জেঠমহীয়া চিত্ৰকল্প (মৌচুমী বি. ভৈৰৱ)

জেঠমহীয়া চিত্ৰকল্প


১)
জেঠমহীয়া পূৰ্ণিমাৰ জোনৰ নম্ৰতাত বিনীত ৰাতিৰ আকাশ
মোৰ ঘৰৰ পদূলীত কোমল বতাহৰ সান্নিধ্যত এজোপা হাস্নাহানা
মধুময় এই ৰাতিৰ পৰশ।
২)
জেঠমহীয়া গৰমৰ ভৰপক আয়োজন দেখি
আজি আকাশে মুখ ওন্দোলালে।
কলীয়া ডাৱৰজাকৰ আঁৰত পূৰ্ণিমাৰ জোনজনী জানো ক’তেনো লুকাল!
অভিমানী আকাশখনে বিজুলীৰ ফুচুলনিত ফুচুল খাই ক’লে
“ৰাতিলৈ দেহা শাঁত পৰা এজাক বৰষুণ নামিব”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!