টাইৱানৰ চিঠি ৮ (মনোজ মন)
টাইৱানৰ চিঠি
চান ফ্ৰান্সিছকো যাত্ৰা : কিছু নতুন অভিজ্ঞতা ১
মাৰ্কিন যুক্তৰাষ্ট্ৰ ! প্ৰায় সকলোৰে সপোনৰ দেশ, প্ৰায় সকলোৰে মনত আছে এবাৰ হ’লেও মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ এক দুৰ্বাৰ হেঁপাহ। ঠিক তেনে এক হেঁপাহ মোৰো আছিল, হেঁপাহ আছিল হলিউদ-বলিউদৰ বোলছবিত দেখি থকা মায়াবী এই দেশ এবাৰ নিজ চকুৰে চোৱাৰ। অৱশেষত সেই হেঁপাহ পূৰ্ণ হ’ল ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত।
মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিবলৈ যদি বিচাৰে তেন্তে আপুনি প্ৰায় ৩-৪ মাহ আগতেই ভিচাৰ বাবে আবেদন কৰিব লাগে আৰু ময়ো তাকেই কৰিছিলোঁ। মনত কিছু শংকা আছিল, কাৰণ মোৰ বন্ধুসকলৰ পৰা পোৱা তথ্য অনুসৰ তেওঁলোকে হেনো বহু প্ৰশ্নৰ উত্তৰ, দৰ্খাস্ত, নথি-পত্ৰ ইত্যাদি প্ৰদৰ্শন কৰিবলগীয়া হৈছিল। সেয়ে ময়ো যিমান পাৰি সিমান নথি-পত্ৰ যোগাৰ কৰি প্ৰায় ৩ ঘণ্টামান সময় খৰচ কৰি অনলাইন প্ৰপত্ৰ পূৰণ কৰিছিলোঁ। তাৰ ঠিক এদিন পাচত যথাসময়ত মই টাইপেইৰ আমেৰিকান দূতাবাসত উপস্থিত হ’লো সাক্ষাত্কাৰৰ বাবে। উপস্থিত হৈয়েই প্ৰথম বাধা পালো ’পাচপৰ্ট ফটো’ খনৰ বাবে। সেইখনৰ দৃশ্যপট বগা হোৱা উচিত, আৰু মোৰ আছিল পাতল নীলা। মোক আন এক পথেৰে বাহিৰলৈ উলিয়াই পঠিয়ালে নতুনকৈ ফটো উঠিবলৈ। অৱশেষত প্ৰায় ৪০০ টকা (ভাৰতীয় মূল্যত) ৰ বিনিময়ত দুখন ফটো নতুনকৈ বনালোঁ। পুনৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে আহি প্ৰায় ডেৰ ঘণ্টামান শাৰী পতাৰ শেষত মোৰ সাক্ষাত্কাৰৰ পাল পৰিল। আগমুহূৰ্তলৈকে মনত বহু শংকা আছিল, কিয়নো মোৰ আগতেই বহু প্ৰশ্ন-উত্তৰৰ আদান প্ৰদান কৰাৰ পাচত দুজনমানৰ ভিচা আবেদন নাকচ কৰা দেখিছিলোঁ। আমেৰিকা যাবলৈ ভ্ৰমণকাৰীৰ ভিচা এবাৰ আবেদন কৰিবলৈ প্ৰায় ১০,০০০ ভাৰতীয় টকাৰ প্ৰয়োজন, যদি এবাৰ নাকচ কৰা হয় তেন্তে পুনৰ সেই ধন জমা দি ন কৈ আবেদন কৰিব লাগে। ভগৱানৰ নাম লৈ মই সাক্ষাত্কাৰ দিবলৈ সাজু হ’লো, কিন্তু মোক আচৰিত কৰি মাথো এক মিনিট মান সৰু-সুৰা দুই এটা প্ৰশ্ন কৰি মোৰ আবেদন গ্ৰাহ্য কৰা হ’ল বুলি জনালে। মই নিজকে বিশ্বাস নকৰি পুনৰ সুধিলোঁ, ’সঁচাকৈ মই এতিয়া যাব পাৰোনে’ ! এক মিচিকিয়া হাঁহিৰে সন্মুখত থকা যুৱ-অফিচাৰ জনে মোক ক’লে ’মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ আপোনাক স্বাগতম, আপোনাৰ আবেদন গ্ৰাহ্য কৰা হৈছে, আপুনি এতিয়া ঘৰলৈ যাব পাৰে, ঠিক তিনিদিন পাছত আপুনি আপোনাৰ ভিচা আপোনাৰ ঠিকনাত পাই যাব।’ আৰু সঁচাকৈয়ে ঠিক তিনিদিনৰ পাছত কুৰিয়াৰ জৰিয়তে পাচপৰ্ট আৰু ভিচা মোৰ কাৰ্য্যালয়ত আহি দি থৈ গ’ল। এই সম্পূৰ্ণ প্ৰক্ৰিয়াত মোৰ প্ৰয়োজন হৈছিল মাত্ৰ পাঁচ দিন। ভিচা হাতত লৈ আকৌ হতবাক হৈ গ’লো, কিয়নো মোৰ বন্ধু সকলে কৈছিল যে তেওঁলোকে ভিচা ১-২ বছৰৰ বাবেহে পাইছিল, আৰু মই সম্পূৰ্ণ ১০ বছৰৰ বাবে পাই গ’লো। বহুত ভাল লাগি গ’ল মনটো, অন্তত এই দহ বছৰত মই য’তেই নাথাকোঁ যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিবলৈ পুনৰ ভিচাৰ বাবে শাৰী পাতি থকাৰ প্ৰয়োজন নাই।
২০১৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে অৱশেষত টাইপেই বিমান বন্দৰৰ পৰা উৰা মাৰিলোঁ জাপান অভিমুখে, গন্তব্য স্থান আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চান ফ্ৰান্সিছকো। চান ফ্ৰান্সিছকো, অফিচিয়েল নাম City and County of San Francisco, উত্তৰ কেলিফৰ্ণিয়া আৰু চান ফ্ৰান্সিছকো উপকূলীয় অঞ্চলৰ প্ৰধান আৰ্থিক আৰু সাংস্কৃতিক কেন্দ্ৰ। এই ভ্ৰমণৰ মূল উদ্দেশ্য আছিল আমেৰিকান বায়’ফিজিকেল সমাজে আয়োজন কৰা ৫৮ তম বাৰ্ষিক সন্মিলনীত অংশ গ্ৰহণ কৰা আৰু সেই সন্মিলনীতেই যকৃতৰকৰ্কট ৰোগৰ নিৰাময়ৰ বাবে মই কৰা গবেষণা প্ৰদৰ্শন কৰা। এয়া মোৰ বাবে এক সৌভাগ্য বুলিয়েই ক’ব লাগিব কিয়নো এই সন্মিলনী মোৰ গবেষণা ক্ষেত্ৰৰ এক সৰ্ববৃহৰ্ৎ সন্মিলনী বুলিব পাৰি য’ত সমগ্ৰ পৃথিৱীৰ সৰহ সংখ্যক বায়’ফিজিকেল বৈজ্ঞানিকে অংশগ্ৰহণ কৰে।
প্ৰায় ৩ ১/২ ঘণ্টাৰ টাইপেই-টকিয় যাত্ৰাত জাপানী বিমান পৰিচাৰিকাৰ আপ্যায়নত মন প্ৰফুল্লিত হৈ পৰিছিল। এক মজাৰ ঘটনাও ঘটিল; মোৰ টিকট বুক কৰি দিয়া এজেন্টগৰাকীয়ে সৰহ সংখ্যক ভাৰতীয়ৰ দৰে ময়ো বিমানত বৰাহ যুক্ত আহাৰ গ্ৰহণ নকৰোঁ বুলি ধাৰণা কৰি ’হিন্দু আহাৰ’ সুবিধাটোত টিক কৰি মোৰ উপকাৰ (?) কৰি দিলে। আনপিনে মই হ’লো দোৰ্ঘোৰ বৰাহভোজী তথা আমিষভোজী। আনহাতে এই ’হিন্দু আহাৰ’ত প্ৰায়ে নিৰামিষভোজী খাদ্য হে দিয়ে, যি মই মুঠেও পচন্দ নকৰো। এই কথাটো মই টাইপেইত প্ৰৱেশ পত্ৰ লওঁতে জ্ঞাত হৈছিলোঁ, কিন্তু তাত সলাব নোৱাৰিলোঁ। যেতিয়া বিমানত খোৱাৰ সামগ্ৰীবোৰ অনা হ’ল তেতিয়ামোৰ আসনত এটা ’চিহ্ন’ দিবলৈ আহিল এগৰাকী পৰিচাৰিকা। সেই চিহ্নটোৱে খাদ্য বিতৰণ কৰি থকা পৰিচাৰিকাক ’হিন্দু-আহাৰ’ গ্ৰহণ কৰিব বিচৰাসকলক বিচাৰি উলিওৱাত সহায় কৰে। তেতিয়া মই তেওঁক গোটেই ঘটনাটো বুজাই ক’লো, কিন্তু তেওঁ মোক জনালে যে সলোৱাটো প্ৰায় অসম্ভৱ তথাপি তেওঁ চেষ্টা কৰি চাব। কিছুসময়ৰ ভিতৰতে পৰিচাৰিকাসকলৰ মাজত হুৱাদুৱা লাগিল যে এজন ভাৰতীয় যাত্ৰী আহিছে যিয়ে ’হিন্দু-আহাৰ’ গ্ৰহণ নকৰে, সাধাৰণ আহাৰ হে লাগে। কেইমিনিটমানৰ ভিতৰতেই তিনিৰপৰা চাৰিগৰাকীমান পৰিচাৰিকাই আহি পাল পাতি মোক জনাই থৈ গ’ল যে তেওঁলোকে চেষ্টা কৰি আছে মোৰ বাবে আহাৰ যোগাৰ কৰাত। তেওঁলোকৰ কষ্ট আৰু তত্পৰতা দেখি নিজকে দোষী দোষী যেন অনুভৱ হ’ল, মনতে ভাবিলোঁ ’হিন্দু-আহাৰ’ খালেই কিজানি ঠিক আছিল, ইমানখন হুলস্থুল নহ’লহেঁতেন। কিছু সময় পাছত এগৰাকী পৰিচাৰিকাই হাতত খাদ্যৰ ট্ৰে’ এখন লৈ আহি মোক আথেবেথে দিলে আৰু অসুবিধাৰ বাবে ক্ষমা বিচাৰিলে। তেওঁলোকৰ গাত অকণো ভুল নাছিল, তথাপিও তেওঁলোকৰ সৌজন্যতাত মুগ্ধ হৈ পৰিলোঁ। জাপানত অৱতৰণ নকৰালৈকে মাজে মাজে তেওঁলোকে আহি আৰু কিবা অসুবিধা পাইছোঁ নেকি তাৰেই খবৰ লৈ থাকিল, যেন এক মজাৰ ঘৰুৱা পৰিৱেশ হে বিৰাজ কৰিছিল বিমানখনত !
যি কি নহওঁক, ১৪ ফেব্ৰুৱাৰীৰ দুপৰীয়া সময়ত আমি জাপানৰ টকিয় চহৰৰ নাৰিতা আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিছিলোঁ। সেই সময়ত টকিয় চহৰৰ তাপমান ৩ ডিগ্ৰী চেলছিয়াচ আছিল আৰু বাহিৰত পাতলীয়া বৰষুণৰ সৈতে তুষাৰপাত হৈ আছিল। এই টকিয় চহৰতেই আমি প্ৰায় ৪ ঘণ্টাৰ বাবে অপেক্ষা কৰিছিলোঁ আমাৰ চান ফ্ৰান্সিছকো অভিমুখী বিমানখনলৈ। অত্যাধুনিক জাপানী বিমানবন্দৰৰ সৌন্দৰ্য্য শব্দেৰে ব্যাখ্যা কৰা কঠিন। ইয়াতেই দেখিছিলোঁ ত্ৰি-মাত্ৰিক পদ্ধতি অৰ্থাৎ 3D পদ্ধতিৰে তৈয়াৰ কৰা মানৱ। আন্তৰাষ্ট্ৰীয় টাৰ্মিনেলৰ পৰা যেতিয়া বিমান বন্দৰৰ মূল দ্বাৰেৰে প্ৰৱেশ কৰা হয় তেতিয়া আপোনাক স্বাগতম জনাবলৈ ৰৈ থাকিব তেনে এক 3D মানৱ, আপোনাৰ গতিবিধিৰ লগত তাল মিলাই তেওঁ আপোনাক অনুসৰণ কৰিব, যদি আপুনি কাষ চাপি আহে তেন্তে জাপানী ভঙ্গিমাৰে নমস্কাৰ কৰিব আৰু আঁতৰি গ’লে আপুনি আঁতৰি যোৱালৈনিজকে ঘূৰাই লৈ হাতবাউল দি শুভেচ্ছা দিব। সম্পূৰ্ণ হলিউদৰ চাই-ফাই বোলছবিৰ দৰে কাৰবাৰ।
অপেক্ষা কৰি থকা সময়খিনিতেই ল’গ পালো ছিংগাপুৰৰ পৰা অহা নিখিলক। চিনাকি হোৱাত জনালে যে তেৱোঁ সেই একেই সন্মিলনীতেই অংশ গ্ৰহণ কৰিবলৈ গৈ আছে। এই বিষয়ে জানি ভালেই লাগিল, কিয়নো অন্ততঃ তাত থকা দিনকেইটাত ফুৰা-চকা কৰিবলৈ আৰু এজন সংগী পালো। যদিও মোৰ সৈতে মোৰ এজন টাইৱানিজ বন্ধু গৈছিল, তথাপি বন্ধুৰ সংখ্য সৰহ হ’লে অচিন দেশত ফুৰাৰ সুবিধা হয় বহুত ক্ষেত্ৰত। প্ৰায় ৪ ঘণ্টা সময় অপেক্ষা কৰাৰ অন্তত আমি প্ৰৱেশ কৰিলো ইউনাইটেদ বিমান সেৱাৰ বিমানত। কিছুসময়ৰ পাছত বিমানখন চলিবলৈ আৰম্ভ কৰিলে, বিমানখন ৩৮,০০০ ফুট উচ্চতাত অৱস্থান কৰাৰ পাছত ময়ো কাণত হেডফোন লগাই গীত উপভোগ কৰাত ব্যস্ত হৈ পৰিলোঁ। এটা কথা মই মন কৰিলোঁ যে এক বেলেগ পৰিৱেশে বিৰাজ কৰিছে এই বিমানখনত। প্ৰায় তিনি বছৰ এছিয়াৰ ভিতৰতেই থকা আৰু অহাযোৱা কৰি এক শান্ত-নিৰিবিলি বিমান যাত্ৰাৰ সৈতে অভ্যস্ত হৈ পৰিছিলোঁ। তেনে যাত্ৰা সমূহত কোনেও কাৰো সৈতে সাধাৰণতে কথা নাপাতে, অথবা উচ্চ স্তৰত একো নকয়। বিমান পৰিচাৰিকা সমূহো কমবয়সীয়া আৰু হাঁহিমুখীয়া হয়। কিন্তু ইউনাইটেড বিমান সেৱাৰ বিমানত যেন অন্য এক পৰিৱেশ, চিট-বেল্ট খোলাৰ সংকেত পোৱা ল’গে ল’গেই কিছুলোকে বিমানৰ ভিতৰতেই চলা-ফুৰা কৰিব আৰম্ভ কৰিলে। মোৰ সোঁ কাষত বহি আছিল মোৰ টাইৱানিজ বন্ধু জন, আৰু বাওঁ কাষত বহি আছিল এজন মাৰ্কিন নাগৰিক। তেওঁলৈ এবাৰ চকু যোৱাত কিছুপৰ তেওঁলৈকে চাই থাকিলোঁ, ঠিক যেন হলিউদৰ চিনেমাত দেখুওৱা একোজন টপা, গোটেই গাতেই টাটু কৰা এজন প্ৰকাণ্ড গুণ্ডা। দেখিয়েই সেপ গিলিলোঁ দুবাৰমান, সেয়ে তেওঁৰ গাত মোৰ হাতখন লাগিলেও ক্ষমা খুজিবলৈ নাপাহৰিলোঁ, কিজানিবা এখুন্দা দি দিয়ে মোক ! মাজতে নিশাৰ আহাৰ দিবলৈ আহিল ৪০ উৰ্ধৰ এজন ব্যক্তি, তেওঁৰ চেহেৰাও মোৰ সহযাত্ৰীজনৰ দৰে, পাৰ্থক্য মাথো এয়ে যে তেওঁ টাটু কৰা নাই। মনটো সেমেকি গ’ল; ক’ত থাই-বিমান সেৱা, জাপান বিমান সেৱা ইত্যাদিৰ সুন্দৰ সুন্দৰ বিমান পৰিচাৰিকা, ক’ত এয়া প্ৰকাণ্ড আমেৰিকান বিমান পৰিচাৰক। নিশাৰ সাজ গ্ৰহণ কৰি শুবলৈ যত্ন কৰিলোঁ, কিন্তু মোৰ সহযাত্ৰীজনৰ গাত যাতে মোৰ শৰীৰৰ সামান্যতমো অংশই স্পৰ্শ নকৰে সেই বিষয়ে সজাগ হৈ ৰ’লো আৰু সেয়ে তিলমানো শুব নোৱাৰিলোঁ। অৱশেষত ১১ ঘণ্টাৰ এই যাত্ৰাত ৫-৬ খন মান বোলছবি উপভোগ কৰিবলগীয়া হ’ল সময় অতিবাহিত কৰিবলৈ। কাহিলি পুৱা সূৰ্য্য উদয় হোৱাৰ সময়তো আমি ৩৮,০০০ ফুট উচ্চতাতেই আছিলোঁ, বাহিৰৰ তাপমান তেতিয়া -৫২ ডিগ্ৰী চেলছিয়াচ। বিমানৰ খিড়িকীৰে চাই পঠিওৱাত দেখিলো খিড়িকীখনত বৰফৰ চামনি বান্ধিছে, আকাশখনৰ এটা চুক সূৰ্য্যৰপ্ৰথম কিৰণেৰে ৰঙচুৱা হ’বলৈ ধৰিছে ; সপোন সপোন লগা এক পৰিবেশ। এই উচ্চতাত আপুনি যেতিয়া অৱস্থান কৰিব তেতিয়া সাধাৰণতে ফৰকাল আকাশেই দেখিবলৈ পাব, কিয়নো ইমান উচ্চতাত ডাৱৰ নাথাকে। এই সমগ্ৰ যাত্ৰা আছিল উত্তৰ প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে। অৱশেষত আমি আহি চান ফ্ৰান্সিছকো আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিলোঁ।
ইয়ালৈ অহাৰ আগতে মোৰ গুৰু ড০ ফিচাৰে বাৰম্বাৰ কৈ পঠিয়াইছিল যে ’তালৈ গৈ কোনো লোকৰ সৈতে চকুত চকু মিলাই পাৰ হৈ নাযাবা, বহু গৃহহীন লোক থাকে তাত, তেওঁলোকে তোমাৰ পৰা টকা-পইচা কাঢ়ি লৈ যাব পাৰে’। সেয়ে সাৱধান হৈ বিমানবন্দৰৰ পৰা ওলালোঁ, ওলোৱাৰ আগতেই আমি প্ৰয়োজনীয় তথ্যসমৃদ্ধ হাতপুথি সমূহ যুগুতালোঁ। ইয়াৰ পাছত আমি BART (Bay Area Rapid Transit) সেৱা থকা ষ্টেচনলৈ গ’লো। এই বাৰ্টৰ হালধীয়া লাইন সেৱাৰ শেষৰ ষ্টপেজ টো হৈছে এই বিমানবন্দৰ। বিমান বন্দৰ গাতে লাগি আছে বাৰ্ট ষ্টেচন। ইয়াৰ ভিতৰত প্ৰৱেশৰ বাবে আপুনি টিকট কাটিব লাগিব, আৰু এই টিকট কাটিবলৈ ভেণ্ডিং মেচিন উপলব্ধ। কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে আপোনাক ঠগাৰ চেষ্টা কৰিব পাৰে, তেওঁলোক আপোনাৰ ওচৰলৈ আহি আপোনাক এটা টিকট দি ক’ব যে এইটো তেওঁ কাটিছিলে, কিন্তু এতিয়া তেওঁৰ প্ৰয়োজন নাই গতিকে আপুনিয়ে ৰাখি থওঁক। কিন্তু সেই টিকটসমূহ ভুৱা। বিমানবন্দৰৰ ষ্টপেজত অৱশ্যে আমি তেনে ব্যক্তি নেদেখিলোঁ যদিও মনত কিছু শংকা লাগি থাকিল। যি কি নহওক, ৮.৬৫ মাৰ্কিন ডলাৰ বিনিময়ত টিকট এটাকৈ লৈ আমিও ট্ৰেইনত প্ৰৱেশ কৰিলোঁ। গন্তব্যস্থান আছিল ৬ নম্বৰ পথত থকা আগতেই বুক কৰি থোৱা ’হোষ্টেল ইউৰোপা’। ২০১৩ চনত মোৰ দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ত প্ৰথম এনে ’হোষ্টেল’ সেৱা উপভোগ কৰিছিলোঁ। এই সেৱাসমূহ হোটেল সেৱাতকৈ কিছু কম মূল্যৰ হয়। ইয়াত সকলো সুবিধা হোটেলৰ দৰেই পাইছিলোঁ, মাথো খোৱা-লোৱাৰ সুবিধা নাথাকে। সেয়ে এইবাৰো দ্বিতীয় বাৰলৈ তেনে সুবিধাকেই উপভোগ কৰাৰ মানসেৰে ৪৫০ মাৰ্কিন ডলাৰ বিনিময়ত এটা কোঠা ৯ দিনৰ বাবে বুক কৰিলোঁ। ট্ৰেইনেৰে আহি আমি পাৱেল ষ্টেচনত নামিলোঁ, ইয়াৰ পৰা আমাৰ হোটেল ওচৰতেই পৰাৰ বাবে। পাৱেল ষ্টেচন নামিয়েই চকুত পৰিল এক লেতেৰা পৰিৱেশ, গৃহহীন লোকৰ আহ-যাহ। দুই একে মজিয়াতেই শুই আছে, দুই একে পাৰ হৈ যোৱাসকলক ভিক্ষা মাগিছে, কোনো কোনো ঠাইত এইসকলে প্ৰস্ৰাৱ কৰি থৈছে। বিশ্বাস কৰিব কোনোবাই মাৰ্কিন যুক্তৰাষ্ট্ৰত এনে পৰিৱেশৰ কথা ! ষ্টেচনৰ পৰা ওলাই আহিব লওঁতেই এজনে আমাৰ পিচ ল’লে পইচা বিচাৰি, আমি তিনিজন একেলগে আছিলোঁ কাৰণে বেচি কাষ চপাৰ সাহস নহ’ল তেওঁৰ আৰু আমিও একো নুশুনা ভাও জুৰি পাৰ হৈ মূল
পথলৈ ওলাই আহিলো আৰু নিখিলক তেওঁৰ হোটেলৰ সন্মুখত এৰি দি আমিও গুগুল মেপত আমাৰ হোষ্টেলখন বিচাৰিব ধৰিলোঁ।