কৰি থাকিবলৈ নো তোক কিহে পালে? মানুহজনী আছিলেই! তই যাবগৈ লাগিছিল৷

বিছনাতে বহি বেৰত পিঠিটো লগাই আউজি বহি লৈ নৰেনে ক’লে৷

: মই থাকোতে তোৰ কি অসুবিধা হৈছে? বেচেৰী গা-ভাৰী মানুহজনী ৰাতি ৱাৰ্ডৰ বাহিৰত তেনেকৈ পৰি থকাটো ভাল কথা নেকি?

পাতিবলৈ কথা বিচাৰি নৰেনে দম্বৰুৰ মুখলৈ চোৱাৰ বাদে চাৰিওফালে চালে৷ মূৰৰ ওপৰৰ ফেনখনলৈ চাই চাই ভাবিলে কিমান দিন চাগৈ ধূলিবোৰ চাফা কৰা নাই!

: ডাক্তৰে কৈছে কাইলৈ ছুটী দিব৷ খোৱা-বোৱাত নাকি লগাবলৈ কৈছে৷ যি মন যায় তাকেই খালে নহ’ব৷ কুশলক আহিবলৈ কৈ আহিছো৷ তাৰ ভাড়া মৰা গাড়ীখনকে কাইলৈ লৈ আহিব৷

নৰেনক মনে মনে থকা দেখি দম্বৰুৱে ক’লে৷

: অ’…! সৰুধন আহিছিল৷ সি ক’লে তই বোলে আমাৰ সীমাৰ জেওৰাখন ভাঙি পকী ৱাল গাঁঠিব লৈছ’?

: হেৰৌ মৰণ নোহোৱা! এই বেমাৰী দেহাৰেও সেইবোৰ কথা ভাবিবলৈ নেৰিলি৷ সৰুধনক বাৰু মই পিছে পৰেও চাই ল’ম! তই চিন্তা কৰি মৰিব নালাগে দে৷ ইয়ালৈ অহাৰ আগতে জেওৰাখন কাটি জপনা এখন দি আহিছোঁ৷ ঘপহ কে দৰকাৰত মানুহজনীক মাইকী মানুহ এজনীহে লাগিব, তই মই কি বুজি পাম! আৰু পকী ৱাল গাঁঠিলেও তোৰ এই তেতেৰা গা টো পাৰ হ’ব পৰাকৈ ফুটা এটা ৰাখিম দে৷ ___ কথাটো কৈ দম্বৰুৱে নিজেই ধেকধেকাই হাঁহিলে৷

: অ’…! মানুহজনীয়ে ক’লে তই বোলে দুই বটলকৈ তেজ দিলি মোক! তোলৈ নো কি বাকী থাকিল?

: তই এতিয়া আনে কোৱা কথাবোৰকে মোক কৈ থাকিবি নে নিজৰ ফালৰ পৰাও কিবা ক’বি? ভাওনাত মই এনেয়ে ভীমৰ ভাও পাওঁ বুলি ভাবিছ’ নেকি? গাত তেজ-শক্তি গোটেইবোৰ আছে বুজিছ’৷ তোক সেইকণ তেজ দিলে মোৰ একো নহয়৷ বিচাৰিলে এতিয়াও তোক দুঃশাসনক ফালি পেলোৱা দি দুফাল কৰি পেলাব পাৰোঁ!

: হাঃ হাঃ হাঃ … হ’ব দে, তই এতিয়া ভাওনাৰ বচন গাব নালাগে৷ ডাক্তৰে আহি তোক ধৰি-বান্ধি লৈ যাব৷

: হাঃ হাঃ হাঃ

বহু দিনৰ পিছত দুয়ো বীৰে সমানে সমানে হাঁহিলে আৰু ওচৰৰ বিছনাত পৰি থকা বেমাৰী মানুহ কেওটাই সিহঁত দুয়োটালৈ এবাৰ মূৰ তুলি চালে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!