জ্যামিতি (প্ৰাঞ্জল দাস)


“লিখা। বিশেষ সূত্ৰ। ধৰা হ’ল এ বি চি এটা ত্ৰিভুজ। ইয়াৰ এবি, বিচি আৰু চিএ তিনিটা বাহু। প্ৰমাণ কৰিব লাগে যে, ত্ৰিভুজটোৰ যিকোনো দুটা বহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ।”
“পাৰিবানে?”
“অ’ পাৰিম।”
“ঠিক আছে। কৰা তেন্তে।”
ৰাজুৱে একান্তমনে বহীখনত বিশেষসূত্ৰ, অংকন, প্ৰমাণ এইবোৰ লৈ ব্যস্ত হৈ পৰিল। পলাশে তাৰ সন্মুখত থকা কাগজখনত এটা ত্ৰিভুজ আঁকিলে। সমদ্বিবাহু ত্ৰিভুজ। ঠিক ৰাজুৱে তাৰ বহীত অঁকাৰ দৰে। সি কোনটো বাহু হ’ব? ভূমি। ঠিক ভূমি। সি বেচ্। তাৰ ওপৰত বেচ্‌ কৰিয়ে চিনাকি হৈছিল সিহঁত দুটা। নহয়; সি নিজেই চিনাকি কৰাই দিছিল।
“ই ৰাহুল। মোৰ ফ্ৰেণ্ড। আমি স্কুলৰে পৰা একেলগে পঢ়া। আৰু এয়া ৰুণজুণ। মোৰ ক্লাছমেট আই মীন মেজৰ মেট।”
“হাই!”
“ৰুণজুণ! নাইচ নেম!”
“থেংক ইউ! তোমাৰ ডিপাৰ্টমেণ্ট?”
“ফিজিক্স। ই তোমাৰ কথা কৈয়ে থাকে। ভাল লাগিল দিয়া চিনাকি হৈ।”
“হেই? সঁচা? কি কয়? কি কয়?”
“কয় আৰু কিবা কিবি। সুধিবাচোন তাকে।”
“ঐ কি কোৱা হা মোৰ কথা?”
“এহ! তয়ো যে আৰু। কাৰ মূৰটো গাই নাথাক’!” সি ৰাহুলক লাহেকৈ ঠেলা মাৰি দিয়ে।
পুৰণি কথাবোৰে তাৰ মুখত হাঁহি এটা ঢৌ খেলাই থৈ গ’ল। ঠিক। বাকী দুটা বাহুৰ এটা বাহু হওক ৰুণজুণ। আনটো ৰাহুল।
তাৰ এটা মূৰত তাই। আনটো মূৰত ৰাহুল। তাৰ পৰা বহু দূৰৈৰ অইন এটা কোণত তাই আৰু ৰাহুল দুয়োটায়ে লগ হৈ আছে। মাজত এইখিনি খালী ঠাই।
“হেল্ল’! ভালে আছা?”
“অ’ আছোঁ দিয়া। তোমাৰ?”
“ঠিক ঠাক। একো দেখোন খা-খবৰেই নাই? ভাবিলোঁ খবৰ এটাকে লওঁ তোমাৰ।”
“কিনো খবৰ আৰু। আছো আৰু নমৰাকে জীয়াই।”
“কাৰোবাক পায় দেখিছোঁ আমাৰ ফালে সময়েই নাইকিয়া হ’ল তোমাৰ।”
“তোমাৰো যে আৰু কথা! তুমি মোৰ যেনেকুৱা ফ্ৰেণ্ড সিও একেই। কি কি যে ভাবি নাথাকা আৰু। তুমি চাগে’ সেই সিদিনা তোমাক নোকোৱাকে চিনেমা চাবলৈ যোৱাৰ কথাটোকে ভাবিয়ে আছা।”
“ভাবিমনো আৰু কি! মই কিবা ভবা নভবাৰ লগতনো কি আহে যায়!”
“প্লিজ আৰু পলাশ। সঁচাকে কৈছোঁ। আমি দুয়োটায়ে তোমালৈ ফোন লগাই আছিলোঁ। ন’ট ৰিচ্ছেব’ল হৈ আছিল তোমাৰ ফোনটো।”
“আৰু চাগে বিৰাট লৰালৰিত প্লেনটো বনোৱা হ’ল না?”
“উস! তুমি মানে আজি কামুৰিম বুলিয়ে ফোন লগালা। বাই দেই। তাতা ”
সি এইবাৰ অইন এটা ত্ৰিভুজ আঁকিলে। এইবাৰৰ ত্ৰিভুজটোৰ ভূমিৰ দীঘ কম। ভূমিৰ দুয়োকাষৰ সমান সমান বাহুদুডাল ওচৰ চাপি আহিল। মাজৰ খালী ঠাইখিনিও কমি আহিল।
“শুন। বেচি মানুহ মাতা নাই। অকল তই, মই আৰু ৰুণজুণ। ৰূপমহঁতক নকবি। বাৰ্থডে বুলি উইছ এটাও নাই কৰা। কিয় পাৰ্টিডাল দিম!”
“হ’ব দে। কেইটা মানত ওলাই যাম?”
“এঘাৰটা মানত ওলাবি।”
টোট্ টোট্ ।
“কিমাননো মেচেজ লিখি নাথাক’ অ’!”
“এহ ৰহ্‌ কিবা এটা পাতি আছো। সৰু পিনৰ চাৰ্জাৰ আছে যদি দেচোন। চাৰ্জেই নাই।”
“আৰু পিটিকি থাক!”
“চাৰ্জত লগাই দে চোন। মায়ে খুড়ীক কিবা এটা ক’ব কৈছিলে। মই আহি আছো ৰহ।”
ৰাহুলৰ ম’বাইল তাৰ হাতত। টোট্ টোট্ । ম’বাইলত আকৌ মেচেজ অহাৰ টিউন।
ৰুণজুণ এয়াৰটেল। ৰুণজুণে এয়াৰটেল নম্বৰ ল’লে! পাকঘৰত মাক আৰু ৰাহুলৰ মাত। সি এনেয়ে এবাৰ সেইফালে জুমি চালে। কনভাৰ্চেচনচ্। “মই কিন্তু কৈ দিছোঁ। সেই ব’ৰটোক মাতিলে মই নাযাওঁ। কি যে তুমি! কিয় মাতিব লাগে বাৰু তাক!” তলত আৰু বহুত কিবা কিবি মেচেজ। “আৰে! নুবুজা কিয় তাক নামাতিলে বেয়া কথা হ’ব। পিছত মেচেজ দিবা। মই এতিয়া তাৰ ৰূমত। বাই!”
ভূমিডাল যদি একেবাৰে নাইকিয়া কৰি দিয়া যায়? বাকী বাহু দুডাল কাষ চাপি আহি লগ হৈ যাব। এৰা ঠিকেই তো!
“ৰাজু আজিলৈ হ’ব দিয়া। কাইলৈ মই অলপ সোনকালে আহিম।”
সি ঘপকৈ থিয় হ’ল।
“খুড়ী মই আজি অলপ সোনকালে যাওঁ দিয়ক। অলপ কাম আছে। কাইলৈ অলপ সোনকালে আহিম।”
“বাৰু। চাহ নোখোৱা?”
“নাই হ’ব। নালাগে দিয়ক।”
সি ৰাস্তালৈ ওলাই আহিল।
“ৰাহুল!”
“ক’ত আছ’? টিউচন শেষ হ’ল নাই তোৰ?”
“ঘৰলৈ গৈ আছো। ঐ! মই নাযাওঁ দে। বেয়া চেয়া নাপাবি। তই ৰুণজুণকে পাৰ্টি দে কাইলে। মই পিছত কেতিয়াবা খাম।”
সিফালৰ পৰা কিবা কোৱাৰ আগতেই সি ফোনটো কাটি দিলে।
বাকী দুডাল বাহু লগ হৈ যাওক। কোনো কম্প্লিকেচি নাই। অকল এডাল সৰল ৰেখা হওক। এনেয়ে তিনিডাল বাহুৰে ত্ৰিভুজ এটা কিয় আঁকিব লাগে!
তাৰ মনতো মুকলি মুকলি লাগিল।
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
7 years ago

জ্যামিতি জিনিসটা ভালো পাই!! 😛