টাইম মেচিন (দেৱ প্রতীম হাজৰিকা)
টাইম মেচিন
প্ৰফেচৰ মেনন। দেশৰ এজন নাম থকা বৈজ্ঞানিক। এতিয়ালৈকে বহু কেইটা তথ্য তথা বহুটো যন্ত্ৰ আৱিষ্কাৰ কৰি এই নবীন গৱেষক জনে এক বিল্পৱৰ সুচনা কৰিছে। জন্তুবিলাকৰ ভাষা বুজিবলৈ উদঘাটন কৰা য্ন্ত্ৰ, উৰিবলৈ ব্যৱহাৰ হোৱা টেবলেট এইবিলাক উদঘাটন কৰি ইতিমধ্যে নিজৰ বিজ্ঞান জগতত নিজৰ উপস্থিতিৰ কথা সকলোকে অৱগত কৰিছে।
কিন্তু এচাম বৈজ্ঞানিকৰ মতে এতিয়াও তেওঁ সম্পূৰ্ণভাৱে সফল নহয়। সেইচাম বৈজ্ঞানিকৰ মতে তেওঁৰ আৱিষ্কাৰ সমূহ আগৰ কিছুমান বৈজ্ঞানিকে দি যোৱা কিছুমান তথ্যৰ ওপৰত ভিত্তি কৰিহে সফল হৈছে। সেয়ে প্ৰফেচৰ মেনন এইকেইদিন ব্যস্ত এটা টাইম মেচিন তৈয়াৰ কৰাত। এইবাৰ তেওঁ কাৰো সহায় লোৱা নাই। সম্পূৰ্ণ নিজৰ তথ্যৰ ওপৰত ভিত্তি কৰি এইবাৰ তেওঁ আগবাঢ়িছে। কাম প্ৰায় শেষ হওঁ হওঁ হৈছে। কডীং-ডিকডীঙৰ কামখিনি শেষ হ’লেই তেওঁৰ কাম শেষ।
১২ জুন, ২০২০ চন। ৰাতি ১২ বাজিছে। মেননৰ টাইম মেচিন ইতিমধ্যে শেষ হৈছে। সম্পূৰ্ণ নিজৰ তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁ এবছৰ লাগি তৈয়াৰ কৰি পেলাইছে এটা টাইম মেচিন, য’ত উঠি মানুহে নিজৰ ইচ্ছামতে যিকোনো সময়লৈ গতি কৰিব পাৰিব। মনতে তেওঁ মনতে ভাবিলে সকলোকে দেখুৱাৰ আগতে নিজেই এবাৰ পৰীক্ষা কৰিব লাগিব যাতে কাৰো প্ৰশ্নৰ সন্মুখীন নহয় তেওঁ।
১৩ জুন, ২০২০ চন। সময় তেতিয়া ৰাতিপুৱা ৮ বাজিছিল। টাইম মেচিনৰ ভিতৰত প্ৰফেচৰ মেনন। ব্যস্ত তেওঁ মেচিনত লাগি থকা ডিজিটেল ঘড়ীৰ দৰে যন্ত্ৰত সময় মিলোৱাত। বহুপৰ ভাবি প্ৰফেচৰে ভৱিষ্যতলৈ যাবলৈ থিক কৰিলে। তেওঁৰ গন্তব্যস্থান হিচাপে ২২০০ চনৰ নতুন দিল্লী। লগতে এখন টোকা লিখি থৈ গ’ল এইবুলি “ভৱিষ্যত যাত্ৰা কৰিবলৈ যাওঁ। সময় এতিয়া মোৰ গোলাম। আহিম আকৌ সকলোকে দেখুৱাবলৈ এই যন্ত্ৰৰ যাদু। অপেক্ষা কৰিবা সকলোৱে।”
মেননে সকলো এবাৰ শেষবাৰৰ বাবে পৰীক্ষা কৰি টাইম মেচিনৰ চুইচ টিপি ভৱিষ্যতৰ দিশলৈ যাবলৈ অগ্ৰসৰ হ’ল। মেচিনটো প্ৰচণ্ড শব্দ কৰি কঁপিবলৈ ধৰিলে। মুহূৰ্ত্ততে যন্ত্ৰটো অদৃশ্য হৈ পৰিল।
* * * * * * * * * * * * *
এখন ব্যস্ত পৃথিৱী। চাৰিওফালে মাথো ব্যস্ততা। মানুহৰ ক’তো চিনচাব নাই। চাৰিওফালে মাথো ৰবটৰ চলাচল। ঘৰবোৰো কিবা অদ্ভুৎ ধৰণৰ। একো একোটা ত্ৰিভুজ নাইবা তেনে জ্যামিতিক আকৃতিৰ।
মায়াই এই ঠাইডোখৰত লুকাই থকা আজি পাঁচ দিন হ’ল। জেনেৰেল ছাজিনৰ নিৰ্দেশত তাইৰ পৰিয়ালৰ সকলোকে হত্যা কৰা হ’ল। হঠাতে সেই ঠাইত আবিৰ্ভাৱ হোৱা এটা অদ্ভুৎ যন্ত্ৰৰ আগমনত তাই সচকিত হৈ পৰিল। ছাজিনৰ অনুচৰো হ’ব পাৰে। বহু দেৰিলৈ কোনো সাৰ সুৰ নাই। লাহে লাহে তাই সেই যন্ত্ৰটোৰ ফালে আগবাঢ়িল। বৃত্তাকাৰ এই যন্ত্ৰটো দেখাত বৰ অদ্ভুৎ। ছাজিনে এনেকুৱা উৰণিয়া যন্ত্ৰ ব্যৱহাৰ কৰা দেখা তাইৰ মনত নাই। তথাপি তাই ভয়ে ভয়ে সেই যন্ত্ৰটো চুই চালে। হঠাতে সেই যন্ত্ৰটো মাজতে মেল খাই পৰিল আৰু তাৰপৰা আৱিৰ্ভাৱ হ’ল এজন মানুহ। মায়াই এখোজ পিছুৱাই হাতত থকা দীঘল বন্দুকৰ দৰে যন্ত্ৰবিধ উলিয়াই ল’লে।
“কোন হয় তই ?”
য্ন্ত্ৰৰপৰা ওলোৱা সেই মানুহজনে মায়া আৰু সেই মাৰনাস্ত্ৰ দেখি অলপ সচকিত হৈ ক’লে, “মই এই যুগৰ নহয় আচলতে। মই সময়ৰ ভ্ৰমণ কৰি আছো। মোৰ নাম প্ৰফেছাৰ মেনন, এজন বৈজ্ঞানিক আৰু এইয়া মোৰ টাইম মেচিন। মই তোমাৰ শত্ৰু নহয়। সেইকাৰণে সেই মাৰনাস্ত্ৰবিধ……”
“মই কেনেকৈ বিশ্বাস কৰো তোক ?”
“বিশ্বাস কৰিব লাগিব। যদি প্ৰমাণ লাগে তেন্তে মোৰ লগত ভ্ৰমণত যাব পাৰা। বাই দা ৱে মই ক’ত আছো ?”
“তই এতিয়া বৰ্তমান দা চিটি অৱ দাইলীয়াত আছ।”
“মইতো নতুন দিল্লী দিছিলো। আৰু কোন বৰ্ষ এইটো ?”
“২২০০।”
তেতিয়া মেননে চাৰিওফালে চকু ফুৰালে। তেতিয়া তেওঁ নিজকে এখন ধ্বংসস্তুপৰ মাজত পালে। ভালকৈ চাওঁতে তেওঁ দেখিলে সেইয়া আন একো নাছিল, কুটুবমিনাৰ আছিল। মিনাৰৰ আধাহে আছেগৈ। মানে আজিকালি দিল্লীৰ নাম দা চিটি অৱ দাইলীয়া। কি নাম এইটো। এনে লাগিছে যেন দিল্লী চহৰৰ ডায়েৰীয়া হৈছে।
“এই মিঃ তই যদি সঁচাকৈয়ে বাহিৰৰ পৰা আহিছ তেন্তে জেনেৰেল ছাজিনে ইতিমধ্যে গম পাইছে। সি ইয়ালৈ অহাৰ আগতে আমি ইয়াৰপৰা ওলাব লাগিব।”
“জেনেৰেল ছাজিন কোন ?”
“সি ইয়াত এতিয়া ইয়াত নিজৰ ৰবটবাহিনীৰ দ্বাৰা শাসন কৰি আছে। আমাৰ শাসকক মাৰিলে। মোৰ পৰিয়ালৰ সকলোকে হত্যা কৰিলে আৰু এতিয়া মোক বিচাৰি ফুৰিছে। গোটেই পৃথিৱী তাৰ এতিয়া গোলাম। সেইকাৰণে কোনো নহা এই ঠাইত মই লুকাই আছিলো। কিন্তু তই সকলো খেলিমেলি কৰি দিলি।”
“কিন্তু ইয়াৰপৰা ওলালে এই যন্ত্ৰটোৰ কি হ’ব ? ইয়াক ক’ৰবাত লুকাব লাগিব।”
“ইমান সময় আমাৰ হাতত নাই। পাছত যি কৰ কৰিবি কিন্তু এতিয়া আমি ইয়াৰপৰা ওলাবই লাগিব।”
তেতিয়া মেননে উপায়ন্তৰ হৈ মায়াৰ লগত তাৰপৰা ওলাব চেষ্টা কৰিলে। কিন্তু ইতিমধ্যে ছাজিনৰ ৰবটবাহিনী তাত উপস্থিত হৈছিলহি। সেয়েহে দুয়ো আকৌ তাত লুকাবলৈ বাধ্য হৈ পৰিল।
দেখাত সাইলাখ মানুহৰ দৰে দুটা ৰবট আহি মেননৰ টাইম মেচিনটোৰ ওচৰত ৰ’লহি। দুয়ো কিছুপৰ লিৰিকি বিদাৰি চাই সেই যন্ত্ৰটো লৈ তাৰপৰা প্ৰস্থান কৰিলে।
মেননে টাইমমেচিনটো লৈ যোৱা দেখা পায় অস্থিৰ হৈ পৰিল।
“সেইটো নহ’লে মই নিজৰ সময়লৈ কেনেকৈ যাম। কেনেকৈ মানুহক দেখাম মোৰ নতুন আৱিষ্কাৰ টাইম মেচিন।”
“ধৈৰ্য্য ধৰ মিঃ, এতিয়া উপায় নাই। যদি তই বাহিৰ যাৱ তোক হয় মাৰি পেলাব নহয় ধৰি লৈ যাব।”
“কিন্ত….”
“কিন্তু চিন্তু নাই, জীয়াই থাকিবলৈ এনে কৰিবই লাগিব।”
“মানে মই এই অদ্ভুৎ পৃথিবীত বন্দী। আৰু টাইম মেচিনটো নাপালে মই ইয়াত আজীৱন বন্দী। উফ কি কৰিম মই এতিয়া।”
“আমি বিদ্ৰোহী সৈন্যৰ ওচৰলৈ যাব লাগিব। কিবা উপায় ওলাব কিজানি তাত।”
মেননে উপায়ন্তৰ হৈ মায়াৰ লগত যাত্ৰা আৰম্ভ কৰিলে বিদ্ৰোহী সৈন্য থকা ঠাইলৈ। তেনেতে হঠাৎ আকাশমাৰ্গত এক ভয়ংকৰ বিষ্ফোৰণ হ’ল। দুয়ো আকাশমাৰ্গলৈ চালে। এখন উৰনীয়া যান তেওঁলোকৰ ফালে আহি থকা যেন লাগিল। মায়াই তৎক্ষণাত মাটিত শুই পৰিব ক’লে। দুয়ো মাটিত শুই পৰিল। সেইয়া আছিল এখন বিদ্ৰোহী সৈন্যৰ এখন যান। দুয়োকো লৈ যানখন আকৌ উৰা মাৰিলে।
মায়া-“কিহৰ বিষ্ফোৰণ আছিল কেপ্তেইন ?”
কেপ্তেইন-“ৰবট দুটাই কিবা যন্ত্ৰ এটা লৈ গৈ আছিল। সেইটো বিপদজনক যেন লাগিল। সেয়ে….”
মেনন-“কি ? মোৰ টাইম মেচিন ধ্বংস হৈ গ’ল। এতিয়া মোৰ কি হ’ব ?” এইবুলি মেনন পাগলৰ দৰে হৈ পৰিল। মায়াই কেপ্তেইনক সকলো বুজাই ক’লে।
মায়া-“মিঃ, আমি আপোনাৰ কাৰণে কিবা এটা কৰিম। আকৌ এটা মেচিন বনাম। কিন্তু তাৰ আগতে আমি এইখন যুদ্ধ জিকিব লাগিব। আমাক আপুনি সহায় কৰক এই যুদ্ধত। আমিও আপোনক নিশ্চয় সহায় কৰিম।”
মেনন নিমাত। সকলো শেষ হোৱা যেন লাগিছিল। তেনেতে হঠাৎ তেওঁৰ ফোনটো বাজি উঠিল। মেনন আচৰিত হ’ল। এইখন পৃথিৱীত ফোন কেনেকৈ বাজিব পাৰে তেওঁৰ। এনেতে হঠাৎ সেই যানখনে ক’ৰবাত খুন্দা মৰা যেন লাগিল। যানখন নিয়ন্ত্ৰণৰ বাহিৰ হৈ গ’ল।
মায়া-“মিঃ মেনন, আমি তললৈ গৈ আছো। আমাৰ যানখনত আক্ৰমণ হৈছে। আমি পেৰাছুট লৈ তললৈ জাপ মাৰিব লাগিব।”
এনেদৰে কৈ থাকোতেই মেননে অনুভৱ কৰিলে যেন তেওঁৰ চাৰিওফালে পানীয়েই পানী। পানীৰ এক প্ৰচণ্ড সোঁতে তেওঁৰ মুখত আঘাত কৰিলেহি।
* * * * * * * * * * * * *
“হেৰৌ কিমান শুৱ। উঠ , গৰু কেইটা লৈ পথাৰ যা। ভায়েৰে অকলে অকলে গৈছে ৰাতিপুৱাই। এইজনে আকৌ আৰামত শুই আছে। উঠ , উঠ। নহ’লে আৰু এবাল্টী পানী মাৰিমহি মুখত।”
সাৰপাই দেখো সন্মুখত সেইয়া মা। হাতত এটা বাল্টী। আৰু মোৰ গোটেই গাটো দেখোন তিতি আছে। সময়তো চালো, পুৱা ৬ টা বাজিছে।
ধেৎ, মানে ইমান দেৰি মই মানে মিঃ মেননে সপোনপুৰীৰ মায়াজালত বন্দী হৈ মায়াৰ লগত সময় সময় খেলি আছিলো মানে। ব’লা এতিয়া হাল মাৰোগৈ।