জোনাকী পৰুৱাৰ কথাৰে-(দেৱাশ্ৰী বৰগোহাঁই)
জোনাকী পৰুৱাৰ কথাৰে
-দেৱাশ্ৰী বৰগোহাঁই
এন্ধাৰ নিশা তমসা হৰণ কৰা জোনাকী পৰুৱাজনী নিশ্চয় আমাৰ সকলোৱে খুবেই প্রিয়। আহকচোন আজি এই তাইৰ বিষয়ে কিছু কথা পাতো।
মুগা বৰণীয়া, কোমল শৰীৰ আৰু কণমানি দুখন পাখিৰ জোনাকীজনীক বৈজ্ঞানিকসকলে নাম দিছে লামপাইৰিদ (Lampyride)। বৈজ্ঞানিকভাৱে জোনাকী পৰুৱা ক’লেওপ্টেৰা বৰ্গৰ অন্তৰ্ভুক্ত। জোনাকী পৰুৱাৰ আমি Elateroidea, Cyphonocerinae, Photurinae, Luciolinae, Lampyrine হিচাপে শ্রেণী বিভাজন কৰিব পাৰোঁ । পৃথিৱীৰ বিভিন্ন প্রান্তত প্রায় ২০০০ প্রজাতিৰ জোনাকীপৰুৱা দেখিবলৈ পোৱা যায়। কণমানি জোনাকী পৰুৱাজনীৰ জীৱনকাল নিচেই চমু। মাথো দুবছৰীয়া জীৱনকালৰে জোনাকী পৰুৱাজনী প্রায় ৭/১৬ ৰ পৰা ৯/১৬ ইঞ্চি দীঘল হয়।
তিৰবিৰকৈ উজলি পোহৰ বিলোৱা জোনাকী পৰুৱাৰ এয়া প্ৰকৃততে সংগীক আকৰ্ষণ কৰাৰ মাধ্যম, যোগাযোগৰ অৱলম্বন, শত্ৰুৰ পৰা ৰক্ষা পোৱাৰ সাধন। জোনাকী পৰুৱাৰ কিছুমান প্রজাতিৰ কেৱল এটা লিংগইহে পোহৰ নিঃসৰণ কৰে যদিও বেছিভাগ প্রজাতিৰে দুয়োটা লিংগই এই কাৰ্য্য কৰা পৰিলক্ষিত হয়। যেতিয়া মতা জোনাকী পৰুৱাটো নাথাকে তেতিয়া মাইকীজনীয়ে গছ, জোপোহা ঘাঁহ আদিত বহি বিপৰীত লিংগক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে আৰু যেতিয়াই কাৰোবাক বিচাৰি পায় তেতিয়া ঢিমিক ঢামাক পোহৰৰে জনাই দিয়ে।
জোনাকী পৰুৱাৰ নেজত লিউচিফেৰাচ (luciferase)আৰু লিউছিফেৰিণ (luciferine) নামেৰে দুবিদ ৰসায়নিক পদাৰ্থ থাকে। লিউছিফেৰিণ তাপৰোধক আৰু ই পৰিস্থিতি সাপেক্ষে উজলি উঠে। লিউচিফেৰাচ এবিধ এনযাইম যি পোহৰ নিঃসৰণত সহায় কৰে। জোনাকী পৰুৱাৰ নেজত পোৱা লিউচিফেৰাচ আৰু লিউছিফেৰিণ ATP(Adenosine Triphosphate) ৰ উপস্থিতিত উজলি উঠে। সকলোবোৰ জন্তুৰ শৰীৰত কম বেছি পৰিমাণে ATP থাকে। ৰুগীয়া কোষবোৰত ATP মাত্ৰাত তাৰতম্য ঘটে। জোনাকী পৰুৱাৰ শৰীৰত পোৱা ৰসায়নিক পদাৰ্থ যদি ৰোগাক্ৰান্ত কোষত প্রয়োগ কৰা হয়, তেন্তে কিছু সন্তোষজনক পৰিবৰ্তন লক্ষ্য কৰা যায়। এই পদ্ধতি কেন্সাৰৰ দৰে ৰোগতো প্রয়োগ কৰা হয়।
জোনাকী পৰুৱাৰ পোহৰ আটাইতকৈ বেছি দক্ষতা সম্পন্ন। ১০০% শক্তি প্রয়োগ হয়| যিহেতু এই পোহৰত কোনো ধৰণৰ উত্তাপ নাথাকে সেইবাবে বৈজ্ঞানিকসকলে “শীতল পোহৰ” ৰূপে জোনাকী পৰুৱাৰ পোহৰক নামকৰণ কৰিছে।
জোনাকী পৰুৱাবোৰ সাধাৰণতে মাংসভোজী। পলুবোৰে সাধাৰণতে শামুক আৰু আন কীট পতংগসমূহ খায়। কিছুমান প্ৰজাতিৰ জোনাকী পৰুৱাবোৰ নিজৰ জ্ঞাতিও ভক্ষণ কৰে। কিন্তু প্ৰাপ্তবয়স্ক জোনাকী পৰুৱাবোৰক অন্য প্রজাতি ভক্ষণ কৰা দেখা নাযায়। বৈজ্ঞানিক সকল এতিয়াও প্ৰাপ্তবয়স্ক জোনাকী পৰুৱাবোৰৰ খাদ্য প্ৰণালী সন্দৰ্ভত সন্তোষজনক স্থিতিত উপনীত হ’ব পৰা নাই যদিও তেওঁলোকে ধাৰণা কৰিছে যে এই জোনাকী পৰুৱাবোৰে হয়তোবা ফুলৰ ৰেণু খাই নহ’লে একোৱে নাখায়।
জোনাকী পৰুৱাবোৰে গৰম, আৰ্দ্র অঞ্চল ভাল পায়। সেইবাবে গৰমকালি ইহঁতে উষ্ণ অঞ্চলবোৰলৈ ওলাই আহে। এণ্টাৰ্কটিকাৰ বাদে পৃথিৱীৰ সকলো অঞ্চলতে জোনাকী পৰুৱা দেখা যায়। জোনাকী পৰুৱাবোৰ বেছিকৈ হাবি, পথাৰ, নৈ, জান-জুৰি,পুখুৰী আদি কাষৰীয়া ঠাইবোৰত দেখা যায়। সিহঁতে জীয়াই থকাৰ বাবে সেমেকা জলবায়ু পছন্দ কৰে। জোনাকী পৰুৱা ৰোগ প্রতিষেধক হিচাপে ব্যৱহাৰ হোৱাৰ উপৰিও জোনাকী পৰুৱাৰ শৰীৰত পোৱা ৰাসায়নিক দ্ৰব্যৰ সহায়েৰে মহাকাশযানৰ এক অংশ নিৰ্মাণ কৰা হয় যাৰ সহায়েৰে বৰ্হিজগতত জীৱন সন্ধান কৰা হয়।
জোনাকী পৰুৱাবোৰক কোনোবাই আক্রমণ কৰিলে ই আত্মৰক্ষাৰ বাবে এক টেঙেচীয়া স্বাদৰ তেজ নিঃসৰণ কৰে; যি বহুতো জীৱ-জন্তুৰ বাবে হানিকাৰক। সেয়েহে বহুতো জন্তুয়ে জোনাকী পৰুৱা ভক্ষণৰপৰা বিৰত থাকে। বহুতো সৰীসৃপ পালকে জেঠী, সাপ আদিক জোনাকী পৰুৱাৰ পৰা আঁতৰত ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰে।
কিন্তু সময়ৰ লগে লগে এই মৰমলগা নিৰীহ জীৱবিধ হেৰাই আহিছে। এন্ধাৰ পৃথিৱীখনক নিজৰ কণমানি পোহৰৰে পোহৰাই ৰাখিবলৈ যত্ন কৰা জোনাকীজনী আজিকালি কাচিৎহে দেখা পোৱা যায়। জোনাকীজনী হেৰাই যোৱাৰ প্ৰকৃত কাৰণ জনা নাযায় যদিও দিনক দিনে বাঢ়ি অহা প্ৰদূষণ, বাসস্থানৰ অভাৱ, খেতি-পথাৰত অত্যাধিক ৰসায়নিক দ্রব্যৰ প্রয়োগক ইয়াৰ বাবে জগৰীয়া কৰা হৈছে। আজি-কালিৰ প্ৰযুক্তিবিদ্যাৰ যুগত ৰাতিও দিনৰ দৰে পোহৰ হৈ থকাৰ পৃথিৱীখনত জোনাকীজনীয়ে নিজক হেৰুৱাই পেলাইছে। কবি-সাহিত্যিকৰ বুকুৰ আমঠু জোনাকীজনী যেন আজি এক ইতিহাস, কিতাপৰ এক পৃষ্ঠা। পিছৰ প্ৰজন্মৰ বাবে এয়া মাথো এক ৰূপকথাৰ সাধু।
এন্ধাৰ নিশা পদূলি ওপচাই জোনাক সিঁচা জোনাকী পৰুৱাক আমি কালৰ বুকুত উটি যাবলৈ দিয়া অনুচিত। বিলুপ্তিৰ গৰাহত পৰা জোনাকীক বচাবলৈ পাৰ্যমানে চেষ্টা চলোৱা উচিত। আমি ঘৰত পুখুৰী খান্দি, জোপোহা গছ-বন ৰুই, ৰাসায়নিক দ্রব্যৰ পৰিমিত ব্যৱহাৰ কৰি, ৰাতি কৃত্ৰিম পোহৰৰ অনাৱশ্যক ব্যৱহাৰ কম কৰি কণমানি জোনাকীজনীক সহায় কৰিব নোৱাৰোঁনে?? বাসস্থানৰ অভাৱত ভোগা জোনাকীজনীক অলপ মৰম প্রদান কৰিলে তাই আকৌ উজলাব আমাৰ ঘৰৰ আগচোতাল।