ঝাৰিয়া বৈঠা মাৰিয়া যাৱ ৰে (ৰক্তিম শৰ্মা)

racktim

আকাশখন ক্ৰমশঃ ডাৱৰীয়া হৈ আহিছে । বতাহৰ কোবে যেন খলকনি তুলিছে লৌহিত্যৰ বুকুত । পাৰঘাটত উৰ্মিমালাৰ কোবাল শব্দ । যেন বতাহৰ সোঁ-সোঁৱনিয়ে সংগীতৰ মুৰ্চ্ছনা তুলিছে । এই সমস্ত শব্দৰ সৈতে একাকাৰ হৈ পৰিছে নাওঁখেলৰ বাবে প্ৰস্তুত কৰি থকা কোনো গীদালৰ সুৰ ..
“বইঠা মাৰো বইঠা মাৰো ৰে
ও বাইচাল ভাইয়াৰে….”
চল্লিশহাত দীঘল সোৰোঙা নাওঁখন উবুৰি কৰি লৈ বাঢ়ৈহতে ৰং লেপিছে । কাষত বাইচাল ডেকাকেইজন ।সচাকৈয়ে যেন জিলিকি আছে নাওঁখন । তলিখন পিছল আৰু চিলচিলিয়া হৈ পৰিছে । নাওঁখনৰ আগত এটা ৰাজহংসৰ মুৰ ।
গছৰ পৰা গোটে গোটে কাটি উলিওৱা ইমান দীঘল নাওঁখন অবাক হৈ চালে বীৰসিঙে ।
—এইখন কৰ পৰা আনিলা মুক্তা ভাই ? বীৰসিঙে সুধিলে ।
—বৰপেটাৰ পৰা হুজুৰ , পিছে খেলিবলৈহে খুজি আনিছো ।

…দুকুৰিতকৈ অধিক খেলৰ নাওঁ নামিছে ।নানাবিধ ৰঙেৰে ফুলামকৈ সজাই তোলা হৈছে নাওঁবোৰ । ডিঙিত ৰুমাল বান্ধি ঘুগুৰা লগোৱা বঠাবোৰ হাতে হাতেলৈ বাইচালবোৰে অধীৰভাবে অপেক্ষা কৰিছে খেল আৰম্ভ হোৱালৈ । ঢোল পেপা নাগাৰাৰ সংগীতে খলকনি তুলিছে । চৌদিশ লোকে লোকাৰণ্য । জনতাৰ হৰ্ষোল্লাস মাজে মাজে ঘাহনি শুৱাই দি যোৱা এচাটি চঞ্চল বতাহৰ মৃদু শব্দ । এই সমস্ত শব্দৰ আবেশত যেন দোলা খাই আছে লালিকৈ সজাই থোৱা খেলৰ নাওঁবোৰ ।
এতিয়া খেল আৰম্ভ হব ।
বাইচালবোৰে হাতে হাতে বঠা লৈ সাজু হল । বাজি উঠিল ঢোল পেঁপা নাগাৰা । নাওঁৰ মুধচত বহি গীদালে গীত জুৰিলে,

“ও সাদেৰ কানাই ৰে
পাৰ কৰিদে মথুৰাতে যাই….”
আন কোনো বাইচালে গালে এইদৰে,
“আল্লাৰ নাম বোলো বাইচাল টানো
টানোৰে আল্লাৰ নাম বোলো বাইচাল টানো…।”

এনেতে ৰাজাবাবুৰ বন্দুকৰ টোপধ্বনি হল । খেল আৰম্ভ হোৱাৰ সংকেত সেয়া । লগে লগে কোৰ্হাল উঠিল । উত্তেজনাত মানুহবোৰৰ হাতৰ মুঠি টানহৈ পৰিল । সোৰোঙা নাওঁবোৰে উৰপদ বিলৰ পানী ফালি তড়িত গতিত আগবাঢ়ি গৈ থাকিল ।
সোঁ সোঁ বতাহে কপাই গৈছে পাৰ ভাঙি যোৱা উৰপদৰ বুকুৰ নিৰ্মল জলাধাৰ । নে আকাশখনেই কপি আছে পানীত ! খেলৰ নাওঁবোৰ আগবাঢ়ি গৈ থাকিল তীব্ৰ গতিত । বঠাত লগোৱা ঘুগুৰাবোৰৰ জুনুক জুনুক শব্দ আৰু গীদালে হিয়া উজাৰি গোৱা গীতৰ সুৰ সুললিত সংগীতহৈ ভাহি আহিল উৰপদৰ বুকুৰ পৰা….

“এলা কেনে বাইচাল ভাইয়া ৰে
ও নৌকা আউগায় আৰ পাউছায় ৰে
ময়েন গাছেৰ নৌকাৰে তাৰ
পবন সুতাৰ বৈঠাৰে
ও বাইচাল ভাইয়াৰে
ঝাৰিয়া বৈঠা মাৰিয়া যাৱ ৰে…।”

এনেতে ঘটি গল অঘটনটো । দুখন নাওঁ দুফালৰ পৰা এফলীয়া হৈগৈ জেলো মাঝিৰ নাওঁখনত প্ৰচণ্ড জোৰে খুন্দা মাৰিলে । যুদ্ধক্ষেত্ৰত পৰাজিত সেনানায়কৰ দৰে পথালি হৈ পৰিল জেলো মাঝিৰ সুদৃশ্য ময়ুৰ পংখী নাওঁখন । মুক্তা মাঝিৰ নাওঁ তীব্ৰ গতিত আগুৱাই গৈ থাকিল বাধাহীন ভাবে ।***

এয়া আছিল কাহিনীৰ এক নাওঁখেলৰ দৃশ্য । পৰম্পৰাগত ভাবে চলি অহা এই নাওঁখেলে অসমৰ লোকজীৱনত কেনে আবেগিক স্থান অধিকাৰ কৰি আহিছে সেয়া তাৰ সৈতে জড়িত লোকগীতবোৰেই প্ৰমাণ কৰে । এতিয়া পাপনৰ কণ্ঠত এই নাওঁখেলৰ গীতেই নৱপ্ৰজন্মৰ মুখে মুখে । অথচ কিমানে জানে নাওঁখেলৰ সৈতে জড়িত অসমীয়াৰ এসময়ৰ গৌৰৱপূৰ্ণ ক্ৰীড়া প্ৰতিভাৰ কথা ।অসম নদীমাতৃক দেশ । অসমৰ পৰম্পৰাগত নাওঁখেলৰ সৈতে জড়িত বিশ্বাস আৰু লোককৃষ্টি, বেশ ভুষা আদিৰ সৈতে আচৰিত মিল দেখা যায় লাওছ , ইণ্ডোনেচীয়া আৰু চীনৰ পৰম্পৰাগত নাওঁখেলৰ সৈতে ।অসমৰ নাওঁখেলত খেলুৱৈ বাইচালে পিন্ধাৰ দৰে ৰঙা ৰঙৰ সাজ , দীঘল নাওঁৰ গলত পিন্ধোৱা ৰঙবিৰঙৰ ৰুমাল , নাওঁৰ আগমুৰ ময়ুৰপংখী , ৰাজহংস আদি থকাৰ দৰে চীনৰ নাওঁত দেখা যায় ড্ৰেগনৰ মুৰৰ আকৃতিৰ পৰম্পৰাগত খেলানাওঁ আদি ।নাওঁ বোৰো এডাল গছ সোৰোঙা কৰি গঢ়া ।
অসমত পৰম্পৰাগত ভাবে নাওঁখেল জনপ্ৰিয় খেল হিচাপে চলি আহিছে যদিও তাৰ প্ৰচাৰ আৰু চৰকাৰী আধুনিক সা-সুবিধা বা মনোযোগ নোহোৱা বাবে লাহে লাহে মৃত্যু মুখলৈ গতি কৰিছে ।অকল নাওঁখেলেই নহয়, অসমৰ লাঠিয়ালে লাঠিখেলত মুৰৰ ওপৰেদি চক্ৰাকাৰে লাঠি ঘুৰাই মাটিৰ পৰা ডেৰ হাত ওপৰত শূণ্যতে ভাহি থাকিব পাৰিছিল বুলিও জনবিশ্বাস আছে । এইবোৰে প্ৰমান কৰে লাঠি খেল , নাওঁখেল আদি পৰম্পৰাগত খেলবোৰত অসমৰ মানুহৰ পাৰ্গতালি ।শৰাইঘাটৰ যুজত নাওঁৰ ওপৰেদি খোজ কাঢ়ি বৰলুইত পাৰ হোৱা ইতিহাস যিমানেই অতিৰঞ্জিত নহওক কিয় , অসমৰ জনগনৰ নৌযুঁজৰ পাৰ্গতালিয়েই যে ভাৰতৰ শাসক বাৰে বাৰে পৰাস্ত হোৱাৰ অন্যতম কাৰণ আছিল সেয়া অনুমান কৰিব পাৰি ।সৰহসংখ্যক অসমীয়াই পাহৰি গলেওঁ আজিও চেগা চোৰোকাকৈ নাওঁখেল চলি আছে ঠাইবিশেষে ।
ঐতিহাসিক ভাবে অসমীয়াই যে ক্ৰীড়াৰ ক্ষেত্ৰত আগৰণুৱা আছিল তাৰ প্ৰমান ৰংঘৰেই দিয়ে । এছিয়াৰ সৰ্বপ্ৰথম পাভিলীয়ন ৰংঘৰ । অসমৰ শাসক ক্ৰীড়া প্ৰেমী যে আছিল সেয়া তাৰেই উদাহৰণ । কিন্তু পিছলৈ বৃটিছে কানি খুৱাই কানীয়া কৰা অসমীয়াই খেলিবলৈ পাহৰি গল । শাসকেও পৰম্পৰাগত খেলবোৰ ত্যাগ কৰি বিদেশী খেলবোৰত মনোনিবেশ কৰিলে ।প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও পৰম্পৰাগত ক্ৰীড়াক পুনৰ জনগনৰ মাজলৈ লৈ যোৱাত ব্যৰ্থ হল ।তৃনমুল পৰ্যায়ত ক্ৰীড়াৰ নামত আজিলৈকো কোনো সংগঠিত উপৰিসৌধ গঢ়ি নুঠিল । যিবোৰ খেলত অসমীয়াৰ দখল আছিল সেইবোৰ বিকাশ কৰাৰ ব্যৱস্থা লোৱা নহল । আজি জাপানে পৰম্পৰাগত চুমো খেলক , কোৰিয়াই টাইকোৱানডোক আন্তৰ্জাতিক খেল হিচাপে প্ৰতিষ্ঠা কৰিলে । আমাৰে চুবুৰীয়া ৰাজ্য মণিপুৰে মণিপুৰী মাৰ্চিয়েল আৰ্ট টাং-টা আৰু পোলোক তেওঁলোকৰ জাতীয় খেল বুলি নেচনেল গেমছত প্ৰদৰ্শন কৰাৰ স্বীকৃতি লাভ কৰিছে । কিন্তু কেলেহুৱা অসমীয়াই নিজৰ সকলো পাহৰি গল । অসমৰ জাতীয় খেল বুলি কোনো খেলে আজিলৈ স্বীকৃতি লাভ কৰাতো দূৰৰে কথা । অসমৰ ভৌগোলিক পৰিবেশ আৰু ইতিহাসৰ পৰা চালে নাওঁখেলক অসমৰ জাতীয় খেলৰ ৰূপ দিব পাৰি ।

(***শৰ্মা ৰক্তিম, ৰূপৰ খাপৰ তৰোৱাল , পৃঃ ২৯৬-২৯৭, চন ২০১০ইং)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!