ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

টেলিপেথি ভাবনা,ঘাম,চকুপানী ইত্যাদি (মৌচুমী বড়ি)

টেলিপেথি ভাবনা,ঘাম,চকুপানী ইত্যাদি
মৌচুমী বড়ি

এটি টেলিপেথি ভাবনাৰ শেষত
কোমল কুঁহিপাতখিলা
বসন্তৰ প্রথমজাক বৰষুণত তিতিছিল।
কল্পলোকৰ পৰা এজনী পৰী আহি
যাদুকাঠীৰ পৰশেৰে সোণবৰণীয়া কৰিছিল সময়
সোণবৰণীয়া সময়বোৰ
সাধুকথা হৈ যিমানে পৃষ্ঠা ভৰিছিল,
কোনেও নজনাকৈ পৃষ্ঠাবোৰ
ঘাম আৰু চকুপানীৰে সিমানে তিতিছিল।
আৰু যিদিনা চিঞাহীবোৰ বিয়পি বিয়পি
বৰষুণজাকৰ স’তে মিলি পৰিছিল
সিদিনা টেলিপেথি ভাবনাৰ ওলোটা পিঠিত
আপেলৰঙী বেলিটো শুই নিঃপালি দিছিল।
 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!