জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু ভাৰতীয় আইনী ব্যৱস্থা ( ৰূপাংকৰচৌধুৰী )

বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ উত্তৰণৰ আশীৰ্বাদত ভোগ-বিলাস আৰু সুখময় জীৱন-যাপনৰ স্বাৰ্থত আমিবোৰে সদায়ে চৌদিশৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মাত্ৰাধিক বোজা জাপি আহি আহিছোঁ৷ আমি নিজকে যিমানেই সভ্য বুলি নকওঁ কিয় মানৱ জাতিতকৈ স্বাৰ্থপৰ জীৱ পৃথিৱীত আন একো নাই৷ আমিবোৰে নিজৰ মাজতে টনা-আজোৰা কৰি পৰিৱেশৰ আন জীৱকুলৰ বাবে এক অসহ্যকৰ পৰিৱেশ ইতিমধ্যে গঢ়ি তুলিছোঁ৷ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ মোহগ্ৰস্ত হৈ দিনক-দিনে পাহৰি গৈ আছোঁ যে এই পৃথিৱীত আমাৰ জীয়াই থকাৰ অধিকাৰ যিমান আছে সিমানেই আন জীৱৰো আছে৷ প্ৰাকৃতিক সম্পদৰাজিৰ ধ্বংসযজ্ঞ এইধৰণে চলি থাকিব লাগিলে সমগ্ৰ জীৱজগতৰ লগতে মানৱ সমাজৰ নিজৰো অস্তিত্ববিহীন হ’বলৈ বেছি বছৰ নালাগে৷ কিয়নোঁ আন সামান্য প্ৰাণীৰ দৰেই মানৱ জীৱন প্ৰাকৃতিকভাৱে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল৷ উশাহৰ বাবে বিশুদ্ধ অক্সিজেন, খাবলৈ প্ৰদূষণমুক্ত পানী আৰু সুষম আহাৰ নাপালে মানৱ সভ্যতা গতি কৰি আছে এক তিমিৰাচ্ছন্নভৱিষ্যত প্ৰজন্মলৈ৷

বেছিভাগ প্ৰাকৃতিক সম্পদে নিজস্ব এক প্ৰক্ৰিয়াৰে নবীকৰণ হয়৷ কিন্তুু যেতিয়ালৈকে প্ৰাকৃতিক সম্পদৰ অনিয়ন্ত্ৰিত ব্যৱহাৰৰ হাৰ নবীকৰণ প্ৰক্ৰিয়াতকৈ ওপৰত থাকিব তথা চৌপাশৰ পৰিৱেশে যোগাত্মক সঁহাৰি নিদিব তেতিয়ালৈকে এই সংকটৰ ঘণ্টা বাজিয়েই থাকিব৷ এই ভয়ংকৰ পৰা মানৱ সমাজৰ ভৱিষ্যত প্ৰজন্মৰ লগতে সমগ্ৰ জীৱকুলৰ ৰক্ষা কবচ হ’ল সংৰক্ষণ৷ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ৷ ইয়াৰ মূল উদ্দেশ্যই হ’ল প্ৰাকৃতিক সম্পদৰাজিৰ সন্তুলিত ব্যৱহাৰ যাৰ দ্বাৰা বৰ্তমানৰ প্ৰয়োজনবোৰ পূৰ কৰাৰ লগতেই ভৱিষ্যত প্ৰজন্মৰ বাবে সেয়া সংৰক্ষিত কৰি ৰখা৷ ইয়াৰ অন্য এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’লক্ৰমবৰ্ধিত জনসংখ্যাৰ যাতে ভৱিষ্যতে কোনো ধৰণৰ সংকট নহয়৷

জৈৱ-বিচিত্ৰ সংৰক্ষণ মানৱ সমাজৰ বাবে কোনো নতুন চিন্তাধাৰা নহয়৷ মানৱ সভত্য গঢ় লৈ উঠাৰ সময়ৰে পৰা জৈৱ-বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ৱ প্ৰদান কৰা হৈছিল৷ এতিয়াও বহুতো জনগোষ্ঠীৰ সমাজ জীৱনৰ ই এক অভিন্ন অঙ্গ৷ বিশেষকৈ আমাৰ দেশৰ হিমালয়ৰ পৰ্বতীয়া অঞ্চল সমূহ ভ্ৰমণ কৰিলে এয়া দৃষ্টিগোচৰ হয়৷ তথাপি, তথ্য-প্ৰযুক্তিৰ শেহতীয়া বিকাশ, জন বিস্ফোৰণ আৰু মাত্ৰাধিক প্ৰাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰৰ অপ-সংস্কৃতিয়ে ইতিমধ্যে প্ৰাকৃতিক ভাৰসম্য হেৰুৱাই পেলাইছে৷ মানৱ সভ্যতাৰ জনসংখ্যাৰ বৃদ্ধিৰ বাবে শেহতীয়াকৈ বহুতো প্ৰাণী আৰু উদ্ভিদৰ অস্তিত্ব নাশ হৈছে তথা আন বহুতেই আমাৰ অজানিতেই পৃথিৱীৰ পৰা বিদায় লৈ আছে৷

ইন্ধনৰ লগতে আন আন কামৰবাবে উদ্ভিদৰ ব্যৱহাৰেপ্ৰকৃতিৰবহন ক্ষমতা ইতিমধ্যে অতিক্ৰম কৰিছে৷ কৃষি-ভূমি সম্প্ৰসাৰণ, থকা ঠাই আৰু ৰাস্তা-ঘাট আদিএকমাত্ৰনিজৰ সা-সুবিধাৰ বাবে মানৱ সমাজে কৰি অহা বনাঞ্চল ধ্বংসলীলা আজি সমগ্ৰ বিশ্ৱৰ বাবে এক ভাবুকি স্বৰূপ৷ ইয়াৰ দ্বাৰা জৈৱ-বৈচিত্ৰ্যৰলগতে সমগ্ৰ পৰিৱেশ-তন্ত্ৰৰ অৱক্ষয় ঘটিছে৷

পৃথিৱীৰ আন-আন দেশৰ লগতে আমাৰ দেশেও শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত ব্ৰাজিলৰ ৰিও মহানগৰত হোৱা জৈৱ বৈচিত্ৰ্য চুক্তিত স্বাক্ষৰ কৰে৷ জৈৱ-বৈচিত্ৰ্যতা সংৰক্ষণ এক সামাজিক দায়িত্ব৷ জৈৱ-বৈচিত্ৰ্যতাৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক, বিনোদনধৰ্মী, সৌন্দৰ্যবোধ আৰু প্ৰাকৃতিক গুণ সমূহৰ সৈতে সমাজৰ প্ৰতিজন ব্যক্তিক পৰিচয় কৰাই দিবলৈ পৃথিৱীৰ আন-আন আগশাৰীৰ দেশৰ লগতে আমাৰ দেশো বদ্ধপৰিকৰ৷ সেই তেতিয়াৰ পৰাই ’জৈৱ-বৈচিত্ৰ্য’ সংৰক্ষণ এক আন্তঃৰাষ্ট্ৰীয় শ্লোগান৷

ৰাষ্ট্ৰসংঘৰ উক্ত সভাতেই তিনিটা মুখ্য সিদ্ধান্ত লোৱা হয়ঃ সংৰক্ষণ, জৈৱ-বৈচিত্ৰ্যৰ সন্তুলিত ব্যৱহাৰ, জৈৱ-বৈচিত্ৰ্যৰ সুবিধাৰ ভাগ-বতৰা৷

প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা চলি আহিছে৷ জৈৱসংৰক্ষণ আৰু ব্যৱস্থাপন প্ৰক্ৰিয়াৰ সামজিক দায়িত্ব হোৱাৰ বাবেই দেশৰ আইন-কানুন আৰু আঁচনিসমূহত সেয়া নিৰূপিত হোৱা দেখা যায়৷ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ সকলো চৰকাৰী প্ৰক্ৰিয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমহূৰ নিজস্ব বন বিভাগৰ দ্বাৰা পৰিচালিত হৈ আহিছে কেন্দ্ৰীয় চৰকাৰ বন মন্ত্ৰালয়ৰ সম্পূৰ্ণ তত্ত্বাবধানত৷ ভাৰতীয় বন অধিনিয়ম, ১৯২৭; বন্যপ্ৰাণী অধিনয়ম, ১৯৭২; আৰু বন সংৰক্ষণ অধিনিয়ম, ১৯৮০ ৰ যোগে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণে চৰকাৰীভাৱেআইনগত সহায় লাভ কৰি আহিছে৷ বন্য আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বন নীতি, ১৯৮৮ এ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদি বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ইয়াৰোপৰিউৎপাদনৰ সলনি সংৰক্ষণমূলক আঁচনি ৰূপায়ণত গুৰুত্ব প্ৰদান কৰি আহিছে৷ আজিৰ মানৱ-সমাজৰ প্ৰতিযোগিতামূলক সমাজ ব্যৱস্থাত ই এক দৰকাৰী পদক্ষেপ৷ কিয়নো আগতে ৰাজ্য সমূহে বনজ সম্পদসমূহ মূলতঃ কাঠ আৰু আন উৎপাদনজনিত কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰি আহিছিল৷ ইয়াৰ দ্বাৰা বৃহৎ পৰিসৰৰ বনাঞ্চল ধ্বংস হোৱাৰ লগতে দেশৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি প্ৰতিকূল পৰিৱেশ সৃষ্টি কৰি আহিছিল৷

জৈৱ-বৈচিত্ৰ্য অধিনিয়ম, ২০০২ আৰু জৈৱ-বৈচিত্ৰ্য বিধি, ২০০৪ ৰ বাবেই গ্ৰাম্য পৰ্য্যায়ত ’জৈৱ-বৈচিত্ৰ্য ব্যৱস্থাপন কমিটি’, ৰাজ্য পৰ্য্যায়ত ’ৰাজ্যিক জৈৱ-বৈচিত্ৰ্য পৰিষদ’ আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত ’ৰাষ্ট্ৰীয় জৈৱ-বৈচিত্ৰ্য প্ৰাধিকাৰ’ প্ৰতিষ্ঠিত হয়৷

এই অধিনিয়মে জৈৱ-বৈচিত্ৰ্য কমিটি সমূহৰ অধিকাৰ আদিৰ লগতে ভাৰতীয় জৈৱ-বৈচিত্ৰ্যতা, ইয়াৰ উপকাৰিতাৰ সদ ব্যৱহাৰ, পৰম্পৰাগত, জৈৱিক আৰু বৈজ্ঞানিক শিক্ষাৰ বিষয়ে নিয়ম-কানুন নিৰ্ধাৰণ কৰে৷

 জৈৱ-বৈচিত্ৰ্য অধিনিয়ম, ২০০২ৰ সমান্তৰালভাৱে ২০০৬ চনতৰাষ্ট্ৰীয় পৰিৱেশ নীতি, ২০০৬ অধিগ্ৰহণ কৰা হয়৷ ইয়াৰ মূল উদ্দেশ্য হৈছে জৈৱ-বৈচিত্ৰ্যতাৰ সংৰক্ষণ, আন্তঃপ্ৰজন্ম আৰু অন্তৰ-প্ৰজন্ম সমানতা, জৈৱ-বৈচিত্ৰ্যৰ সন্তুলিত ব্যৱহাৰ, পৰিৱেশ, সামাজিক আৰু অৰ্থনৈতিক ঐক্য, আৰু সুস্থ আইনী ব্যৱস্থাৰ দ্বাৰা জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ এক সুস্থিৰ পৰিৱেশ গঢ়ি তোলা৷ সমাজৰ সকলো শ্ৰেণীৰ মাজত এই বাৰ্তা প্ৰেৰণ কৰাই এই নীতিৰ অন্যতম প্ৰধান উদ্দেশ্য৷

দেশত প্ৰযোজ্য হৈ থকা আইনী ব্যৱস্থাৰ উচিত ব্যৱহাৰৰ দ্বাৰাজৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ মহান উদ্দেশ্যৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱাত কোনো বাধা আহিব নালাগে৷ সাধাৰণ দৃষ্টিত এনেকুৱাই লাগে৷ তাৰ বাবে প্ৰয়োজন এক আন্তৰিক সদ্দিচ্ছা৷ চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে বিশেষকৈ ৰাজ্য সমূহৰ বন বিভাগ আৰু দেশৰ বন মন্ত্ৰালয়ে সঠিক ভাৱে দেশৰ আইনী ব্যৱস্থা সমূহ কঠোৰভাৱে কাৰ্য্যকৰী কৰিলে আমি জৈৱ-বৈচিত্ৰ্য সংৰক্ষণত উচিত দিশে আগুৱাই যাব পাৰিম৷ তদুপৰি সকলো নাগিৰকৰ মাজত সময়ে-সময়ে সজগতা শিৱিৰ আয়োজন কৰাটো নিত্যান্তই প্ৰয়োজন৷ বহু ক্ষেত্ৰত দেখা যায় অশিক্ষিত সকলৰ লগতে আমাৰ শিক্ষিত সমাজেও সময়ে সময়ে নিজৰ অজ্ঞতামূলক কাণ্ড-কাৰখানাৰ দ্বাৰা জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বানৰূপে থিয় হৈ আহিছে৷

এক সুস্থিৰ ভৱিষ্যতৰ স্বাৰ্থত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, আজিৰ সময়ৰ আহ্বান৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments