জৰাসন্ধৰ সাধুটো (মেঘালী দিহিঙীয়া)
: তাৰপাছত?
: তাৰপাছত আৰু কি হ’ব? জৰাসন্ধ নমৰেহে নমৰে৷ ইফালে যুদ্ধ কৰি কৰি ভীম ভাগৰি গৈছে৷ জৰাসন্ধৰ মূৰটো ভীমে বাৰে বাৰে গদাৰে ওফোৰাই দিয়ে, জৰাসন্ধও বাৰে বাৰে জী উঠে৷
: ভগৱানো কম নহয়৷ কিয়নো বাৰু জৰাসন্ধৰ দৰে বদমাছ অসুৰটোক সেই নোহোৱা নোপজা বৰটো দিব লাগে? ভীমে তেন্তে জৰাসন্ধক মাৰিব নোৱাৰিলেই নেকি ককা?
: কিয় নোৱাৰিব? এই জগতত পাপৰ দমন হ’ব পৰাকৈ ভগৱানে কিবা নহয় কিবা উপায় ৰাখেই৷ যুদ্ধ চলি থকাৰ মাজতে শ্ৰীকৃষ্ণই ভীমক হাতত বিৰিণা পাত এটা লৈ দুফাল কৰি দেখুৱালে৷ ভীমৰ লগে লগে জৰাসন্ধৰ জন্ম বৃত্তান্ত মনত পৰিল৷
: কোনটো বৃত্তান্ত ককা?
: উফ্… কৈছোৱে দেখোন তহঁতক৷ সেই যে অপুত্ৰক ৰজাক সন্যাসীয়ে আম এটা দিছিল, তাকে ৰজাৰ দুজনী ৰাণীয়ে দুফাল কৰি খোৱাত দুজনীৰ দুফাল ল’ৰাৰ জন্ম হ’ল৷ ৰাণীহঁতে ভয় খাই পাহাৰৰ দাঁতিত ল’ৰা দুফাল পেলাই দিয়াত জৰা ৰাক্ষসীয়ে পাই যোৰা লগাই এটা কৰি তুলিলে৷ জৰা ৰাক্ষসীয়ে যোৰা লগোৱা কাৰণে ল’ৰাটোৰ নাম জৰাসন্ধ হ’ল আৰু ডাঙৰ হৈ ভগৱানক অমৰ হোৱাৰ বৰ খোজাত ভগৱানে জৰাসন্ধক যেনেকৈ জন্ম হৈছিল তেনেকৈহে মৰিব পাৰিবি বুলি বৰ দিয়ে৷
: ওঁ, বুজিছোঁ৷ তাৰপাছত কি হ’ল কওক ককা৷
: তাৰপাছত শ্ৰীকৃষ্ণৰ ইংগিত পাই ভীমে ততালিকে জৰাসন্ধৰ দুই ভৰিত ধৰি একে আঁজোৰে জৰাসন্ধক দুফাল কৰিলে আৰু এনেকৈয়ে জৰাসন্ধ অসুৰৰ মৃত্যু হ’ল৷
: ভালেই হ’ল৷ পিছে জৰাসন্ধইহে চাগে বৰ কষ্ট পাইছিল ভীমে গাটো দুফাল কৰোতে, ন ককা?
– ভীমৰ জয়ত আনন্দ পালেও জৰাসন্ধৰ কৰুণ মৃত্যুত যেন সামান্য দুখ লাগিল পাৰভেজৰ৷
: ওঁ, পাবতোন আকৌ৷ পিছে সিও যে সাধাৰণ মানুহবোৰক তেনেকৈয়ে কষ্ট দিছিল৷
: ইচ্ ৰাম… তাৰ আকৌ অসুৰটোলৈ বেয়া লাগিল৷ ভালহে, ভীমে জৰাসন্ধক দুফাল কৰি মাৰি পেলালে৷
– ৰক্তিমৰ কিঞ্চিত খং৷ পাৰভেজৰ অত্যধিক কোমল মনটোত জৰাসন্ধৰ বিৱশতা দেখি দয়া ওপজা কথাটো যেন সহজভাৱে লব পৰা নাই ৰক্তিমে৷
: চাওঁ, তহঁত এতিয়া উঠ৷ বাৰীত ঢেৰ কাম পৰি আছে, তহঁত দুটাক সাধু শুনাই থাকিলে কাম নিসিজে মোৰ৷ যা, সৌখিনিত খেলি থাকগৈ দুয়োটাই৷
ৰক্তিম আৰু পাৰভেজক খেলিবলৈ কৈ জীৱেশ্বৰ মাষ্টৰে বহাৰপৰা উঠি কঁকালটো পোনাই ললে৷ আজিকালি বহুসময় বহি থাকি ঘপকৈ উঠি দিলে কঁকালত বিষ এটাই ধৰা হৈছে, বয়স পৰি আহিছে লাহেকৈ৷ কঁকালটোৰ পিছফালে হাতখনেৰে মোহাৰি দি মাষ্টৰে বাৰীখনৰ ফালে চালে৷ বনবোৰ বাঢ়ি আঁঠুৰ ওচৰ পাইছেহি৷ আব্দুলে নিয়মীয়াকৈ কাটি বাৰীখন চাফা কৰি ৰাখে, গৰুকেইটায়ো ভাল পায় সন্ধিয়া গোহালিত বাৰীৰ কোমল ঘাঁহকেইডাল চোবাবলৈ পালে৷ আজি এসপ্তাহ পাৰ হ’ল, আব্দুলো অহা নাই৷ পিন্ধি থকা বগা ধূতিখন আঁঠুলৈকে কোচাই জীৱেশ্বৰ মাষ্টৰ কাঁচিখন হাতত লৈ বাৰীলৈ সোমাই গ’ল৷ নিজেই কাটিব লাগিব ঘাঁহকেইদাল, পুতেক দুটাৰতো এইবোৰলৈ খবৰেই নাই৷ ডাঙৰটোৱে দিনে ৰাতিয়ে মদতে ডুবি থাকে, ঘৰ- সংসাৰৰ প্ৰতিও মন-কাণ নাই৷ আনকি নিজৰ সাতবছৰীয়া ল’ৰাটোৱেও কি খাইছে, কি পিন্ধিছে সেইবোৰ খবৰ নাৰাখে৷ বোৱাৰীজনীলৈ চালে বেয়া লাগে মাষ্টৰৰ, দোষী দোষী লাগে নিজক৷ মাক সৰুতে মৰাৰ পাছত মাহীমাকৰ খেচখেচনিত ডাঙৰ হোৱা ছোৱালীজনীক তেঁওৰ পছন্দমতেই বোৱাৰী কৰি আনিছিল৷ মাষ্টৰৰ পৰিবাৰো জীয়াই আছিল তেতিয়া৷ ৰক্তিম জন্ম হোৱাৰ দুবছৰমানলৈ, মাক থকালৈকে ডাঙৰ পুতেকটোৱে ইমানকৈ মদ খোৱা নাছিল৷ ঘৰতে টিউচনো কৰিছিল দুই এটা, খেতিয়ো চাইছিল৷ আজি দুবছৰমানৰপৰা একোতে মন নিদিয়া হ’ল ল’ৰাটোৱে৷ গাৰপৰা মদৰ গোন্ধ নুগুচা হ’ল, শুনামতে আজিকালি হেনো জুৱাও খেলে ৰতনৰ দোকানৰ পাছফালে৷ পইচা ক’ত পায়, মাষ্টৰে নাজানে৷
সৰুটো পুতেকেতো কি কৰে, ক’ত যায় একোৰেই হিচাপ নাপায় মাষ্টৰে৷ ৰাতি বাৰ বজাৰ পাছত ঘৰত সোমায়, বৌয়েকে বাঢ়ি থোৱা ভাত খায় আৰু পুৱা ন বজালৈকে শুই থাকি দহবজাত চাহ-জলপান খাই আকৌ ওলাই যায়৷ সুধিলেও একো নকয়, গেঙেৰি দি উঠে কি দৰকাৰ বুলি৷ আজিকালি জীৱেশ্বৰ মাষ্টৰে কাকো একো নোসোধা হৈছে৷ বোৱাৰীজনীও নিমাত হৈ আহিছে দিনে দিনে৷ মাত্ৰ ৰক্তিমৰ মাত-কথাইহে ঘৰখন জীপাল কৰি ৰাখিছে৷ মাষ্টৰৰ পেঞ্চনৰ টকাৰে ঘৰখন চলি আছে৷ মাজে মাজে সৰুটো পুতেকে কিবাকিবি বজাৰ কৰি আনি বৌৱেকৰ হাতত দিয়েহি৷ মাষ্টৰে সেইবোৰৰ হিচাপ নলয়৷
ঘাঁহবোৰ কাটি থাকোতে কঁকালৰ বিষটোৱে আকৌ এবাৰ আমনি কৰিলে জীৱেশ্বৰ মাষ্টৰক৷ আব্দুলৰ ওপৰতে খং এটা উঠি আহিল তেওঁৰ, ইমানদিনে আহিবলৈ দেখা নাই, ক’ত মৰিলগৈ ই৷ সিদিনা দুপৰীয়া ভাতকেইটা খাই বিছনাত বাগৰ দিওঁতেই ডাঙৰকৈ কথা কোৱা যেন শুনি উঠি আহিছিল তেওঁ৷ সৰুপুতেকক সাধাৰণতে দিনত ঘৰত দেখিবলৈ পোৱা নাযায়, সেইদিনা কিন্তু ঘৰতে আছিল সি৷ ৰ’দতে নে খঙতে, ল’ৰাটোৰ দাড়িয়ে গোঁফে ভোবোকাৰ মুখখন ৰঙা পৰি আছিল৷ তেওঁৰ কি হ’ল বোলা প্ৰশ্নটোৰ উত্তৰ দিবপৰাকৈ কোনো নাছিল, আব্দুল ইতিমধ্যে নঙলা পাৰ হৈ ওলাই গৈছিল৷ পুতেকৰ পৰাতো কোনো উত্তৰ আশা কৰিবই নোৱাৰি৷ বোৱাৰীক সোধাত ক’লে, “সৰুপোণাই আব্দুলকাইক আজিৰপৰা ইয়ালৈ আহিবলৈ মানা কৰি দিছে৷ “
খং উঠিছিল, ভীষণ খং উঠিছিল মাষ্টৰৰ৷ পিছে তেওঁৰ খঙলৈ ভ্ৰূক্ষেপ কৰোতা কোনো নাছিল৷
ৰক্তিম আৰু পাৰভেজে চোতালতে মাৰ্বল খেলাত লাগিছে৷ দুয়োটা বৰ নলেগলে লগা বন্ধু৷ পাৰভেজৰ ঘৰ নৈখনৰ সিপাৰে৷ এইখন গাঁৱত থকা ককাকৰ ঘৰলৈ প্ৰতিসপ্তাহতে মাক বা দেউতাকৰ সৈতে অসুখীয়া ককাকৰ খবৰ কৰিবলৈ আহে পাৰভেজ৷ ককাকৰ ঘৰখনত নৰ মনিচ বুলিবলৈ ককাক-আইতাক আৰু কামকৰাৰ ল’ৰা হেমেন৷ তাৰ বয়সৰ কোনো নাই দেখি দিনটো তাত কটাবলৈ আমনি পায় পাৰভেজে৷ সেয়ে আহি পায়ে দৌৰি গুচি আহে জীৱেশ্বৰ মাষ্টৰৰ ঘৰলৈ, ৰক্তিমৰ ওচৰলৈ৷ দুয়োটা লগ হোৱাৰ লগে লগে মাষ্টৰক সাধু শুনাবলৈ বুলি আব্দাৰ লগায়৷ মাষ্টৰেও সিহঁতক বিমুখ নকৰে৷ পাৰভেজ জীৱেশ্বৰ মাষ্টৰৰ পৰম বন্ধু, একালৰ সহকৰ্মী ৰহিম মাষ্টৰৰ নাতি, ৰক্তিমৰ সমানে মৰমৰ৷ ৰহিম মাষ্টৰৰ সৈতেও পাৰভেজ প্ৰায়ে আহে জীৱেশ্বৰ মাষ্টৰৰ ঘৰলৈ৷ ৰক্তিমৰ মাকে বনোৱাৰ দৰে বৰাভাত-কলডিল ভাজিৰ জলপান হেনো আন কোনোৱে বনাব নোৱাৰে, তাৰ মাকেও৷
জীৱেশ্বৰ মাষ্টৰৰ কাষৰ ঘৰখন পাৰভেজৰ ককাকৰ ঘৰ৷ মনোহৰ কাইটিৰ জীয়েক প্ৰমীলা আঠবছৰৰ আগতেই ৰহিম মাষ্টৰৰ পুতেক ছোৱেইবৰ লগত নৈ পাৰ হৈ সিপাৰৰ গাওঁখনলৈ গৈ নিকাহত বহিছিলগৈ৷ প্ৰথমে প্ৰমীলাৰ নামত চৰু হাৰী ধুইছিল মনোহৰ কাইটিয়ে৷ পিছে দুবছৰত দুটাকৈ গজগজীয়া ডেকা পুতেক এক্সিডেণ্ট হৈ মৰাৰ পিছত একমাত্ৰ জীয়েকলৈ ঘনাই মনত পৰিবলৈ ধৰিলে মনোহৰ কাইটিৰ৷ দেহাও পৰি আহিছিল ইতিমধ্যে৷ তিনিবছৰমান হ’ল, সমাজে কি কয় কব বুলি জীয়েকৰ সৈতে মিতিৰ পাতিলে৷ সমাজে একো নক’লে৷ দুয়োখন গাঁৱৰ মাজৰ মিলাপ্ৰীতি বহুদিনৰ পুৰণি৷ সেই গাঁৱৰ ডেকাহঁতে এই গাঁৱৰ ডেকাহঁতৰ সৈতে মাঘৰ বিহুৰ দিনা আহি মেজিৰখীয়া হয়হি৷ এই গাঁৱৰ জীয়ৰীহঁতে ঈদৰ সময়ত সেই গাঁৱৰ ছোৱালীহঁতক কেক, মিঠাই বনোৱাত লাগিভাগি দিয়েগৈ৷ এইবোৰ বহু পুৰণি কথা৷ দুয়োখন গাঁৱৰ মাজৰ একমাত্ৰ যোগসূত্ৰ নৈখনৰ ওপৰত বাৰিষা অস্থায়ী বাঁহৰ দলংখন দুয়ো গাঁৱৰ ডেকাহঁতে একেলগেই সাজি লয়৷ খৰালি হ’লে সাঁকো নালাগেই, একাঁঠু পানী খোজেৰেই পাৰ হ’ব পাৰি৷
পিছে আজি অলপদিনৰপৰা গাওঁ দুখনৰ মাজত আহযাহ কিছু কমিছে৷ কেনেকৈ, কিয়, কেতিয়াৰপৰা… এইবোৰৰ হিচাপ জীৱেশ্বৰ মাষ্টৰ, ৰবিন মাষ্টৰহঁতে নাপায়৷ গাঁও দুখনৰ ডেকাজাক দুভাগ হৈ দুটা পৃথক সংগঠনত সোমাইছে৷ ৰাকেশ, হিমাংশু, প্ৰতীমহঁতে আগৰদৰে আলটাফ কাইটিৰ পাণদোকানত আড্ডা দিবলৈ নাযায়৷ ছালমা, চেহনাজ, জাকিয়াহঁতে এইবাৰ নিজৰা, পূৰৱীহঁতৰ সৈতে হুচৰি নাগালেহি৷ প্ৰমীলা, ছোৱেইবহঁতে মনোহৰ কাইটিৰ খবৰ লবলৈ আহিবলৈ কমাইছে৷ আজিকালি সন্ধিয়াৰ আলোচনাৰ বিষয়বোৰ আগতকৈ অলপ বেলেগ হয়৷
কথাটো প্ৰথমে বিকাশহঁতৰ ঘৰৰ কুকুৰটোৱে সিপাৰৰপৰা চিনাকী যেন লগা গৰুৰ ঠেং এটা কামুৰি অনা লৈ আৰম্ভ হৈছিল৷ তাৰ তিনিদিনৰ আগতে মাত্ৰ জীৱনখুৰাহঁতৰ দমৰাটো হেৰাইছিল৷ তাৰ এসপ্তাহৰ পাছতে এইখন গাঁৱৰ কেইবাটাও গৰু নোহোৱা হ’ল৷ তাৰো পিছৰ সপ্তাহত কোনোবাই দোভাগ ৰাতি সিখন গাঁৱৰ পুৰণি মছজিদটোৰ সন্মুখত মদ আৰু গাহৰি মঙহৰ তৰকাৰী অলপ ঢালি থৈ আহিল৷
কথাবোৰ এনেকৈ বাঢ়ি গৈ থাকিল৷ যোৱামাহত বীৰেনৰ গেলামালৰ দোকানত বাকীৰ পইছা দিবলৈ আহি দোপাট্টা নোহোৱাকৈ আউল বাউল চুলিৰে কান্দি কান্দি ৱাহিদা দৌৰি গুচি গ’ল৷ আটাইতকৈ ডাঙৰ ঘটনাটো ঘটিল যোৱাটো সপ্তাহৰ আগৰটো শণিবাৰত৷ নৈখনৰ এইপাৰে জীৱেশ্বৰ মাষ্টৰৰ সৰুটো পুতেকৰ সহপাঠী বন্ধু সীমান্তক তেজে তুমৰলি অৱস্থাত কোনোবাই পেলাই থৈ গ’ল৷ হস্পিটালত পুলিচৰ আগত সেহাই সেহাই সীমান্তই নৈখনৰ সিপাৰে থকা নাজমিনক লগ কৰিবলৈ যাওঁতে ক’লা কাপোৰেৰে মুখ বন্ধা কেইটামানে উপৰ্যুপৰি মাৰ শোধোৱাৰ কথা ক’লে৷
: তাৰমানে, তই আৰু আমাৰ ঘৰলৈ নাহ?
ৰক্তিমৰ কন্দনামুৱা মাতষাৰ শুনি জীৱেশ্বৰ মাষ্টৰে চোতালৰ ফালে কাণ উনালে৷
: ওঁ৷ আব্বাই তেনেকৈয়ে কৈছে৷ আৰু জান, মাকো আৰু আহিব নালাগে কৈছে ককা-আইতাহঁতৰ ঘৰলৈ৷ মায়ে আজি বহুত কন্দাৰ পাছতহে আহিব দিছে আব্বাই৷ তাকো মায়ে কছম খাই আহিছে আব্বাৰ আগত, আৰু নাহে হেনো ইয়ালৈ৷
: তই যদি নাহ, মই কাৰ লগত মাৰ্বল খেলিম? মায়ে মোক ঘৰৰ বাহিৰত গৈ মাৰ্বল খেলিবলৈকে নিদিয়ে ক’ৰবাত দুখ পাম বুলি৷ তই নাথাকিলে ককাৰ সাধুবোৰ শুনিও ভাল নালাগে অকলে অকলে৷
: তহঁতৰ ঘৰলৈ আহিবলৈ নাপালে মই ককাৰ সাধুবোৰো শুনিবলৈ নাপাম৷ আব্বাই মোক আজিও আহিবলৈ দিয়া নাছিল, মই মাৰ লগত যাবলৈ নিদিলে ভাত নাখাওঁ বুলি ক’লত মাই লৈ আহিল৷
: তহঁতৰ ৰহিম ককাও আমাৰ ঘৰলৈ বহুতদিন অহা নাই৷ কালি আমাৰ ককাক সুধিছিলোঁ, একোকে নক’লে৷
: আব্বাই কাকো আহিবলৈ নিদিয়ে৷
অকণমানি দুটাৰ কথাবোৰে জীৱেশ্বৰ মাষ্টৰৰ বুকুখন মোচৰি পেলালেহি৷ কঁকালত বাঁওহাতখনেৰে ভেজা দি তেওঁ নৈখনৰ ফালে চাই পঠিয়ালে৷ মাষ্টৰৰ ঘৰৰপৰা নৈখন বেছি নিলগত নহয়৷ বুকুভগা হুমুনিয়াহ এটা এৰিলে জীৱেশ্বৰ মাষ্টৰে৷
সেইদিনা নিশা ভাত খোৱাৰ পৰত ৰক্তিমে মাকক সুধিলে, “মা, পাৰভেজহঁত হেনো আমাৰ গাঁৱলৈ আৰু নাহে৷ সিহঁতৰ আব্বাকে বোলে মানা কৰিছে আহিবলৈ৷ পাৰভেজ, প্ৰমীলা পেহীহঁত একেবাৰে নাহিবই নেকি আমাৰ গাঁৱলৈ? মনোহৰ ককাক ডাক্টৰৰ ওচৰলৈ কোনে নিব, প্ৰমীলা পেহীহঁত নহা হৈ থাকিলে? “
ৰক্তিমৰ মাকে কিবা এটা ক’বলৈ লৈও দেওৰেকৰ পোন্দোৱা মুখখনলৈ মনত পৰি একো নামাতিলে৷ জীৱেশ্বৰ মাষ্টৰৰ একো ক’বলৈ মন নগ’ল, আচলতে কি কব ভাবিয়েই নাপালে৷
আৰু কেইটামান দিন পাৰ হৈ গ’ল৷ দুটা দেওবাৰ অকলে খেলি থাকি তিনিনম্বৰৰ দেওবাৰটোত ৰক্তিমে মাৰ্বলখিনি নি বাৰীচুকৰ পুখুৰীটোত পেলাই দিলেগৈ৷ তাৰে এটা দেওবাৰে জীৱেশ্বৰ মাষ্টৰে ব্ৰজেন কম্পাউণ্ডাৰৰ ওচৰত গৈ কঁকাল বিষৰ বেজী এটা লৈ আহিলগৈ৷ মাজতে মনোহৰ কাইটিৰ অৱস্থাও অলপ বেয়ালৈকে গৈছিল, চহৰত থকা ভতিজাক এটাই যেনিবা হস্পিটালত নি এসপ্তাহ দেখুৱাই ভালে-কুশলে আকৌ থৈ গ’লহি৷
নৈখনৰ ফাললৈ মানুহবোৰ বৰকৈ নোযোৱা হৈছে৷ কিবা কাৰণে যাবলগীয়া হ’লে লগে ভাগে যায়, অথবা দা-কটাৰী একোখন নোলোৱাকৈ নাযায়৷ মাজতে চৰকাৰেও আকস্মিক ঘোষণা এটা কৰিলে, আৰু আচৰিত ধৰণে কথাবোৰ কিবা এটা মিলি যোৱাৰ দৰে হ’ল৷ আৰু কেইখনমান জিলাৰ লগতে জীৱেশ্বৰ মাষ্টৰহঁতৰ জিলাখনো দুভাগ হ’ল, আৰু তাতোকৈও আচৰিত ধৰণে নতুন বিভক্তিকৰণ অনুসৰি দুখন গাওঁ দুখন পৃথক জিলাৰ অন্তৰ্ভুক্ত হ’ল৷ মাজত সীমা নৈখন৷
তথাপি লগ হ’বলগা হ’ল৷ দুখন গাঁওৰ মানুহবোৰ আকৌ মুখামুখি হ’বলগা হ’ল৷ নোৱাৰাত পৰি৷ কেইটামান কথাৰ আলোচনাৰ বাবে৷ সভা এখনৰ বাবে৷ সভাখন কোনে, কেতিয়া কেনেকৈ আয়োজন কৰিলে, ঠাই আৰু সময় কেনেকৈ ঠিৰাং কৰিলে সেইবোৰ কথাৰ ভূ-ভা জীৱেশ্বৰ মাষ্টৰ, ৰহিম মাষ্টৰহঁতে নাপালে৷ ভূ লোৱাৰ প্ৰয়োজনবোধো নকৰিলে, এতিয়া ডেকাহঁতৰ দিন৷ পিছে নহয়, এতিয়াও যে তেওঁলোকৰ দিন যোৱা নাই তাকে প্ৰমাণ কৰিবলৈকে সভাখনৰ পৰিচালনাৰ বাব তেঁওলোক দুজনক দিয়া হ’ল৷ দুয়োখন গাঁৱৰ দুজন ভব্যগব্য ব্যক্তি, বয়োজেষ্ঠ তথা সন্মানীয় ব্যক্তি৷ তাতে দুয়োজন পেচাত শিক্ষক, দুয়ো একেলগে ডেৰকুৰিৰো অধিক কাল স্কুলত শিক্ষকতা কৰিছে৷ এতিয়াৰ ফুকলীয়াচামক বাদ দি দুয়োখন গাঁৱৰ সৰহসংখ্যকেই দুয়োৰে ছাত্ৰ৷ দুয়োখন গাঁৱে তেঁওলোকক শিক্ষাগুৰু বুলি বৰকৈ মানে, বিশেষ গুৰুত্বপূৰ্ণ কামত আগবাঢ়িলে বা সিদ্ধান্ত লবলগা হ’লে দুই মাষ্টৰ নহ’লেই নহয়৷ সিদিনাও তাৰ ব্যতিক্ৰম নহ’ল৷
সভাখন পতাৰ মূল উদ্দেশ্যটো আছিল দুয়োখন গাঁৱৰ মাজৰ একমাত্ৰ লাইব্ৰেৰীটো৷ লাইব্ৰেৰীটো দহ-বাৰ বছৰৰ আগত এইখন গাঁৱৰ নামঘৰটোৰ কাষতে পতা হৈছিল৷ এইখন গাঁৱত হ’লেও কিন্তু লাইব্ৰেৰীটো পতাৰৰ ক্ষেত্ৰত দুয়োখন গাঁৱৰ মানুহৰ সমানে অৰিহণা আছে৷ এইখন গাঁৱৰ লগতে সিখন গাঁৱৰ ল’ৰা-ছোৱালীহঁতেও এইটো লাইব্ৰেৰীত আহি কিতাপ পঢ়েহি৷ পিছে এতিয়া যিহেতু দুয়োখন গাঁৱৰ মাজত আহযাহ বন্ধই হৈ গৈছে, লাইব্ৰেৰীটোৰো কিবা এটা হেস্তনেস্ত কৰিব লাগে৷ এইখন গাঁৱত থাকিল বুলিয়ে সিপাৰৰ গঞাই কৰা কষ্ট অথলে যাব, সিটো পাৰৰ ল’ৰা-ছোৱালীহঁতে কিতাপ পঢ়াৰপৰা বঞ্চিত হ’ব, সেয়াতো নহয়৷
নিৰ্দিষ্ট দিনত, নিৰ্দিষ্ট সময়ত সভা বহিল৷ প্ৰথমে সভাখন ক’ত হ’ব এই লৈ কিছু বাকবিতণ্ডা চলিছিল যদিও যিহেতু লাইব্ৰেৰীৰ বিষয়তে এই আয়োজন সেয়ে লাইব্ৰেৰীৰ কাষৰ মুকলি ঠাইকণতে সভা পতাৰ ব্যৱস্থা কৰা হ’ল৷ যথা সময়ত মানুহবোৰ গোট খালে৷ মাজতে তিনি-চাৰিহাতমানকৈ ব্যৱধান ৰাখি দুখন গাঁৱৰ মানুহ দুভাগে বহিল৷ জীৱেশ্বৰ মাষ্টৰ আৰু ৰহিম মাষ্টৰ কিছু আঁতৰাআঁতৰিকৈ বহিল৷ দুয়ো দুয়োৰে মুখলৈ এবাৰ চাই দুটা দীঘল হুমুনিয়াহ এৰিলে৷ আব্দুলে অলপ দূৰৈত লেপেটাকাঢ়ি বহি লৈ জীৱেশ্বৰ মাষ্টৰৰ ফালে কেৰাহিকৈ চালে৷ এই এমাহতে ক’লা পৰি ক্ষীণাই যোৱা মুখখন আৰু সামান্য বেঁকা হৈ পৰা কঁকালটোলৈ চাই আব্দুলৰ চকুদুটা সেমেকি উঠিল৷ এইবাৰ হায়াৰ চেকেণ্ডাৰীৰ পৰীক্ষা দিয়া ৰূপালীয়ে কেনেবাকৈ ফাৰহাজক দেখে নেকি বুলি মূৰ দাঙি চাওঁতে খামিদাঠ ককায়েকটোৰ চকুৱে চকুৱে পৰাত তলমূৰ কৰি নখেৰে বন চিকুটাত লাগিল৷ পাৰভেজে ৰক্তিমহঁতৰ মামীৰ ওচৰলৈ আহিবলৈ বিচাৰিছে৷ নোৱাৰি, আব্বাকে জোখতকৈ বেছি জোৰেৰে হাতখন খামুচি ধৰি আছে৷
জীৱেশ্বৰ মাষ্টৰ আৰু ৰহিম মাষ্টৰ তলমূৰ কৰি বহি আছে৷ তেওঁলোক এতিয়া বন্ধু নহয়, সহকৰ্মী নহয়৷ তেওঁলোক দুখন গাঁৱৰ মুৰব্বী৷ তেওঁলোক সিদ্ধান্ত লবলৈ অহা পৃথক জিলাৰ, পৃথক গাঁৱৰ, পৃথক ধৰ্মৰ দুজন পৃথক মানুহ৷ জীৱেশ্বৰ মাষ্টৰৰ ঈদৰ দিনাখন আগবেলাতে সিপাৰৰপৰা ৰহিম মাষ্টৰৰ পৰিবাৰে বান্ধি দিয়া কেক, মিঠাইৰে টোপোলাটোলৈ মনত পৰিছে৷ ৰহিম মাষ্টৰে যোৱাটো ব’হাগত জীৱেশ্বৰ মাষ্টৰৰ বোৱাৰীয়েকে দিয়া ভমকা ফুলৰ গামোচাখন চুই চাইছে৷ কাৰো মুখত মাত নাই, কাৰো মুখত কথা নাই৷ দুয়ো বন্ধু দুটা শিলৰ দৰে বহি আছে৷ নিৰ্বাক, নিথৰ…
ফয়চলা হৈ গ’ল৷ লাইব্ৰেৰীৰ কিতাপখিনি সমানে দুভাগত ভাগ হ’ব৷ সিখন গাঁৱৰ দুই এজনে দান কৰাখিনি সিখন গাঁৱলৈ যাব আৰু এইখন গাঁৱৰ দুই একে দান দিয়া কিতাপখিনি এইখন গাঁৱলৈ৷ বাকী ৰাইজৰ বৰঙনি, দুই এক মুধাফুটা ব্যক্তিৰ অনুদান আৰু দুই গাঁৱৰ ল’ৰা-ছোৱালীহঁতে হুচৰি গাই তোলা, থিয়েটাৰ/বিহুমেলা পাতি তোলা পইচাৰে কিনা কিতাপ আৰু আচবাব-পত্ৰ সমানে দুভাগত ভগোৱা হ’ব৷ পকী বেৰৰ নহয় যদিও লাইব্ৰেৰীটো সাজোতে দুইখন গাঁৱৰে সমানে কষ্ট হৈছে৷ এতিয়া বস্তখিনি দুভাগ কৰিবলৈ হ’লে সিখন গাঁৱতো লাইব্ৰেৰী এটা পাতিব লাগিব৷ তাৰবাবে যাৱতীয় খৰচ-পাতি নৱাৰুল ঠিকাদাৰে দিম বুলি কৈছে৷ তথাপি আধাখিনি টিনপাত এইখন গাঁৱৰপৰা যোগান ধৰা হ’ল৷ সকাম নিকাম পাতিবৰ পৰত ৰভা দিবলৈ হ’লে দৰকাৰ হোৱা এইখন গাঁৱৰ ৰাজহুৱা টিনপাতখিনিৰ আধা সেই কামত দিয়াটো থিৰাং হ’ল৷
সিদ্ধান্তটো সকলোৰে মনঃপুত হ’ল৷ কাৰোবাৰ দ্বিমত থাকিলেও জীৱেশ্বৰ মাষ্টৰ আৰু ৰহিম মাষ্টৰৰ মুখত মাত নামাতিলে৷
পৰিস্থিতিৰ গুৰুত্ব বুজি একেখন সভাতে আৰু দুটামান কথা ঠিক কৰি লোৱা হ’ল৷ যেনে- দুয়োখন গাঁৱৰ মাজৰ একমাত্ৰ যোগসূত্ৰ বাঁহৰ দলংখন লাইব্ৰেৰীৰ বস্তুখিনি নিয়াৰ পাছতে ভাঙি পেলোৱা হ’ব৷ খৰালি নদীৰ ফালে গৰু-ছাগলী আহিবলৈ নিদিয়াটো ভাল, অন্যথা নৈ পাৰ হৈ ইপাৰ-সিপাৰ হ’লে ঘূৰাই পোৱাটো মস্কিল হ’ব৷ ইত্যাদি ইত্যাদি…
: মোৰ পিছে কি হ’ব ককা?
গাৰ কাষতে হঠাৎ পাৰভেজৰ মাতষাৰ শুনি চক্ খাই উঠিল দুই বৃদ্ধ৷ আব্বাকৰ হাতৰ মুঠিৰপৰা ওলাই আহি অকণমানটো কেতিয়ানো তেওঁলোকৰ ওচৰ পালেহি, এজনেও ধৰিবকে নোৱাৰিলে৷
: কি হোৱাৰ কথা সুধিছ বাবা?
পৰম চেনেহেৰে পাৰভেজক গাৰ কাষলৈ চপাই আনিলে জীৱেশ্বৰ মাষ্টৰে৷ কি ঠিক, ইয়াৰ পাছত ইয়াক কোনোবাদিনা দেখিব নে নেদেখে; সাধু শুনোৱাটো বহুত দূৰৰ কথা৷
: ককা, আমাৰ মায়ে কয় মই হেনো আধা মুছলমান আধা হিন্দু৷ মোৰ এফাল হেনো আল্লাই দিছে, আনফাল ভগৱানে দিছে৷ এফাল মছজিদৰ, আনফাল মন্দিৰৰ৷ আব্বাহঁতে আজিকালি কয় নৈখনৰ এপাৰেহে হেনো আল্লা থাকে৷ আৰু মুছলমানসকল আল্লা থকা ঠাইতহে থাকিব পাৰিব৷ মই এতিয়া ক’ত থাকিম ককা? নৈখনৰ এইপাৰে নে সিপাৰে? আল্লাৰ ঘৰত নে ভগৱানৰ ঘৰত?
কাৰো মুখত টু শব্দ এটা নাই৷ গোটেই মানুহখিনিক মাজত কাঁহ পৰি জীণ যোৱা অৱস্থা৷ ইমান অকণমান ল’ৰাটোৱে যে ইমান ডাঙৰ কথা ক’ব, কোনোৱে ভবাই নাছিল৷ পাৰভেজৰ আব্বাকে অবাক হৈ পুতেকৰ ফালে চাই আছে৷ আব্দুলৰ চকুৱেদি ক’ব নোৱাৰাকৈয়ে লুণীয়া এসোঁতা বৈ আহিছে৷ অনবৰত তামোল পকটিয়াই থকা অজিত মহৰীয়ে তামোলৰ টোপোলাটো মেলিবলৈ পাহৰি গৈছে৷ ৰূপালীৰ ককায়েকে চকু পোন্দোৱাই চাই থকা নাই, তথাপি তাই ফাৰহাজলৈ নাচাই পাৰভেজৰ ফালে মুখ মেলি চোৱাত লাগিছে৷
জীৱেশ্বৰ মাষ্টৰে ৰহিম মাষ্টৰৰ ফালে চালে৷ একেৰাহে তলমূৰ বহি আছে মানুহটো৷ নক’লেও ধৰিব পাৰি, তেওঁৰ দুচকুৱেদি ইতিমধ্যে ধাৰাসাৰ চকুলো বব ধৰিছে৷ কিয় কান্দিছে, কিয় কান্দিছে ৰহিম মাষ্টৰে? নিজহাতে গঢ়ি তোলা এই লাইব্ৰেৰীটো দুভাগ হোৱাৰ কাৰণে? প্ৰতিবছৰে মেৰামতিৰ কামত আগভাগ লৈ সজা বাঁহৰ দলংখন ভাঙি পেলোৱাৰ বাবে? নে একমাত্ৰ নাতিয়েকৰ দুফাল লগ হৈ এটা হোৱা দেহাটোৰ বাবে?
জীৱেশ্বৰ মাষ্টৰৰ হঠাতে জৰাসন্ধৰ সাধুটোলৈ মনত পৰিল…৷