জোক (বিজয় বেজবৰুৱা)


বুকুত তেজৰ পতাকা!
হাজাৰ মৃত্যুৰ ভিৰ ঠেলি নতজানু সময়, কঙাল পৃথিৱী।
সগৰ্ভা পথাৰৰ বুকুত নাচে কাৰ সেয়া ৰণুৱা ঘোঁৰা
খোজত যাৰ চিৰিলা-চিৰিল আইৰ বুকুৰ পঁজা?
#
ৰান্ধনী বেলিয়ে লাহ দিয়া কিমান দেৰি হ’ল আই?
বেলিফুলৰ সপোন অঁকা ল’ৰাজাক আহিল জানো উভতি?
পাহাৰতলিত ওৰে নিশা গান গাই থকা চৰাইজাক
কেতিয়া বাৰু গ’ল ঘুমটি?
আই, কেতিয়াবা বাৰু তই ৰাখিছনে খতিয়ান?
এতিয়াতো বিৰাট দুৰ্ভিক্ষৰ বুকুত বন্দী তোৰ আহত হৃদয়!
#
অৰণ্যৰ বুকুত প্ৰতিটো নিশাই আত্মহত্যা কৰা হ’লে!
চকাচন্দা পোহৰত জোনাকে লুক্-ভাক্ খেলোৱা হ’লে!
অথবা
প্ৰতিটো হিয়াভঙা চৰাই একোখন সেউজীয়া অৰণ্য হোৱা হ’লে!
আই, তই ক’লিহেঁতেননে বাৰু ‘বাঃ কি সুন্দৰ এই ৰ’দৰ বতাহ!’
#
তই কেনেকৈ বুজিবি আই,
কি নিৰ্মমভাৱে সময় যে এতিয়া ত্ৰুছবিদ্ধ!
আজি নিৰস্ত্ৰ সময়ৰ পাহে পাহে ঠেও ধৰি নাচিছে
তামৰঙী এখন আকাশ। তাৰো বুকুত যে
উথপ-থপ হেঙুল হাইতাল! এনে একোটা
অৱনমিত সময়ৰ বুকুৰে বগুৱা বাই
উজাই আহিছে পৈশাচিক মানৱতাৰ স্ৰোতস্বিনী এখন তেজৰ
নিজৰা।… আমি তাতেই অৱগাহন কৰিছোঁ
মুখত তেজৰ বোল সানি
পৃথিৱীৰ বুকুত প্ৰেমৰ সমাধি ৰচিছোঁ।…
#
ঘৰমুৱা গৰুজাকৰ খুৰাৰ শব্দত
কঁপি উঠিছে গৰখীয়াৰ ৰিং, গো-ধূলিৰ পথত
সুগন্ধি কেক্টাছ! গম পাইছনে আই?
#
তোৰ বুকুৰ ঘা কেতিয়াকৈ শুকাব,
কেতিয়াকৈ ৰজা অথবা প্ৰজাৰ পোতাশালৰ মানৱতাই
মুকলি আকাশৰ তলত দীঘলকৈ উশাহ ল’ব,
কেনেকৈ অস্তাচলত উক্‌মুকাই উঠিব মানুহৰ শৈশৱ,
কেতিয়াকৈ শিলৰ বুকু ফালি নিঃসৰিত হ’ব নিজৰা,
অথবা
কোনদিনা তোৰ চকুপানীত
জকমককৈ ফুলিব তিঁতা-বাহেকৰ ফুল?
#
এনে এটা বিৰাট দুৰ্ভিক্ষৰ সময়ত কিনো বেয়াটো হ’ব
ক্ষন্তেকৰ বাবে নিজক নিজৰ পৰা আঁতৰাই ৰখা হ’লে,
কিম্বা অন্ধকাৰৰ আঁৰ লৈ অন্ধ গলিৰ বেশ্যালয়ত
এটা মিঠা মুহূৰ্ত পাৰ কৰা হ’লে? নতুবা
কিনো ইমান ডাঙৰ অপৰাধটো হ’ব
হৃদয়হীনৰ দৰে সস্তা দৰত কিনা-বেচা কৰা হ’লে নিজৰ বিবেক?
(বজাৰত হেনো দুখৰ বহুত দাম!)
#
সিহঁতেও জানে
মানৱতাৰ মৃত্যুৱে ৰক্তাক্ত কৰি তোলে সেউজ উপত্যকা,
অৰণ্যই হেৰুৱায় সেউজীয়া, কিম্বা আকাশে উদাৰতা!
#
আচলতে
মই কোনোদিনে নিবিচাৰো তোৰ বুকুখন হওক
এখন মৃত্যুৰ উপত্যকা; আৰু
মানুহবোৰ হওক সেই নৰকৰ যাত্ৰী! কিন্তু
আমি যে একোটা স্বয়ংক্ৰিয় পুতলা!
…হাতত তেজৰ নিচান লৈ
কোনো উলংগ সমদলত নিজৰ অজ্ঞাতে আগবাঢ়িছোঁ,
স্ব-ইচ্ছাই নিজক নিজে হত্যা কৰিছোঁ,
নিৰ্বিঘ্নে চৰিতাৰ্থ কৰিছোঁ পাশৱিক চেতনা,
আৰু; নিজৰ কবৰত নিজেই ছটিয়াইছোঁ তেজৰ ফুল!
#
এনে কোনো কাৰণতে
আই, তই কিজানি আগতকৈ বহুত শেঁতা পৰিলি।
হয়তো নদীৰ বুকুৱেদি উটি গ’ল
তোৰ বুকুৰ তেজ।
(নদীৰ বুকুতো তেজ শুকায়!)
#
মানুহৰ গভীৰ গোপনতাত কাণ থৈ মই আজি ভাবিছোঁ:
নদীৰ বুকুৰে যিদিনা মানৱতা উজাই বব,
আমন-জিমনকৈ বাহত সোমাই থকা পাৰযুৰিয়ে
আগচোতালত এবাৰ ৰুণ দিব, অথবা
মুধচৰ ঘৰচিৰিকাকেইটাই শান্তিৰে এধানি কুটা কোঁচাব
সেইদিনাখনহে মই এখন নতুন স্বৰ্গৰ কথা ভাবিম।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!