জৈৱ গেছৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা- প্ৰাঞ্জল দাস
মানৱ সভ্যতাৰ বিকাশ আৰু উন্নয়নত শক্তিৰ প্ৰয়োজন অনস্বীকাৰ্য৷ এই শক্তিৰ বহুলাংশ আহৰণ কৰা হয় পেট্ৰ’ল, ডিজেল, কয়লা আদি ইন্ধন দহন কৰি৷ এই সমূহ ইন্ধনৰ বৈশিষ্ট্য এয়ে যে, এবাৰ ব্যৱহাৰ কৰাৰ পিছতে সেয়া সম্পূৰ্ণৰূপে শেষ হৈ যায়৷ অৰ্থাৎ, দ্বিতীয় বাৰৰ বাবে আৰু ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি, বা সহজতে উৎপাদন কৰিবও নোৱাৰি৷ সেয়ে এইধৰণৰ ইন্ধন সমূহক অনৱীকৰণ-যোগ্য শক্তিৰ উৎস বোলা হয়৷ দুখৰ বিষয় এয়ে যে, ভূ-গৰ্ভত সঞ্চিত হৈ থকা এই ইন্ধন তেনেই সীমাবদ্ধ৷ বিজ্ঞানী সকলে ঠাৱৰ কৰি উলিয়াইছে যে, বৰ্তমান যি হাৰত মানৱ জাতিয়ে এই সমূহ খনিজ পদাৰ্থ ভূ-গৰ্ভৰ পৰা উলিয়াই ব্যৱহাৰ কৰিবলৈ ধৰিছে, এই শতিকাৰ শেষৰ ফাললৈ অনৱীকৰণ-যোগ্য শক্তিৰ উৎস সকলোখিনি শেষ হ’ব৷ সেয়ে বৰ্তমান সময়ত শক্তি সংৰক্ষণৰ বিষয়টো প্ৰাসংগিক হৈ উঠাৰ লগতে নৱীকৰণ যোগ্য শক্তিৰ উৎস সমূহৰ গুৰুত্বও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷
শক্তিৰ নৱীকৰণ উৎস মানে নো কি? যিসমূহ উৎসৰ পৰা পোৱা শক্তি ব্যৱহাৰ কৰাৰ পিছতো পুনঃ পুনঃ শক্তি আহৰণ কৰি থাকিব পাৰি, সেইসমূহ শক্তিৰ উৎসই হৈছে নৱীকৰণ যোগ্য শক্তিৰ উৎস৷ চৰাচৰ জগত থাকে মানে এই সমূহ শক্তিৰ উৎস শেষ হোৱাৰ আশংকা নাই৷ সূৰ্যৰ পৰা আহৰণ কৰা সৌৰ শক্তি এক প্ৰকাৰৰ নৱীকৰণ যোগ্য শক্তি৷ ঠিক একেদৰে গছ-গছনি, জীৱ ভৰৰ(Biomass) পোৱা জৈৱ শক্তি, বতাহৰ পৰা আহৰণ কৰা বায়ু শক্তি, ভূ-গৰ্ভৰ পৰা আহৰণ কৰা ভূ-তাপীয় শক্তি, সমুদ্ৰৰ পৰা আহৰণ কৰিব পৰা জোৱাৰ-ভাটাৰ শক্তি, সামুদ্ৰিক তাপ শক্তি আদি নৱীকৰণ-যোগ্য শক্তিৰ উদাহৰণ৷ আমাৰ অসমৰ ক্ষেত্ৰত চালে দেখা যায় যে, সৌৰ শক্তিৰ আহৰণৰ কিছু সম্ভাৱনীয়তা থাকিলেও বতাহ শক্তি, ভূ-তাপীয় শক্তি, সাগৰীয় শক্তি আদি আহৰণ কৰাৰ কোনো সম্ভাৱনীয়তা নাই৷ সেয়ে বাকীসমূহ নৱীকৰণ-যোগ্য শক্তি বাদ দি কেৱল জৈৱ শক্তিৰ পৰা শক্তি আহৰণৰ ক্ষেত্ৰতহে আমি কিছু মনোনিৱেশ কৰিব পাৰোঁ৷
জৈৱ শক্তি মানেনো কি? এইক্ষেত্ৰত সহজতে বুজিব পৰা আটাইতকৈ সৰল উদাহৰণ হৈছে কাঠ, খৰি আদি দহন কৰি আমি আহৰণ কৰা তাপ-শক্তি৷ আমাৰ চাৰিওফালৰ গছ-গছনি বা পৰিৱেশৰ জৈৱ-বৈচিত্ৰ্যৰ পৰা আমি যি শক্তি আহৰণ কৰিব পাৰোঁ, সেয়াই জৈৱ শক্তি৷ অইন এক জৈৱ শক্তিৰ উদাহৰণ হ’ল নাহৰ, কৰবী আদি গছৰ গুটিৰ পৰা আহৰণ কৰিব পৰা জৈৱ তেল৷ গৱেষকসকলে এই ধৰণৰ গছৰপৰা আহৰণ কৰা তেল শোধন কৰি পেট্ৰ’ল, ডিজেলৰ বিকল্প ইন্ধন হিচাপে কিদৰে ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ত যথেষ্ট পৰীক্ষা নিৰীক্ষা চলাইছে৷ ইতিমধ্যে সফলতাও অৰ্জন কৰিছে৷ গছ-গছনিৰ পৰা আহৰণ কৰি ইঞ্জিন চলাবলৈ সক্ষম হোৱা তেলক বিজ্ঞানীসকলে নাম দিছে বায়’ডিজেল (Bio Diesel) বা জৈৱ ডিজেল৷ ইয়াৰ উপৰিও গছ-গছনি আদি জীৱ ভৰৰ পৰা শক্তি আহৰণৰ অইন এক পদ্ধতিৰ নাম হ’ল- গেছিফিকেচন (Gasification)৷ এই পদ্ধতিত বায়ুৰ অনুপস্থিতিত বা নিচেই কম পৰিমাণৰ বায়ুৰ উপস্থিতিত কাঠ-খৰি আদি এক বিশেষভাৱে নিৰ্মিত চেম্বাৰৰ ভিতৰত দহন কৰা হয়৷ উপযুক্ত পৰিমাণৰ বায়ুৰ অনুপস্থিতিত দহন কৰা হয় বাবে এই দহন অসম্পূৰ্ণ দহন আৰু ইয়াৰ ফলত এক বিশেষ ধৰণৰ গেছ নিৰ্গত হয়৷ এই গেছ বিধৰ নাম প্ৰ’ডিওছাৰ গেছ (Producer Gas)৷ প্ৰ’ডিওছাৰ গেছ তাপ-শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰাৰ লগতে বিভিন্ন উদ্যোগ, কল-কাৰখানা আদিত ব্যৱহৃত হয় বাবে ইয়াৰ বাণিজ্যিক মূল্যও যথেষ্ট৷
আমাৰ ঘৰুৱা পৰিৱেশত ব্যৱহাৰ কৰিব পৰা জৈৱ শক্তিৰ এক উদাহৰণ হ’ল ‘জৈৱ গেছ’৷ পিছে এই জৈৱ গেছ নো কি? পচন যোগ্য যিকোনো সামগ্ৰীকে বাহিৰত পেলাই ৰাখিলে সেইবোৰৰ ওপৰত বিভিন্ন ধৰণৰ অণুজীৱ, বেক্টেৰিয়াই ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে৷ এই সমূহ বেক্টেৰিয়াই খাদ্য দ্ৰব্যৰ পচন কৰে, আৰু এই পচন প্ৰক্ৰিয়াত প্ৰধানতঃ কাৰ্বন ডাই অক্সাইড(CO2) আৰু এম’নিয়া(NH3) গেছ নিৰ্গত হয়৷ ঠিক একেধৰণৰ পচন যোগ্য সামগ্ৰী যদি বায়ু ৰুদ্ধ অৱস্থাত পচন হ’বলৈ এৰি দিয়া হয়, তেন্তে এইক্ষেত্ৰত বিক্ৰিয়া কৰা বেক্টেৰিয়া সমূহো ভিন্ন হয়৷ অণুজীৱ আৰু বেক্টেৰিয়াবোৰ সাধাৰণতে দুই প্ৰকাৰৰ৷ এবিধে বায়ু অৰ্থাৎ অক্সিজেনৰ উপস্থিতিত হে নিজৰ বৃদ্ধি আৰু পৰিপুষ্টি সাধন কৰিব পাৰে৷ এইবোৰ বেক্টেৰিয়াক বায়ৱীয় বা এৰ’বিক (Aerobic) বেক্টেৰিয়া বোলা হয়৷ ইয়াৰ বিপৰীতে অবাৱবীয় বা এনএৰ’বিক (Anaerobic) বেক্টেৰিয়া সমূহে অক্সিজেনৰ অনুপস্থিতিতহে নিজৰ বৃদ্ধি, পৰিপুষ্টি সাধিব পাৰে৷ বায়ু ৰুদ্ধ অৱস্থাত পচিবলৈ দিলে সামগ্ৰীৰ ওপৰত অবায়ৱীয় বেক্টেৰিয়াবোৰে ক্ৰিয়া কৰে আৰু মিথেন, কাৰ্বন ডাই অক্সাইডৰ এক মিশ্ৰিত গেছ উদ্ভৱ কৰে৷ এই গেছকে ‘জৈৱ গেছ’ বোলা হয়৷ বায়ু ৰুদ্ধ অৱস্থাত পচন কৰাৰ প্ৰয়োজনীয়তা এয়ে যে, মুকলি পৰিৱেশত পচন হ’লে যি কাৰ্বন ডাই অক্সাইড আৰু এম’নিয়াৰ মিশ্ৰণ উৎপন্ন হয়, সেয়া দহন যোগ্য নহয়৷ কিন্তু বায়ু ৰুদ্ধ অৱস্থাত অক্সিজেনৰ অনুপস্থিতিত উৎপন্ন হোৱা মিথেন গেছ এবিধ উৎকৃষ্ট ইন্ধন আৰু ইয়াক দহন কৰি আমি তাপ শক্তি লাভ কৰিব পাৰোঁ৷ বহু লোকে আজিকালি ৰন্ধন গেছৰ পৰিৱৰ্তে গোবৰ গেছ ব্যৱহাৰ কৰে৷ সহজ ভাষাত গোবৰ গেছ বুলি ক’লেও এয়াই প্ৰকৃততে জৈৱ গেছ৷ জৈৱ গেছ উৎপাদনৰ বাবে তেওঁলোকে সাধাৰণতে গোবৰ ব্যৱহাৰ কৰে৷
জৈৱ গেছ প্ৰস্তুতিৰ বাবে প্ৰয়োজন কেৱল এক বিশেষভাৱে নিৰ্মিত কংক্ৰিটৰ পাচক চেম্বাৰ (বা Digester)৷ এই পাচক চেম্বাৰৰ ভিতৰত পচন-যোগ্য সামগ্ৰী ভৰাব পৰা এক মুকলি পথ থাকে৷ ঠিক একেদৰে গেছ নিৰ্গত হোৱাৰ পিছত বৰ্জিত পদাৰ্থসমূহ উলিয়াই আনিবলৈও বিপৰীত দিশত অইন এটা পথ থাকে৷ চেম্বাৰৰ ভিতৰত উৎপন্ন হোৱা জৈৱ গেছ এক বিশেষভাৱে নিৰ্মিত গম্বুজত (Dome) সংৰক্ষিত হৈ থাকে আৰু প্ৰয়োজন অনুসৰি সেয়া ব্যৱহাৰ কৰিবলৈ পাইপৰ সুবিধা থাকে৷ চেম্বাৰৰ ভিতৰত জৈৱ গেছ উৎপন্ন হোৱাৰ বিভিন্ন স্তৰ সমূহ এনেধৰণৰ-
১) প্ৰথম স্তৰত পচন যোগ্য সামগ্ৰীসমূহ সম পৰিমাণৰ পানীৰ সৈতে মিশ্ৰণ কৰি চেম্বাৰত ভৰাই দিয়া হয়৷ এই কথালৈ মন কৰা দৰকাৰ যাতে সামগ্ৰীসমূহ ভৰোৱাৰ পিছতে চেম্বাৰটো বায়ু ৰুদ্ধ কৰা থাকে৷ চেম্বাৰৰ ভিতৰত প্ৰথমতে জটিল যৌগবোৰ পানীৰ প্ৰভাৱত কোমল হৈ ভাঙি য পচি সৰু সৰু যৌগলৈ পৰিণত হয়৷ এই প্ৰক্ৰিয়াৰ বাবে ন্যূনতম এটা দিনৰ আৰু ২৫° উষ্ণতাৰ প্ৰয়োজন৷
২) দ্বিতীয় স্তৰত বহুবোৰ অণুজীৱ আৰু বেক্টেৰিয়াই ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে৷ এই বেক্টেৰিয়াসমূহ প্ৰধানতঃ অবায়ৱীয় বা এনএৰ’বিক (Anaerobic) বেক্টেৰিয়া৷ বায়ুৰুদ্ধ চেম্বাৰৰ ভিতৰত এই বেক্টেৰিয়া সমূহ ক্ৰিয়া কৰি সৰল জৈৱ যৌগ সমূহৰ পৰা এচিটিক এচিড (Acetic Acid) আৰু প্ৰপিয়নিক এচিড (Propionic acid) নামেৰে দুবিধ এচিড উৎপন্ন কৰে৷ এই প্ৰক্ৰিয়াৰ বাবেও সম্পূৰ্ণ এটা দিনৰ প্ৰয়োজন৷
৩) তৃতীয় বা অন্তিম স্তৰত ক্ৰিয়া কৰা বেক্টেৰিয়াবোৰ মিথেন উৎপন্ন কাৰী বেক্টেৰিয়া৷ এই বেক্টেৰিয়া সমূহে দ্বিতীয় স্তৰত উৎপন্ন হোৱা যৌগ সমূহৰ ওপৰত ক্ৰিয়া কৰি মিথেন(CH4), কাৰ্বন ডাই অক্সাইড(CO2) আৰু সামান্য পৰিমাণৰ হাইড্ৰ’জেন(H2), নাইট্ৰ’জেন(N2), হাইড্ৰ’জেন ছালফাইড(H2S) গেছ উৎপন্ন কৰে৷ এই প্ৰক্ৰিয়াৰ বাবেও ২৫° উষ্ণতাৰ দৰকাৰ হয় আৰু ন্যূনতম দুই সপ্তাহৰ প্ৰয়োজন হয়৷ সেয়ে নতুনকৈ আৰম্ভ কৰা গোবৰ গেছ প্লেণ্ট এটাৰ পৰা গেছ নিৰ্গত হ’বলৈ সাধাৰণতে পোন্ধৰৰ পৰা বিছ দিন লাগে৷ অৱশ্যে এবাৰ গেছ উৎপাদন আৰম্ভ হোৱাৰ পিছতে এই বেক্টেৰিয়াসমূহ সক্ৰিয় হৈ উঠে আৰু ধাৰাবাহিকভাৱে গেছ উৎপাদন কৰিবলৈ ধৰে৷ তদুপৰি অবায়ৱীয় অণুজীৱ, বেক্টেৰিয়া সমূহে ক্ৰিয়া কৰিবলৈ উপযুক্ত পৰিমাণৰ উষ্ণতাৰ দৰকাৰ৷ সেমেকা, জেকা অঞ্চলত এই বেক্টেৰিয়া সমূহে পৰিপুষ্টি সাধিব নোৱাৰে৷ জৈৱ গেছ উৎপন্ন হ’ব পৰাকৈ যাতে ২৫° উষ্ণতা বাহাল হৈ থাকে, তাৰ বাবেই গোবৰ গেছ প্লেণ্ট সমূহ সাধাৰণতে ৰ’দ-ঘাই জেগাত স্থাপন কৰা হয়৷
জৈৱ গেছ প্লেণ্ট এটাত কেৱল যে গোবৰহে উপাদান হিচাপে ব্যৱহাৰ কৰিব পাৰি এই ধাৰণা শুদ্ধ নহয়৷ আমাৰ ঘৰুৱা কাম-কাজত উৎপন্ন হোৱা সকলোধৰণৰ পেলনীয়া খোৱা-সামগ্ৰী, কটা শাক-পাচলিৰ পেলনীয়া অংশ, ফল-মূলৰ বাকলি, পাকঘৰৰ বৰ্জিত দ্ৰব্য, পোহনীয়া হাঁহ-কুকুৰাৰ বিষ্ঠা, খেৰ, নৰা, জাবৰ আদি জৈৱ গেছ প্লেণ্টত যোগ দিব পাৰি৷ এই সকলোবোৰ সামগ্ৰীৰ পচনতে মিথেন উৎপন্ন হয়৷ মিথেন দহনৰ ফলত কোনো প্ৰকাৰৰ ধোঁৱা নিৰ্গত নহয়, লগতে ছাই আদি অৱশিষ্টও নাথাকে৷ সেয়ে ইন্ধন হিচাপে এই মিথেন বা জৈৱ গেছৰ যথেষ্ট গুৰুত্ব আছে৷ গৱেষকসকলে ইতিমধ্যে জৈৱ গেছৰ বহুতো নতুন নতুন ব্যৱহাৰ ভাবি উলিয়াইছে৷ জৈৱ গেছ ব্যৱহাৰ কৰি ইঞ্জিন চলোৱাও সম্ভৱ হৈ উঠিছে৷ জৈৱ গেছৰ উপযোগিতা আৰু প্ৰয়োজনীয়তা বুলিলে আমি তলৰ কথাসমূহ আলোচনা কৰিব পাৰোঁ-
১) জৈৱ গেছ উৎপাদন কৰা হয় পেলনীয়া সা-সামগ্ৰী, গৰু-ছাগলীৰ বিষ্ঠা আদি ব্যৱহাৰ কৰি৷ যিসমূহ পদাৰ্থ সাধাৰণতে অদৰকাৰী বুলি গণ্য কৰা হয়, তাৰ সহায়তে জৈৱ গেছ উৎপন্ন কৰি তাপ শক্তি পাব পাৰি৷
২) ৰন্ধন কাৰ্যৰ বাবে সচৰাচৰ ব্যৱহাৰ কৰা কাঠ-খৰি আদিৰ তুলনাত জৈৱ গেছ অধিক উত্তম ইন্ধন৷ জৈৱ গেছৰ তাপ বহন বা কেল’ৰিফিক মান (Calorific Value) প্ৰতি ঘন মিটাৰত ২৩ মেগাজুল৷ ইয়াৰ বিপৰীতে কাঠ-খৰি আদিৰ কেল’ৰিফিক মান প্ৰতি কিলোগ্ৰামত ১৬-২০ মেগাজুলহে৷ অৰ্থাৎ সম পৰিমাণৰ কাঠ-খৰি দহন কৰি পোৱা তাপ শক্তিতকৈও জৈৱ গেছ দহন কৰি পোৱা তাপ শক্তিৰ পৰিমাণ অধিক৷
৩) জৈৱ গেছ উৎপন্ন হোৱাৰ পিছত প্লেণ্টৰ পৰা নিৰ্গত বৰ্জনীয় পদাৰ্থসমূহ এবিধ অতি উত্তম সাৰ৷ গোবৰ গেছ প্লেণ্ট এটাৰ পাচক চেম্বাৰৰ ভিতৰত যিহেতু ইতিমধ্যে সামগ্ৰীসমূহ পচন কৰা হ’ল, সেয়ে এই পদাৰ্থ সমূহ অতি সহজে মাটিৰ সৈতে মিহলি হৈ পৰে আৰু মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে৷ জৈৱ পদাৰ্থ সমূহৰ কাৰ্বন(C) অংশহে জৈৱ গেছ প্ৰস্তুত প্ৰক্ৰিয়াত ব্যৱহৃত হয়, নাইট্ৰ’জেন(N), ফছফৰাছ(P) আদি উদ্ভিদৰ বাবে প্ৰয়োজনীয় অংশ জৈৱ গেছ উৎপাদনৰ পিছতো অক্ষত অৱস্থাতে থাকে, সেয়ে ই অধিক উৎপাদনক্ষম সাৰ হিচাপে কাম কৰে৷
৪) জৈৱ গেছ প্ৰকল্প এটাৰ বাবে তেনেই কম খা-খৰচ পৰে৷ যিহেতু প্ৰত্যেক খন ঘৰতে পাকঘৰৰ পৰা প্ৰতিদিনে প্ৰচুৰ পেলনীয়া সা-সামগ্ৰী বৰ্জিত হয়, তদুপৰি পোহনীয়া জীৱ জন্তুৰ গোবৰ-বিষ্ঠা আদি উৎপন্ন হয়, সেয়ে গোবৰ গেছ চলোৱাৰ বাবে কেতিয়াও সামগ্ৰীৰ নাটনি নহয়৷ এবাৰ সাজি লোৱাৰ পিছতে বছৰ বছৰ ধৰি ইয়াক ব্যৱহাৰ কৰি থাকিব পাৰি৷
বৰ্তমান জৈৱ গেছ আদি নৱীকৰণ শক্তিৰ উৎস সমূহৰ গুৰুত্ব যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷ চৰকাৰেও জৈৱ গেছ ব্যৱহাৰ কৰিবলৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে যথেষ্ট আঁচনি হাতত লৈছে৷ দীন-বন্ধু মডেল, জনতা মডেল আদি গোবৰ গেছ প্লেণ্টৰ বিভিন্ন আঁচনি সমূহৰ জৰিয়তে আমি অতি কম খৰচতে ঘৰুৱা জৈৱ গেছ উৎপাদন প্ৰকল্প এটা সাজি উলিয়াব পাৰোঁ৷ বাণিজ্যিক ভাৱেও বহুকেইটা কোম্পানীয়ে জৈৱ গেছ প্ৰস্তুত কৰিব পৰা সৰু সৰু মডেল আৰ্হি সাজি উলিয়াইছে৷ বাহিৰৰ ৰাজ্যত ইতিমধ্যে এনে সৰু সৰু পাচক চেম্বাৰ বহুল ভাৱে জনপ্ৰিয়ও হৈছে৷ ঘৰুৱা ৰন্ধন কাৰ্য বা সৰু সুৰা কাম যেনে- পানী গৰম কৰা, চাহ বনোৱা আদিত জৈৱ গেছ ব্যৱহাৰ কৰি আমি শক্তি সংৰক্ষণৰ ক্ষেত্ৰত কিছু অৰিহণা আগবঢ়াব পাৰোঁ৷ তদুপৰি ৰন্ধন গেছ চিলিণ্ডাৰৰ ক্ৰমাগত মূল্যবৃদ্ধিৰ দিনত জৈৱ গেছ ব্যৱহাৰৰ যোগেদি আৰ্থিক দিশতো যথেষ্ট লাভৱান হ’ব পাৰোঁ৷