টাইম মেচিনেৰে যাত্ৰা (অপূৰ্ব কলিতা)
টাইম মেচিনেৰে যাত্ৰা
মোৰ জন্মৰ সময়ত হেনো ৰাতিও গোটেই আকাশখন ক’লা হৈ আহিছিল আৰু বাৰিষাৰ বতৰতো মেঘে তৰ্জন গৰ্জন কৰি আছিল। হঠাৎ এটা শিল আকাশৰ পৰা সৰি আহি ধৰাত পৰিল আৰু যিখিনি ঠাইত শিলটো পৰিল, সেই ঠাইখিনিৰ নাম আজিকালি শিলপুখুৰী বুলি কোৱা হয়।
২ বছৰ বয়সতেই যেতিয়া ভৰিৰ গচকত পঁইতাচোৰা এটা মাৰিছিলোঁ, মোৰ ককা জিম কলগেটে কৈছিল ই ডাঙৰ হৈ অসমৰ ডাঙৰ চোৰাং চিকাৰী হব। কিন্তু মোৰ মিচেচ ককা মানে আইতাৰ মতে মই হেনো ডাঙৰ হৈ ডাঙৰ ছাতি ভাল কৰা মিস্ত্ৰিহে হম কাৰণ ৬ বছৰ বয়সতেই মই আইতাৰ ছাতি এটা ভাল কৰি দিছিলোঁ। কিন্তু কালৰ কুটিল গতিত মই বিজ্ঞানী এজনহে হ’লোঁ। ১৪ বছৰ নৌ হওঁতেই নিউটনৰ সুত্ৰ কেইটা আৱিষ্কাৰ কৰাৰ পিছত মই পাইথাগোৰাছৰ সূত্ৰ আৱিষ্কাৰ কৰাত লাগি গ’লোঁ। আৰু আজি মই মোৰ কষ্ট নামৰ গছজোপাৰ নাচপতিটো খাই আছোঁ।
পাইথাগোৰাছৰ সূত্ৰটোক দশমিক ..০০৯৮ ৰে হৰণ কৰি তাৰ লগত পাইৰ মানটো পূৰণ কৰি ৪০ মিনিট মাই’ক্ৰঅভেনত গৰম কৰিলেই টাইম মেচিন নামৰ যন্ত্ৰটো পোৱা যায়। সেই টাইম মেচিনৰ প্ৰথম যাত্ৰী হিচাপে মই আৰু চুপাৰমেন গ’লোঁ, কাৰণ মেচিনটোত বহিবলৈ দুটাহে মুঢ়া আছে। দিলোঁ চকু মুদি চুইচ টিপি। কিছুমান অবাইচ শব্দ কৰি মেচিনটোৱে যাত্ৰা আৰম্ভ কৰিলে। চাৰিওফালে কুঁৱলি। চুপাৰমেনে ভয়তে মোক সাৱটি ধৰি আছে। কিছু সময়ৰ পিছত শব্দবোৰ নোহোৱা হ‘ল। চকু মেলি চাই দেখোঁ চাৰিওফালে দেখোন শিলৰেই পাহাৰ, কিবা পুৰণা হিন্দী চিনেমাৰ ডাকু অধ্যুষিত ঠাই যেন পালোঁ। চুপাৰমেনক জগালোঁ আৰু ক’লোঁ “কুউউল বেবী কুউল “। পিছফালে কোনোবা থকা যেন পাই ঘূৰি চাই মোৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলোঁ। এয়া কি? মোৰ চকুৰ আগত শ্বোলে চিনেমাৰ সেই বিখ্যাত দৃশ্যটো আৰম্ভ হৈছে দেখোন? হাত বন্ধা অৱস্থাত সঞ্জীৱ কুমাৰ আৰু হাতত তৰোৱাল লৈ এয়া গব্বৰ সিং দেখোন? মোক দেখি আকৌ গব্বৰৰ চকু ডাঙৰ হৈ ফুটবল এটাৰ দৰে হৈছে। কালীয়া, চাম্বা আদিৰ লগতে আন আন ডাকু বোৰৰ বন্দুক মোৰ ফালে। গব্বৰে মোক সুধে “তু কোন হে ৰে ? ঔৰ য়ে তেৰে চাথ ৱালা আডমী চদ্দী ওপৰ কিঁউ পেহনা হে ৰে ? ”
পৰিস্থিতি তেতিয়া খুবেই ভয়ানক। মোৰ তেতিয়াহে খেয়াল আহিল যে মই অতীতলৈ উভতি আহিছোঁ। মোৰ বুদ্ধিৰ ওপৰতেই মোৰ জীৱনটো নিৰ্ভৰ কৰিব, নহ’লে ঠাকুৰৰ লগতে মোৰো কি কি যায় নাজানো। মই ক’লোঁ মই আপোনাৰ শুভাকাংক্ষী , আপোনাৰ ভালৰ বাবেই মই ভৱিষ্যতৰ পৰা আহিছো। অনবৰত চাধা খাই থকা গব্বৰে এইবোৰ তলানলা ক’ত বুজি পাব? তথাপিও মই যিমান পাৰোঁ অসমীয়াতেই নেওতাখন বুজালো যে মই ভৱিষ্যতৰ পৰা আহিছোঁ। মোক আচৰিত কৰি গব্বৰে ক’লে,”মোক বুৰ্বক বুলি নাভাবিব। মই বিশ্বাস কৰিছোঁ। মোৰ পেছাটো চাই মোক অশিক্ষিত বুলি বহুতেই ভুল কৰে কিন্তু মই হাবাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত ডক্তৰেট কৰি অহা মানুহ। টাইম মেচিনটো মই উলিয়াম বুলি ভাবিছিলোঁ কিন্তু সেই কামত মনোযোগ দিলে মোৰ আচল ‘এইম ইন লাইফ’ ডাকু হ’ব নোৱাৰিলোঁহেঁতেন। ৰ’বা, একমিনিট আমি ভালদৰে কথা পাতিম আগতে ঠাকুৰৰ হাত দুখন কাটি লওঁ। খৈনি খাবা নেকি খৈনি? ”
হাজাৰ হলেও মই সঞ্জীৱ কুমাৰৰ এজন অবাইচ ফেন। চকুৰ আগত তেখেতৰ হাত দুখন কাটিবলৈ দিলে পিছলৈ ৰাতিপুৱাৰ কামফেৰা কৰাৰ পিছত যিয়েই তেখেতক সহায় কৰিব তালৈ পুতৌ জন্মিল। কিবাকৈ বুদ্ধি এটা কৰি হলেও ঠাকুৰক বচাবই লাগিব। মই ক’লোঁ, “গব্বৰ ছাৰ, মই সেইকাৰণেই আহিছোঁ ইয়ালৈ। ঠাকুৰৰ হাত কাটি দিয়াৰ পাছত আপোনাৰ জীৱন ক্ষণস্থায়ী হ’ব কাৰণ কেইবছৰমান পিছত ধৰ্মেন্দ্ৰ আৰু অমিতাভৰ লগ লাগি আপোনাক ঠাকুৰে চেপ্টিক কৰাই মাৰিব। এই সকলোবোৰৰ আঁৰত আচলতে আণ্ডাৰৱৰ্ল্ড সাম্ৰাজ্যৰ হাত আছে। বিশেষকৈ শক্তি কাপুৰ আৰু মগেম্বোৰ। মগেম্বোকো পিছত শক্তি কাপুৰে অনিল কাপুৰৰ লগ লাগি মাৰি পেলাব আৰু নিজেৰ জীয়েকক বলিউদৰ টপ ক্লাছ হিৰ’ইন কৰি আৰামকৈ গোটেই জীৱন খাই থাকিব। এটা কাম কৰক। ঠাকুৰক ছৰী বুলি কৈ খেদি দিয়ক আৰু আপুনি চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰি ৰাজনীতিত যোগ দিয়ক। আপোনাৰ ভগ্নী ফুলন দেৱীয়েও পিছত এয়াই কৰিছে।”
গব্বৰে চাধা মাৰি মাৰি বহুত সময় ভাবিলে আৰু পিছত মোৰ কথা শুনি ঠাকুৰক এৰি দিলে। ঠাকুৰে স্ফূৰ্তিতে গান গাই গাই পলাল তাৰ পৰা। হঠাতে আকৌ সেই অবাইচ শব্দটো আৰম্ভ হ‘ল। মোৰ মনত পৰিল টাইম মেচিনটোৱে মাত্ৰ এঘণ্টাৰ বাবেহে কাম কৰে আৰু এঘণ্টাৰ পাছত আকৌ নিজৰ অ’ৰিজিনেল সময়লৈ লৈ আনে। ঠাকুৰক বাই বাই দিবলৈকে নহ’ল। আহি পালোঁৱেই। পায়েই এই আপডেটটো দিলোঁ।
ভাল লাগিল পঢ়ি….. ৰাতিপুৱা ১ বজাত গণেশগুৰি অভাৰ ব্ৰীজৰ ঠিক ২ ইঞ্চি মাজেৰে সদায় অহা যোৱা কৰা টাইম মেচিনটো আপোনাৰ বুলি আজিহে জানিলো। পিছে আপডেটটো অতীত, বর্তমান, ভৱিষ্যত নে ফিউচাৰ ইম্পচিবলত দিলে নাজানিলো।