টাকচিঙত বিপুল (মলিন মজুমদাৰ)

( যি সকলে অনুৰাধা শৰ্মা পূজাৰীৰ “মেৰেং” পঢ়িছে অৰুণাচল প্ৰদেশৰ কষ্টকৰ যাতায়ত ব্যৱস্থাৰ বিষয়ে আভাস পাইছে। সময়ৰ লগে লগে যাতায়ত ব্যৱস্থাৰ উন্নতি হ’লেও, এতিয়াও এনেকুৱা বহুতো প্ৰশাসনিক কেন্দ্ৰ আছে য’ত বিমানেৰে খাদ্যবস্তু যোগান ধৰা হ’য়। এই বিষয়টোকেই উপজীব্য হিচাপে লৈ এই গল্পটো লিখাৰ প্ৰয়াস কৰা হৈছে।)

(১)

“বাবু, আপুনি জেকেট আনিছেনে নাই ? টাকচিঙত কিন্তু বৰ জাৰ। একদম হাড়লৈকে কঁ‌পনি উঠে।”

বিপুলে প্ৰথমে গাত পিন্ধি থকা ডিঙিলৈকে আৱৰা দীঘল হাতৰ চুৱেটাৰটোলৈ আৰু তাৰ পাছত তাক বজাৰ কৰাত সহায় কৰিবলৈ অহা নেপালী শ্ৰমিক জনলৈ চালে।

“এইটোৰে নহ’ব নেকি ?” চুৱেটাৰটো দেখুৱাই সুধিলে সি।

“নহ’ব বাবু। ভাল জেকেট লাগিব। টাকচিঙত বাৰমাহে জাৰ। শীতকালি বৰফো পৰে। হাত দীঘল গৰম কাপোৰৰ স্পৰ্টিং, মোজা আদি লৈ লওক। নহ’লে তাত থাকিব নোৱাৰিব।”

বিপুল চিন্তাত পৰিল। তাৰ হাতত সেইবোৰ কিনিবলৈ টকা নাই।

( ২ )

বি এ পাছ কৰি যোৱা তিনিবছৰে যি কামেই পাইছে তাকেই কৰিছে সি। দেউতাক নোহোৱা হোৱাৰে পৰা বেমাৰী মাক আৰু পঢ়ি থকা ভনীয়েক দুজনীৰে চাৰিজনীয়া পৰিয়ালটোক কেনেকৈ চলাই আহিছে সিহে জানে। শেষত যেনিবা অৰুণাচল প্ৰদেশ চৰকাৰৰ যোগান আৰু পৰিবহণ বিভাগৰ “ষ্টোৰ কীপাৰ”ৰ চাকৰিটো পালে সি। হাতত সৰগ ঢুকি পালে যেন সি।হওতে চাকৰিটো ভিতৰুৱা অঞ্চলত ।ৰাস্তা-ঘাট নোহোৱা ঠাইত য’ত ৰাজ্য চৰকাৰে বিমানেৰে খোৱা বস্তু আৰু আন অত্যাৱশ্যকীয় বস্তুৰ যোগান ধৰে। সি তাৰেই ৰখীয়া হ’ব। ষ্টোৰ কীপাৰ। মানে “গুডাম বাবু” -এইবুলিয়েই কয় মানুহে।
ৰেচন কাৰ্ড অনুসাৰে বস্তুবোৰ বিক্ৰী কৰিব লাগিব সি।

“তেনেকুৱা বাট-পথ নোহোৱা ঠাইতনো ক’ৰ মানুহ, ক’ৰ ৰেচন কাৰ্ড !”
মাকৰ যেন বিশ্বাসেই হোৱা নাছিল।

“আছে মা।বাট-পথ নোহোৱা তেনেকুৱা বহুতো মহকুমা সদৰ আৰু উন্নয়ন খণ্ড আছে হেনো ।আনকি তাত চি আৰ পি এফ কেম্প, বোৰ্ডিং স্কুল, ডিচপেনচাৰি আৰু আন আন বিভাগৰ কাৰ্যালয়ো আছে। তাৰেই চাকৰিয়াল সকল, তেওঁলোকৰ পৰিয়াল, ছাত্ৰ-ছাত্ৰী এই সকলোৰে বাবে চৰকাৰে বিমানেৰে খাদ্য বস্তু আদি পঠায়।” – নিয়োগ পত্ৰখন পোৱাৰ পাছত তাক সংস্থাপন কৰা ঠাই উজনি সোৱনশিৰী জিলাৰ টাকচিঙ চক্ৰৰ ( Taksing Circle) বিষয়ে সুধিবলৈ যাওঁ‌তে ৰৰৈয়াৰ মুখ্য কাৰ্যালয়ৰ বৰবাবুৰ পৰা জানি বুজি লোৱা জ্ঞানেৰে সি মাকক বুজালে।

মাকক বুজালেও সি ঠিকেই বুজি পাইছিল- চাকৰিটোত কষ্ট আছে।

“যাবি জানো ? ইমান দূৰ-দূৰ্গম ঠাই । মইও বেমাৰী। লাগ বুলিলেনো আহিব পাৰিবিনে ! চিঠি পত্ৰ পাবলৈও চাগে বহুদিন লাগিব। মোৰ হ’লে চিন্তাই লাগিছে অ’ ।”

তাৰো চিন্তা নলগা নহ’য় । মাক বেমাৰী। হঠাৎ যদি অসুখ বেছি হ’য় ? ৰৰৈয়া অফিচত খবৰ দিলে ৱায়াৰলেছ মেচেজ পঠাব হয় , পাবও একেদিনাই। কিন্তু লগে লগে আহিব পাৰিব জানো? মেঘালীৰ কথাও মনলৈ আহিল তাৰ। কেনেকৈ যোগাযোগ ৰাখিব সি তাইৰ লগত ? চিঠি পাওতেই হেনো দুই তিনিমাহ লাগে।তাই থাকিবনে বাৰু তাৰ হৈ ?

“দাদা মেঘালীক লগ ধৰি যাবি এবাৰ ” — ডাঙৰ ভনীয়েক মিনতিয়ে যেন সি ভাবি থকা কথাটো গম পাই গ’ল।

“চাওঁচোন ।”
নাই নাই । এইবোৰ ভাবিলে নহ’ব। ঘৰখনৰ জীৱিকাৰ দায়িত্ববোধেৰে মনটোক জোকাৰি ল’লে সি। তাৰ পাছত ৰৰৈয়া অফিচৰ বৰবাবুৱে লিখি দিয়া তাৰ টাকচিঙৰ ডাকৰ ঠিকনাটো গোট গোট আখৰেৰে লিখি মিনতিক দি কলে- ” ঠিকনাটো লিখি মেঘালীক দিবি। মই সময় পালে আজি লগ ধৰিম, নহ’লে গৈ পাই চিঠি লিখিম। চিঠি লিখিবলৈ কবি। তহঁ‌তেও লিখিবি।”

মাকলৈ মায়া লাগিল তাৰ। সি মাকৰ কাষত বহি ল’লে। মাকৰ হাত দুখন নিজৰ হাতত ল’লে আৰু যিমান পাৰে সিমান স্বাভাবিক মাতেৰে কলে —

“মা, ৰৰৈয়া অফিচৰ মানুহে কৈছে দৰকাৰ হ’লে কেতিয়াবা মই হেনো খাদ্যবস্তু দিবলৈ যোৱা হেলিকপ্টাৰত উঠিয়েই মোহনবাৰীলৈ আহিব পাৰিম। একেদিনাই ঘৰ আহি পাম। আৰু অসুখ বেছি হ’লে গাঁ‌ৱৰ কাৰোবাক ৰৰৈয়া অফিচলৈ পঠাই দিবি। ৱায়াৰলেছ বাৰ্তা পঠাব। একেদিনাই খবৰ পাই যাম। তাৰোপৰি কৈছে নহয়, তেনেকুৱা ভিতৰুৱা ঠাইত হেনো বহুতো অসমীয়া মানুহ চাকৰি কৰি আছে। ”

কথাখিনি কৈ সি নৰ’ল। নিজৰ কোঠালৈ গ’ল। নেদেখাকৈয়ে সি গম পালে মাকৰ চকু সেমেকি উঠিছে।

কাপোৰ পিন্ধি সি লহপহীয়া চ’কলৈ ওলাই আহিল_ যোৰহাটলৈ যাবলৈ । দুটামান সৰু সুৰা বস্তু আনিবলগীয়া আছে। নৈশবাছেৰে আজি সি বান্দৰদেৱা হৈ ইটানগৰলৈ যাব। তাৰ পৰা কাইলৈ ডাপোৰিজো – উজনি সোৱণশিৰি জিলাৰ সদৰ। তাক জিলা খাদ্য আৰু অসামৰিক যোগান বিষয়াক লগ ধৰিবলৈ নিৰ্দেশ দিয়া আছে নিয়োগ পত্ৰত। তাৰ পৰা তেওঁলোকে টাকচিঙলৈ পঠোৱাৰ ব্যৱস্থা কৰিব।

গাড়ী এখন পাই সি বাওঁ‌ফালৰ খিৰিকীৰ কাষৰ আসনত বহি ললে। তৰাজান পাবলৈ হওতেই বুকুৰ ঢপ-ঢপনি বাঢ়িল তাৰ। মেঘালীহঁ‌তৰ ঘৰ ৰাস্তাৰ কাষত। তাই যদি পদূলিলৈ ওলাই আহিছে, এইখিনি সময়ত ! আহিবনে বাৰু ! নে সি নামি দিব ? দুষাৰ কথা — তুমি চিন্তা নকৰিবা। মই আহি গৈ থাকিম নহয়। ঘৰৰ মানুহে কিবা কলে বুজাবা- দুবছৰ পাছত বদলি হৈ আহিম। যোৰহাট, ডিব্ৰুগড় বা লীলাবাৰী।

“এই তৰাজান ।” হেন্দিমেনজনৰ চিঞৰ শুনি হাত এখন তাৰ কব নোৱাৰাকৈয়ে দাঙ খাই গ’ল।

“এই আস্তে “- ধপ কৈ দৰ্জাখনত মাৰি চিঞৰ মাৰিলে হেন্দিমেনজনে।

( ৩ )

“বাবু, গৰম কাপোৰ কিনিবনে ?”–

“ব’লচোন, সেন চাৰক সুধি চাওঁ।” হাতত টকা নাই বুলি কবলৈ লাজ লাগিল তাৰ।

ইটানগৰ হৈ কালি সন্ধিয়া আহি ডাপোৰিজো পাইছিল সি। চাৰ্কিট হাউচত ৰুম এটা লৈ ৰাতিটো থাকি ৰাতিপুৱা অফিচ খোলাৰ লগে লগেই জিলা খাদ্য আৰু অসামৰিক যোগান বিষয়া মৃন্ময় সেনক লগ ধৰিছিল। বয়সস্থ ভদ্ৰলোক। মৰমিয়াল ব্যক্তি।

দুঘণ্টামান সময় তাক তেওঁ খাদ্যবস্তু মজুতকৰণৰ বিধি-প্ৰণালী, সেইবোৰৰ বিপণন আৰু হিচাপ ৰক্ষণ, ৰেচন কাৰ্ডৰ জনসংখ্যা, বস্তুৰ নিৰিখ আৰু প্ৰকৃত চাহিদা অনুসৰি সেই চক্ৰটোৰ গ্ৰাহক সকলৰ বাবে মাহেকীয়া আৱশ্যকীয় বস্তুৰ দাবী প্ৰেৰণ আদি বিতংকৈ বুজাই দিলে।

“তুমি বোপাই বৰ বেয়া সময়ত আহিলা।যোৱা সপ্তাহত পে চৰ্তিটো গ’ল। কেইদিনমান আগত অহা হ’লে হেলিকপ্টাৰত যাব পাৰিলাহেঁ‌তেন। টাকচিঙলৈ ৰেচনৰ নিয়মীয়া কোটা মোহনবাৰীৰ পৰা AN-32 (fixed wing air craft)ৰে দ্ৰপিং কৰা হ’য়। মাথো মাহেকত এবাৰ প্ৰথম সপ্তাহৰ তৃতীয় বা বতৰ বেয়া হ’লে পঞ্চম দিনৰ দিনা পে-কুৰিয়াৰ চৰ্তিটো কৰা হ’য় ডাপোৰিজো হৈ। সীমিত বস্তু লৈ মোহনবাৰীৰ পৰা হেলিকপ্টাৰ আহি ইয়াত ৰ’য়। ইয়াৰ পৰা টাকচিঙৰ সকলো অফিচৰ ডাক আৰু চাকৰিয়াল সকলৰ দৰমহা, সম্ভৱ অনুসাৰে কেইজনমান মানুহ ইয়াৰ পৰা পঠাই দিয়া হ’য়। তেনেকৈ ঘূৰি আহোতে টাকচিঙৰ পৰা তোমাৰ গুদামৰ খাদ্যবস্তু বিক্ৰীৰ নগদ, ডাক, চিকিৎসাৰ বাবে অহা বেমাৰী আৰু অফিচৰ কামত অহা বা ছুটীত অহা চাকৰিয়াল আদি লৈ ডাপোৰিজো হৈ মোহনবাৰীলৈ যায়।

অহা মাহৰ পে চৰ্তিলৈ বহু দিন আছে। ইমানদিন তোমাক ইয়াত ৰাখিব পৰা নহ’ব।তাতেই টাকচিঙৰ ষ্টোৰ কীপাৰ জন সাত দিনৰ ছুটী লৈ গৈ দুমাহ হ’ল। অহাই নাই। কোনো খবৰেই নাই। স্কেলমেনজনক দায়িত্ব দি গৈছিল, সি ভালকৈ চম্ভালিব পৰা নাই। ইপিনে ফৰকাল বতৰ বাবে এই কেইদিন মনচুন ষ্টকিংৰ বাবে বেছিকৈ চৰ্তি হ’ব ।

সেইবাবে তুমি পাৰিলে কাইলৈ যাত্ৰা কৰা। চিন্তা নকৰিবা। এ এল চি (চৰকাৰী বয়-বস্তু আৰু কৰ্তব্যত ভ্ৰমণ কৰা চাকৰিয়ালৰ বস্তু কঢ়িওৱা চৰকাৰী শ্ৰমিক) কেইজন থাকিবই। অলপ এডভেন্সাৰো হ’ব, নে কি কোৱা ? তোমাৰ শৰীৰো দেখিছো মজবুত। চিন্তা নকৰিবা। অৰুণাচলত চাকৰি কৰি যদি অলপ ফুট মাৰ্চ নকৰা, পাহাৰ নবগোৱা চাকৰিৰ মজাই নাপাবা।” —শেষৰ কথাষাৰ কৈ শব্দ কৰি হাঁ‌হি উঠিল সেন চাৰ।

সেন চাৰৰ দীঘলীয়া কথাখিনি শুনিলে বিপুলে।মনটো বেয়া লাগি গ’ল তাৰ। পে চৰ্তিত যাব পৰা হ’লে ভাল আছিল।কিন্তু অন্য উপায়, দ্বিতীয় পথ এটা যে নাই। খোজেই কাঢ়িব লাগিব। আচলতে জীৱনত দ্বিতীয় পথ এটা, অন্য পথ এটা কেতিয়াও নাছিল তাৰ।সময়ে তাক যি পথ দেখুৱাইছে, সেই পথতেই ভৰি দিছে সি।সেই পথেৰেই বাট বুলিছে। হওক তেও, থমকি ৰ’ব লগীয়া যে হোৱা নাই, সেয়ে বহুত। সি ফুট মাৰ্চ কৰি টাকচিঙলৈ যাবলৈ মনটো সাজু কৰিলে। পাঁ‌চ দিনৰ ফুট মাৰ্চ।

তাৰ মৌনতা দেখি সেন চাৰে কলে—
“কি হ’ল ডেকা ক’ৰা ? চিন্তা কৰিবলৈ একো নাই। এ এল চি কেইজন একেবাৰে অভিজ্ঞ।তোমাক ৰজাৰ নিচিনা লৈ যাব। সেই পাহাৰৰ ওপৰৰ খাদ্য বস্তুৰ গুদামৰ মালিক তুমি। চক্ৰ বিষয়াতকৈও গুদাম বাবুৰ খাতিৰ বেছি তাত। গ’লে গম পাবাই নহ’য়।
এতিয়া এটা কাম কৰা। মই নেপালী এ এল চি এজন মাতি দিছো, তাক লগত লৈ ৰাস্তাত খাবলৈ চাউল, দাইল, আলু পাচলি আদি আৰু কম ওজনৰ দৰকাৰী বস্তু – এই বিস্কুট, টুথপেষ্ট, মেগি, ব্ৰেদ, চাবোন, তেল আদি কিনি লোৱাগৈ। কাইলৈ গড়কাপ্তানি বিভাগৰ ট্ৰাক এখন যাব সেইফালে। তাতেই ৰাস্তা যিমানলৈ গৈছে তালৈকে যাব পাৰিবা।”

( ৪ )

বজাৰ কৰা টোপোলাটো নেপালী এ এল চি জনৰ হাতত দি সি সেন চাৰৰ অফিচলৈ গ’ল।লাজ সংকোচ এৰি সি টকা কেইটামান গৰম কাপোৰ কিনিবলৈ ধাৰলৈ পাব নেকি সুধিলে।দৰমহা পালে ঘূৰাই দিয়াকৈ।

“আৰে বোপাই সেইটো একো সমস্যাই নহ’য়। তোমাৰ দৰমহাতো ইয়াৰ পৰাই যাব। মই কাটি ৰাখিব পাৰিম। লৈ যোৱা। ভাল হান্টিং শ্বু এযোৰো কিনিবা। সাধাৰণ জোতাৰে পাহাৰ বগাবলৈ কষ্ট পাবা।”
“চাৰ, আৰু এটা অনুৰোধ আছিল। যদি দয়া কৰি মোৰ দৰমহাৰ পাঁচশ টকা মোলৈ পঠাই বাকীখিনি মোৰ মাৰ নামত মানি অৰ্দাৰ কৰি পঠায় ইয়াৰ পৰা।” – সি অনুনয়ৰ সুৰত কলে। নহ’লে তাৰ দৰমহা পে চৰ্তিত টাকচিঙলৈ গৈ আকৌ কেনেকৈযে ঘৰ পাবগৈ সি ভাৱিয়েই পোৱা নাছিল।

” কোনো চিন্তা নাই বোপাই। তুমি কেচিয়াৰৰ হাতত ঘৰৰ ঠিকনা দি এই ব্যৱস্থাটো কৰিব লাগে বুলি লিখি থৈ যোৱা।এটা প্ৰতিলিপি কেচিয়াৰৰ চহী লৈ নিজৰ হাতত ৰাখিবা। মই কৈ দিছো ৰ’বা।”

ঘৰলৈ পইচা পঠোৱাৰ ব্যৱস্থাটো হোৱাত তাৰ মনটো মুকলি লাগিল।

( ৫ )

পিছদিনা ৰাতিপুৱা পাঁ‌চজন এ এল চি ৰে সৈতে সি গড়কাপ্তানি বিভাগৰ সৰু ট্ৰাক এখনত বয় বস্তুৰে সৈতে উঠি ৰাওনা হ’ল। লক্ষ্য টাকচিঙ অভিমুখী ৰাস্তাৰ শেষ প্ৰান্ত লিমেকিং।১৮০ কিলোমিটাৰ।

ওখোৰা মোখোৰা ৰাস্তা। ট্ৰাকত ৰাস্তা মেৰামতি কৰা সঁ‌জুলি কিছুমানৰে সৈতে গড়কাপ্তানি বিভাগৰ মহৰী এজন।

তাৰ মনত ঘৰৰ পৰা আঁতৰি অহাৰ, আপোন মানুহক বহুদিন দেখিবলৈ নোপোৱাৰ বেদনা আৰু নতুন চাকৰিৰ, নতুন জীৱনৰ, ভৱিষ্যৎ গঢ়াৰ আশাৰে, প্ৰকৃতিৰ নিৰিবিলি সংস্পৰ্শত থাকিবলৈ পোৱাৰ উত্তেজনা ।

ট্ৰাকখন হেণ্ডোলনি খাই খাই, ধীৰ গতিত পাহাৰৰ একা-বেকা গাৰে বগাই ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈছে। ৰাস্তা প্ৰায় জনশূন্য। হঠাৎ দুই এখন মটৰ চাইকেল, দুই এজন স্থানীয় মানুহ । ক’ৰবাত দুই এখন সুমথিৰা বাগিচা পাহাৰৰ এঢলীয়া গাত। ক’ৰবাত মাকৈ গছৰ শাৰী। নাতি দূৰত দুই এটা স্থানীয় মানুহৰ বস্তি। কেইটামান চাং ঘৰ। দুই এটা ঘৰৰ পৰা আকাশ ধিয়াই থকা ধোঁৱা। পৰিৱেশটো ভালেই লাগিল তাৰ। মাজে মাজে মাক ভনীয়েক হঁ‌তৰ বেদনা আৰু আশা ভৰা মুখমণ্ডল আৰু মেঘালীৰ সজল চকুযোৰেও আমনি কৰি থাকিল।

( ৬)

লিমেকিং পাওতে আবেলি চাৰি বাজিল।
ট্ৰাকখন গড়কাপ্তানি বিভাগৰ ট্ৰেনজিট কেম্প এটাৰ আগত ৰ’ল।

সেন চাৰৰ কথাই ঠিক। সি একো কৰিবই নালাগিল।এ এল চি কেইজনে বয় বস্তুবোৰ নমালে। তাক এখন বিচনা ঠিক কৰি দি জিৰণি লবলৈ ক’লে। অলপ পাছত ৰঙা চাহ আহিল, সিহঁ‌তে অনা বিস্কুটেৰে।

“বাবু, আপুনি আৰাম কৰক। টোপনি আহিলে জগাই দিম। খানা হ’লেই জগাই দিম। আৰম্ভ কৰি দিছো। খাই-বই জলদি শুব লাগিব। ৰাতিপুৱা পাৰিলে ছয় বজাতে যাত্ৰা কৰিলে ভাল।পুৱা বেলাতে খোজ কাঢ়িব পাৰি। আবেলিটো ৰাতি থকাৰ যোগাৰ কৰোঁতেই লাগে।”– নেপালী এ এল চি জনে কৈ গ’ল তাক।

ট্ৰাকত একেলেথাৰিয়ে বহি তাৰ গা আৰু ভৰি বিষাইছিল। সি শুই দিলে। লগে লগেই টোপনি গ’ল।

ভাত খাবলৈ তাক যেতিয়া জগালে সন্ধিয়া সাত বাজিছে মাথো। ৰেচনৰ ডাঙৰ-ডাঙৰ চাউলৰ ভাত।তাৰ অভ্যাস আছে খোৱা। শাকৰ আঞ্জা আৰু সৰু সৰু মাছৰ ভাজি। তৃপ্তিৰে ভাত কেইটা খালে সি। ভাত খাই সি লগে লগেই শুই দিলে।

( ৭ )

ৰাতিপুৱা নেপালী এ এল চি জনৰ মাতত যেতিয়া সি সাৰ পালে সিহঁ‌তৰ ভাত ৰন্ধা কাম শেষ। পাঁ‌চ বাজি গ’ল। সি লৰা লৰিকৈ গা-পা ধুই আহিল।

ভাত-পানী খাই সিহঁ‌ত সাজু হ’ল। ইয়াৰ পৰা পাঁ‌চ দিনৰ পদযাত্ৰা। সি হান্টিং শ্বু যোৰ পিন্ধি ল’লে।

এতিয়াহে সি এ এল চি কেইজনৰ বোজা বোৰলৈ চালে। চাৰিজন স্থানীয় জনজাতীয় মানুহ। ডেকা। তাৰ বেডিং, ডাঙৰ বেগটো, চাউল দাইল আদিৰ টোপোলাটো, সিহঁ‌তৰ নিজৰো কাপোৰৰ টোপোলা – সকলো ভাগে ভাগে লৈছে সিঁ‌হতে। তাক মাথো তাৰ সৰু হেণ্ড বেগটো ল’বলৈ দিলে। সিহঁ‌তে যাত্ৰা আৰম্ভ কৰিলে। পদব্ৰজে। হাতত গুৰিটো জোঙা কৰি লোৱা একোডাল লাঠি।

তাৰ মেৰেং খনত পঢ়া ইন্দিৰা মিৰিৰ কথা মনলৈ আহিল। সেই এগৰাকী মানুহে আৰু আন বহুতো অসমীয়া মানুহে সেই তাহানিতে নিজৰ ৰাজ্যত চাকৰিৰ অভাৱ নোহোৱা সময়তো কিহৰ তাড়নাত এই ৰাজ্যৰ দূৰ্গম অঞ্চলত পদব্ৰেজে ঘূৰি ফুৰিছিল ! সেয়াতো অকল সেৱাৰ মনোভাৱেই হ’ব। শিক্ষাৰ পোহৰ বিয়োপোৱাৰ সংকল্পেৰে। অথচ সিতো নিজৰ বাবেহে আহিছে, পেটৰ দায়ত। লগতে যি সেৱা হ’ব কামৰ যোগেদিহে।
কথাবোৰ ভাবি তাৰ মনটো পাতল লাগিল। এক উৎসাহবোধ কৰিলে সি।সি যেন সদায় এই বাটেৰেই পদব্ৰজে অহা যোৱা কৰি আছে বহু দিন। তাৰ যেন এই বাট নিচেই চিনাকি। এনেকুৱা ভাব এটা মনত থিত লগাই ল’লে সি।

( ৮ )

যিমানেই ভিতৰলৈ গৈছে, সিমানেই মোহিত হৈছে সি।প্ৰকৃতিৰ কি শান্ত, সুন্দৰ পৰিৱেশ। লুং লুঙীয়া বাট। এই যদি এঘণ্টামান ওপৰলৈ গৈছে পাহাৰৰ গা বগাই, আঠু কাঢ়ি, কাষৰ সৰু সৰু গছত ধৰি, লাঠিডালেৰে খোপনি পুতি, পাহৰৰ ওপৰ পোৱাৰ পাছত সিটো পাৰে আকৌ নামি গৈছে। নামি যাওঁ‌তে বেছি বিপদ। অলপ অসাৱধান হ’লেই হামখুৰি খাই পৰাৰ ভয় অটল তলিত।শৰীৰৰ একোৱেই নাথাকিব_ পৰিলে। মাজে সময়ে সিহঁ‌ত জিৰাইছে। লগত নিয়া পানী দুই এঢোক খাইছে। বিস্কুট আৰু ব্ৰেড খাইছে। আকৌ খোজ কাঢ়িছে।

ক’ৰবাত দুই এটা মেথোন।মাজে মাজে নাতি দূৰত কেইটামান চাং ঘৰেৰে মানুহৰ বস্তি একোটা।

বিপুলৰ ভাগৰ লাগিছিল। ভোকো লাগিছিল।কৰ্মঠ শৰীৰ হ’লেও এনেকুৱা পৰিশ্ৰম আগতে কৰা নাই সি।

হঠাতে কাণত পৰা শব্দ এটাত চকিত হ’ল সি। হ’য়, সেয়া পানীৰ শব্দ। তাৰ মানে নদী।

অলপ দূৰ নামি যোৱাৰ পাছতেই সিহঁ‌ত নদীৰ পাৰত উপস্থিত হ’ল। নদীৰ ফালে চাই বিপুল স্তব্ধ, হতবাক, আতংকিত। মাথো চাৰিডাল লোৰ ৰছী, দুডাল তলত , দুডাল ওপৰত কৰি নদীৰ দুয়োফালে প্ৰকাণ্ড গছত বান্ধি ওলোমা দলং এখন আৰি থোৱা আছে। মাজডোখৰ ধেনুৰ নিচিনাকৈ তললৈ দো খাই গৈছে।লোৰ ৰছী কেইডালত লতা আৰু সৰু সৰু লোহাৰ ৰছীৰে ইংৰাজী ইউ আখৰটোৰ নিচিনাকৈ গুঠি তলত চাৰিডাল মান বাঁহ পাৰি দিছে। সাংঘাতিক বিপদসংকুল।

তাৰ সঁ‌চাকৈয়ে ভয় লাগিল।

সিহঁতে অলপ জিৰণি ল’লে।সেইখিনি সময়তে এ এল চি কেইজনে তাক বুজালে যে ভয় নকৰিলে পাৰ হ’বলৈ একেবাৰে সহজ। তললৈ, পানীলৈ চাব নালাগে।চালেই মূৰ ঘূৰাই নদীত পৰি যাব। ৰছীত ধৰি লাহে লাহে খোজ দিব লাগিব।খোজ দিওঁ‌তে মাত্ৰ বাঁ‌হ কেইডালহে চাব লাগে, তাৰ তললৈ নহ’য়। জোৰেৰে খোজ দিলে দলংখন ভয়ানক ভাবে দুলিব। সেয়ে লাহে-লাহে খোজ দিব লাগে। একেলগে দুজনতকৈ বেছি দলঙত উঠিব নালাগে।

চাই থাকোতেই দুজন এ এল চি প্ৰকাণ্ড বোজা পিঠিত লৈ পাৰ হৈ গ’ল।

“বাবু আপুনি আগত হওক। মই একদম ওচৰতে থাকিম আপোনাৰ পিছত। চিন্তা নকৰিব। ৰছী এৰি নিদিব আৰু পানীলৈ নাচাব। ”

কিমান সময় লাগিল, কেনেকৈ পাৰ হ’ল সি যেন গমেই নাপালে। সি ঠিকেই পাৰ হৈ আহিল ওলোমা দলংখন।

“বাবু আপুনি পাৰিব বুলি মই কৈছিলোঁ নহ’য়। এতিয়া আগলৈ চিন্তা নাই।”— নেপালী এ এল চি জনে আনন্দৰে কলে।

“আৰু নদী আছে নেকি পাৰ হ’বলৈ-?” তাৰ চিন্তা হ’ল। সাহস, বিশ্বাস আহিছে। তথাপি ।

“আৰু বহুত আছে বাবু।টাকচিঙ পোৱালৈকে সোৱণশিৰী নদীখন সাপৰ নিচিনাকৈ এই পাহাৰবোৰৰ কাষে কাষে ঘূৰি ঘূৰি পাই থাকিম। বাৰে বাৰে পাৰ হ’ব লাগিব।”

খোজ কাঢ়ি, বগুৱা বাই, আঁ‌ঠু কাঢ়ি, ওলোমা দলং পাৰ হৈ অৱশেষত সিহঁ‌তে নিৰ্ধাৰিত প্ৰথম ট্ৰেনজিট কেম্প- অ’ৰাক পালেগৈ। কেম্প মানে শিলৰ বেৰেৰে আগুৰা গুহাৰ নিচিনা এডোখৰ ঠাই। বতাহ বৰষুণ আৰু জাৰৰ পৰা কিছু সকাহ পোৱা যাব।

ব্ৰেড, বিস্কুট, পানী খালেও সিহঁ‌তৰ ভোক লাগিছিল। তাৰ ভাগৰো লাগিছিল।

এ এল চি কেইজনে যন্ত্ৰৱৎ কাম কৰি গ’ল।
ঠাইখন চাফা কৰি দি তাক বেডিং পাৰি জিৰণি ল’বলৈ দিলে।কোনোবাই খৰি, কোনোবাই পানী – সকলো জোগাৰ কৰি ভাত ৰন্ধাত লাগিল। প্ৰথমে একাপ ৰঙা চাহ দিলে, বিস্কুটেৰে। আহ্ কি তৃপ্তি। চাহ খাই সি চকু দুটা মুদি দিলে। কথাবোৰ, অভিজ্ঞতাবোৰ কাৰোবাক ক’বলৈ মন গ’ল তাৰ।

চাই থাকোতেই ভাত হ’ল। ভাত, দাইল আৰু শুকান মাছৰ চাটনি। ভোক আৰু ভাগৰত ভাত কেইটা খাই বৰ তৃপ্তি পালে সি।

জাৰ বেছি হৈ আহিছিল। জুইকুৰা ৰাতিটো জ্বলি থকাকৈ ডাঙৰ শুকান খৰি দুডালমান জাপি দিলে সিহঁ‌তে।

( ৯ )

সেই একেই বিপদসংকুল ওলোমা দলং, পাহাৰৰ থিয় গৰাইদি বগুৱা বাই, আঁ‌ঠু কাঢ়ি ওপৰলৈ উঠা, খুপি খুপি জীৱ টো হাতত লৈ তললৈ নমা। যাত্ৰা অব্যাহত।

অ’ৰাকৰ পাছত টামাচুচুঙ, ডিজুবং আৰু ডাডুত একোটাকৈ ৰাতি কটাই পদযাত্ৰাৰ পঞ্চম দিনা সিহঁ‌ত টাকচিঙ পালে। আবেলি সময়ত।

গন্তব্যস্থান পাই তাৰ মনটো ভাল লাগিল।
এ এল চি কেইজনে তাক তাৰ কোৱাৰ্টাৰলৈ লৈ গ’ল।বাঁ‌হ, কাঠ আৰু টিনপাটৰ দ্বাৰা সঁ‌জা কোৱাৰ্টাৰ।

স্কেলমেন জন তাৰ কোৱাৰ্টাৰটোৰ পৰা ওলাই আহি চিনাকি হ’ল। স্থানীয় ডেকা এজন। অসমীয়া আৰু হিন্দী মিহলি কথা। স্কেলমেন জনে আঙুলি টোৱাই দেখুৱাই দিলে ওচৰতে থকা চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু আবাস, সিহঁ‌তৰ গুদাম ঘৰ, অলপ দূৰত হেলিপড য’ত পে – কুৰিয়াৰ চৰ্তি লৈ অহা হেলিকপ্টাৰ অৱতৰণ কৰে।AN-32 ৰ দ্ৰপিং জ’ন কিছু নিলগত।
কোৱাৰ্টাৰটোত সোমাই তাৰ ভাল লাগিল।

“চাৰ, আপুনি আজি আহি পাব বুলি মেচেজ পাইছিলোঁ, ভাত ৰেডি হৈ আছে। গৰমে গৰমে খাই লওক। চি ও (চক্ৰ বিষয়া) চাৰক ৰিপোৰ্ট কৰিব লাগিব নহ’য়।”– স্কেলমেন জনৰ মন প্ৰফুল্ল। বোধ হ’য় কামৰ বোজা পাতলিব কাৰণে।
কথা পাতি থাকোতেই চাহ আহিল।

“চাৰ এটা কথা পাহৰিছিলোঁৱেই। মোহনবাৰীৰ পৰা মেচেজ আহিছে কাইলৈ তিনিটা এ এন ৩২ দ্ৰপিং চৰ্তিৰ প্লেন। সেইবাবে চাৰ, দেৰি হ’লেও, চি ও চাৰক ৰিপোৰ্ট কৰি আপুনি আজিয়েই ষ্টোৰখিনি চাই বহীবোৰ আৰু নগদ খিনি চমজি ল’লে ভাল হ’য়। “— কথাখিনি কৈ স্কেলমেনজন পাকঘৰলৈ গ’ল।

—তাৰ মানে তাৰ চাকৰি সঁ‌চাকৈয়ে আৰম্ভ হ’ল। খিড়িকীৰে দূৰত বৰফেৰে ঢাক খাই থকা পৰ্বত শ্ৰেণী। সেইপিনেই চীন। বৰ বেছি দূৰ নহয় হেনো। কিমান দূৰ জানো!

খিড়িকীৰে চেঁ‌চা বতাহ আহি আছিল। সি খিড়িকীখন জপাই দিলে।

এটা নতুন জীৱনৰ বাবে সাজু হ’ল সি। এক ব্যতিক্ৰমী জীৱন। ভৈয়ামৰ তুলনাত কষ্টকৰ হ’ব পাৰে, কিন্তু শিহৰণ আছে, মাদকতা আছে। ঠাইখন, এতিয়ালৈকে লগ পোৱা মানুহবোৰ দেখি তেনেকুৱাই লাগিল তাৰ।

কামবোৰ সোনকালে শেষ কৰি যিমান পাৰি সিমান সোনকালে শুব লাগিব।কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব। খাদ্যবস্তুৰ দ্ৰপিং হ’ব।সিয়েই হিচাপ ৰাখিব লাগিব। ঘৰলৈ চিঠিও লিখিব লাগিব। মেঘালীলৈও।

বিপুলে পাকঘৰলৈ খোজ ল’লে।

 

(Scaleman- খাদ্য বস্তু জোখ-মাখ কৰা ষ্টোৰ কীপাৰৰ সহায়কাৰী

Monsoon Stocking — বাৰিষা বতৰ বেয়া হ’লে বিমান সেৱা ব্যাহত হয় বাবে বাৰিষাৰ আগতেই খাদ্যবস্তু বেছিকৈ মজুত কৰা ব্যৱস্থা)

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!